--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বিগ বছ ১৪'ৰ প্ৰতিযোগী তথা বিজেপি নেত্ৰী সোণালী ফোগাটৰ মৃত্যু প্ৰতিদিনেই ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। পূৰ্বে তেওঁৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি কোৱা হৈছিল যদিও গোৱা আৰক্ষীৰ মতে, পাৰ্টিৰ সময়ত সোণালীক ড্ৰাগছ দিয়া হৈছিল। সোণালীৰ পৰিয়ালে তেওঁৰ পি এ সুধীৰ চাংৱানকে ধৰি বহু লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰে, তাৰ পিছত বিষয়টো সম্পূৰ্ণৰূপে জটিল হৈ পৰে। বিষয়টো এতিয়াও তদন্ত অব্যাহত আছে। তদুপৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 

শেহতীয়াকৈ ৰাখী সাৱন্তই এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে। তেওঁ বিগ বছত সহ-প্ৰতিযোগী হিচাপে থকা সোণালীৰ বহু গোপন কথা প্ৰকাশ কৰিছে। ৰাখী সাৱন্তে সোণালী ফোগাটৰ মৃত্যুৰ বিষয়ে কৈছিল, ''চাওক যেতিয়া মই সোণালীৰ মৃত্যুৰ কথা গম পালোঁ, প্ৰথম দিনৰ পৰাই তেওঁক হত্যা কৰা বুলি অনুভৱ কৰিলোঁ। সোণালী জীক হত্যা কৰা হৈছে। বিগ বছত মোৰ বহুত ভাল সময় পাৰ হৈছে তেওঁৰ লগত। সোণালীৰ বাবে তেওঁৰ ছোৱালীজনীয়ে জীৱন আছিল। পি এ সুধীৰ চাংৱানৰ সৈতে এক মধুৰ সম্পৰ্ক আছিল সোণালীৰ। সুধীৰ চাংৱান সোণালীৰ পি এ আছিল আৰু বন্ধুও আছিল, এতিয়া তেওঁ নাই, গতিকে ক’বলৈও ভাল নাপাওঁ কথাবোৰ। বৰ ভুল হ'ল সোণালীৰ লগত।'' 

ৰাখীয়ে লগতে কয় ''তেওঁৰ হাৰ্ট এটেক হোৱা নাই। চিবিআই আৰু আৰক্ষীয়ে বিষয়টো ভালকৈ চাব লাগে। মই বিজেপিক অনুৰোধ কৰিছো সোণালীক হত্যা কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। সুধীৰে সোণালীৰ কন্যাক অনাথ কৰি তুলিলে। ১ম দিনৰ পৰাই সুধীৰক মই সন্দেহ কৰিছিলোঁ, ১০ বাৰ মই তেওঁক লগ পাইছো। যিমানেই দেখিছিলো সিমানেই খং উঠিছিল। সোণালী ফোগাটক সুধিছিলোঁ তেওঁ কোন। সোণালীয়ে কৈছিল যে কোনো নহয়। তেওঁ মোৰ পি এ নহয় আৰু আমি ইজনে সিজনক ভাল পাওঁ। সুধীৰৰ চেহেৰাটো দেখাতেই ক্ৰিমিনেল যেন লাগে। যি ভাবিছিলো সেয়া সঁচা হ’ল। মোৰ বহুত বেয়া লাগিছে।''

ইয়াৰ পূৰ্বে বিগ বছ ১৪ত থকা আৰ্শী খানেও সোণালী ফোগাটৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ সোণালীৰ ন্যায়ৰ বাবেও অনুৰোধ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে কৈছিল, ‘আমি কেৱল বিগ বছৰ সময়তেই নহয়, শ্ব’টোৰ পিছতো ইজনে সিজনৰ লগত আছিলো। আমি বহুত সময় একেলগে পাৰ কৰিছিলোঁ। তেওঁ মোক মাৰ দৰে মৰম কৰিছিল। মই যেতিয়াই শ্বুটিং কৰিবলৈ গৈছিলো, তেওঁ মোৰ ওপৰত চকু ৰাখিছিল। তেওঁ মোক লৈ বহুত প্ৰটেক্টিভ আছিল। 

তথ্য অনুসৰি সোণালী ফোগাটৰ পি এয়ে ১২ হাজাৰ টকাত ড্ৰাগছ কিনি পানী মিহলাই সোণালীক খুৱাইছিল। ইয়াৰ পিছত সোণালীয়ে অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলে আৰু তেওঁৰ স্বাস্থ্য বহুত অৱনতি ঘটিছিল। এই গোচৰত ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু