--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বিগ বছ ১৪'ৰ প্ৰতিযোগী তথা বিজেপি নেত্ৰী সোণালী ফোগাটৰ মৃত্যু প্ৰতিদিনেই ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। পূৰ্বে তেওঁৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি কোৱা হৈছিল যদিও গোৱা আৰক্ষীৰ মতে, পাৰ্টিৰ সময়ত সোণালীক ড্ৰাগছ দিয়া হৈছিল। সোণালীৰ পৰিয়ালে তেওঁৰ পি এ সুধীৰ চাংৱানকে ধৰি বহু লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰে, তাৰ পিছত বিষয়টো সম্পূৰ্ণৰূপে জটিল হৈ পৰে। বিষয়টো এতিয়াও তদন্ত অব্যাহত আছে। তদুপৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 

শেহতীয়াকৈ ৰাখী সাৱন্তই এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে। তেওঁ বিগ বছত সহ-প্ৰতিযোগী হিচাপে থকা সোণালীৰ বহু গোপন কথা প্ৰকাশ কৰিছে। ৰাখী সাৱন্তে সোণালী ফোগাটৰ মৃত্যুৰ বিষয়ে কৈছিল, ''চাওক যেতিয়া মই সোণালীৰ মৃত্যুৰ কথা গম পালোঁ, প্ৰথম দিনৰ পৰাই তেওঁক হত্যা কৰা বুলি অনুভৱ কৰিলোঁ। সোণালী জীক হত্যা কৰা হৈছে। বিগ বছত মোৰ বহুত ভাল সময় পাৰ হৈছে তেওঁৰ লগত। সোণালীৰ বাবে তেওঁৰ ছোৱালীজনীয়ে জীৱন আছিল। পি এ সুধীৰ চাংৱানৰ সৈতে এক মধুৰ সম্পৰ্ক আছিল সোণালীৰ। সুধীৰ চাংৱান সোণালীৰ পি এ আছিল আৰু বন্ধুও আছিল, এতিয়া তেওঁ নাই, গতিকে ক’বলৈও ভাল নাপাওঁ কথাবোৰ। বৰ ভুল হ'ল সোণালীৰ লগত।'' 

ৰাখীয়ে লগতে কয় ''তেওঁৰ হাৰ্ট এটেক হোৱা নাই। চিবিআই আৰু আৰক্ষীয়ে বিষয়টো ভালকৈ চাব লাগে। মই বিজেপিক অনুৰোধ কৰিছো সোণালীক হত্যা কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। সুধীৰে সোণালীৰ কন্যাক অনাথ কৰি তুলিলে। ১ম দিনৰ পৰাই সুধীৰক মই সন্দেহ কৰিছিলোঁ, ১০ বাৰ মই তেওঁক লগ পাইছো। যিমানেই দেখিছিলো সিমানেই খং উঠিছিল। সোণালী ফোগাটক সুধিছিলোঁ তেওঁ কোন। সোণালীয়ে কৈছিল যে কোনো নহয়। তেওঁ মোৰ পি এ নহয় আৰু আমি ইজনে সিজনক ভাল পাওঁ। সুধীৰৰ চেহেৰাটো দেখাতেই ক্ৰিমিনেল যেন লাগে। যি ভাবিছিলো সেয়া সঁচা হ’ল। মোৰ বহুত বেয়া লাগিছে।''

ইয়াৰ পূৰ্বে বিগ বছ ১৪ত থকা আৰ্শী খানেও সোণালী ফোগাটৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ সোণালীৰ ন্যায়ৰ বাবেও অনুৰোধ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে কৈছিল, ‘আমি কেৱল বিগ বছৰ সময়তেই নহয়, শ্ব’টোৰ পিছতো ইজনে সিজনৰ লগত আছিলো। আমি বহুত সময় একেলগে পাৰ কৰিছিলোঁ। তেওঁ মোক মাৰ দৰে মৰম কৰিছিল। মই যেতিয়াই শ্বুটিং কৰিবলৈ গৈছিলো, তেওঁ মোৰ ওপৰত চকু ৰাখিছিল। তেওঁ মোক লৈ বহুত প্ৰটেক্টিভ আছিল। 

তথ্য অনুসৰি সোণালী ফোগাটৰ পি এয়ে ১২ হাজাৰ টকাত ড্ৰাগছ কিনি পানী মিহলাই সোণালীক খুৱাইছিল। ইয়াৰ পিছত সোণালীয়ে অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলে আৰু তেওঁৰ স্বাস্থ্য বহুত অৱনতি ঘটিছিল। এই গোচৰত ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী