--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত পাকিস্তানী মহিলা সীমা হাইদৰ আৰু শচীনৰ প্ৰেম কাহিনীয়ে দেশত চৰ্চাৰ বিষয় হৈ পৰিছে। ইফালে সীমা হাইদৰৰ বিৰুদ্ধেও পাকিস্তানী চোৰাংচোৱা বুলি অভিযোগ উত্থাপন হৈছে। একে সময়তে ইউ পি এ টি এছৰ দলে পাকিস্তানী বাসিন্দা সীমা হাইদাৰক জিম্মাত লৈছে আৰু এ টি এছে সীমা হাইদৰক গোপন স্থানত জেৰা আৰম্ভ কৰিছে। সীমা হাইদৰ আৰম্ভণিৰে পৰাই এ টি এছৰ ৰাডাৰত আছিল, তেওঁ নেপাল হৈ ভাৰতলৈ আহিছিল প্ৰেমিক শচীনক লগ কৰিবলৈ।এতিয়া এ টি এছৰ দলটোৱে হোৱাটছএপ কথোপকথন আৰু সকলো প্ৰমাণৰ ভিত্তিত অধিক অনুসন্ধান কৰিব।

ইয়াৰ সমান্তৰালকৈ সীমাৰ আইডি কাৰ্ড উচ্চায়ুক্তলৈ প্ৰেৰণ কৰা হৈছে আৰু সীমাৰ ককাক পাকিস্তান সেনাবাহিনীৰ চুবেদাৰ আৰু সীমাৰ ভাতৃ পাকিস্তানী জোৱান বুলি জানিব পৰা গৈছে। ভাৰতৰ নিৰাপত্তা সংস্থাই এতিয়া সীমাক জেৰা কৰিব। প্ৰেম কাহিনীৰ পৰা আৰম্ভ কৰি ভাৰতলৈ অহালৈকে সকলো দিশতে সোধা-পোছা কৰা হৈছে। ইউ পিৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে সীমা এগৰাকী পাকিস্তানী নাগৰিক আৰু তেওঁৰ ভাৰত আগমনত বহু সমস্যা আছে। এনে পৰিস্থিতিত তেওঁক জেৰা কৰাটো প্ৰয়োজনীয়, গতিকে দেশৰ নিৰাপত্তাৰ লগত জড়িত এনে সকলো সংস্থাই তেওঁক জেৰা কৰিব।

উল্লেখযোগ্য যে, সীমা আৰু শচীন মীনা ২০১৯ চনত PUBG খেলি থাকোঁতে ইজনে সিজনৰ সংস্পৰ্শলৈ আহিছিল আৰু তাৰ পাছত তেওঁলোকৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল। ইয়াৰ পাছত ২০২৩ চনৰ ১৩ মে’ত সীমা হাইদৰে নেপাল হৈ বাছত উঠি ভাৰতলৈ আহিছিল। উত্তৰ প্ৰদেশ আৰক্ষীৰ মতে, সীমা আৰু শচীন গ্ৰেটাৰ নয়ডাৰ ৰাবুপুৰা অঞ্চলত বাস কৰে, য’ত শচীনে গেলামালৰ দোকান চলায়। একে সময়তে ভিছা অবিহনে নেপালৰ মাজেৰে চাৰিটা সন্তানৰ সৈতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত যোৱা ৪ জুলাইত আৰক্ষীয়ে সীমাক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে শচীনক অবৈধ শৰণাৰ্থীক আশ্ৰয় দিয়াৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা হয়। যদিও দুয়োকে পিছত মুকলি কৰি দিয়া হৈছিল আৰু এতিয়া পুনৰ ইউ পি এ টি এছে সীমাক সোধা-পোছাৰ বাবে আটক কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ