--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত পাকিস্তানী মহিলা সীমা হাইদৰ আৰু শচীনৰ প্ৰেম কাহিনীয়ে দেশত চৰ্চাৰ বিষয় হৈ পৰিছে। ইফালে সীমা হাইদৰৰ বিৰুদ্ধেও পাকিস্তানী চোৰাংচোৱা বুলি অভিযোগ উত্থাপন হৈছে। একে সময়তে ইউ পি এ টি এছৰ দলে পাকিস্তানী বাসিন্দা সীমা হাইদাৰক জিম্মাত লৈছে আৰু এ টি এছে সীমা হাইদৰক গোপন স্থানত জেৰা আৰম্ভ কৰিছে। সীমা হাইদৰ আৰম্ভণিৰে পৰাই এ টি এছৰ ৰাডাৰত আছিল, তেওঁ নেপাল হৈ ভাৰতলৈ আহিছিল প্ৰেমিক শচীনক লগ কৰিবলৈ।এতিয়া এ টি এছৰ দলটোৱে হোৱাটছএপ কথোপকথন আৰু সকলো প্ৰমাণৰ ভিত্তিত অধিক অনুসন্ধান কৰিব।

ইয়াৰ সমান্তৰালকৈ সীমাৰ আইডি কাৰ্ড উচ্চায়ুক্তলৈ প্ৰেৰণ কৰা হৈছে আৰু সীমাৰ ককাক পাকিস্তান সেনাবাহিনীৰ চুবেদাৰ আৰু সীমাৰ ভাতৃ পাকিস্তানী জোৱান বুলি জানিব পৰা গৈছে। ভাৰতৰ নিৰাপত্তা সংস্থাই এতিয়া সীমাক জেৰা কৰিব। প্ৰেম কাহিনীৰ পৰা আৰম্ভ কৰি ভাৰতলৈ অহালৈকে সকলো দিশতে সোধা-পোছা কৰা হৈছে। ইউ পিৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে সীমা এগৰাকী পাকিস্তানী নাগৰিক আৰু তেওঁৰ ভাৰত আগমনত বহু সমস্যা আছে। এনে পৰিস্থিতিত তেওঁক জেৰা কৰাটো প্ৰয়োজনীয়, গতিকে দেশৰ নিৰাপত্তাৰ লগত জড়িত এনে সকলো সংস্থাই তেওঁক জেৰা কৰিব।

উল্লেখযোগ্য যে, সীমা আৰু শচীন মীনা ২০১৯ চনত PUBG খেলি থাকোঁতে ইজনে সিজনৰ সংস্পৰ্শলৈ আহিছিল আৰু তাৰ পাছত তেওঁলোকৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল। ইয়াৰ পাছত ২০২৩ চনৰ ১৩ মে’ত সীমা হাইদৰে নেপাল হৈ বাছত উঠি ভাৰতলৈ আহিছিল। উত্তৰ প্ৰদেশ আৰক্ষীৰ মতে, সীমা আৰু শচীন গ্ৰেটাৰ নয়ডাৰ ৰাবুপুৰা অঞ্চলত বাস কৰে, য’ত শচীনে গেলামালৰ দোকান চলায়। একে সময়তে ভিছা অবিহনে নেপালৰ মাজেৰে চাৰিটা সন্তানৰ সৈতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত যোৱা ৪ জুলাইত আৰক্ষীয়ে সীমাক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে শচীনক অবৈধ শৰণাৰ্থীক আশ্ৰয় দিয়াৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা হয়। যদিও দুয়োকে পিছত মুকলি কৰি দিয়া হৈছিল আৰু এতিয়া পুনৰ ইউ পি এ টি এছে সীমাক সোধা-পোছাৰ বাবে আটক কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস