--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক নতুন ৰীপত দেখা গ’ল ৰাহুল গান্ধীক।কংগ্ৰেছৰ সাংসদজনে পাহাৰৰ একা-বেঁকা বাটেৰে স্পৰ্টছ বাইক  চলাই উপস্থিত হ’ল লেহত। পিতৃ ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী উপলক্ষ্যে ৰাহুল গান্ধীয়ে এনেদৰে বাইক চলাই  সতীৰ্থৰ সৈতে লেহত উপস্থিত হ’ল।


ৰাহুল গান্ধীয়ে 'ভাৰত জোৰো যাত্ৰা'ত দক্ষিণ ভাৰতৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিছিল। জনসম্পৰ্ক গঢ়ি তোলাৰ তেওঁৰ সেই  কাৰ্যসূচী শাসকীয় বিজেপিৰ বাবে মূৰৰ বিষ হৈ পৰিছিল। তেতিয়াৰে পৰা ৰাহুল গান্ধীয়ে জনসম্পৰ্ক ৰক্ষা কৰিবলৈ  বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।কেতিয়াবা তেওঁ ডেলিভাৰী বয়ৰ  বাইকত উঠিছে , কেতিয়াবা পাচলি বিক্ৰেতাৰ সৈতে ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছে ...। এইবাৰ ৰাহুলে লেহলৈ বাইক চলাই গৈছে। 
 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Rahul Gandhi (@rahulgandhi)


লেহ জিলা কংগ্ৰেছৰ সভাপতি শ্বেৰিং নামগিয়ালে কৈছে যে  ৰাহুল গান্ধীয়ে শুক্ৰবাৰে জনবহুল প্ৰেক্ষাগৃহত  স্থানীয় শিশুসকলৰ সৈতে দীঘলীয়া সময় ধৰি  বাৰ্তালাপ কৰে। ৰাহুলৰ এই যাত্ৰা কেৱল জনসম্পৰ্কৰ বাবেই  নহয়, ইয়াৰ বিশেষ কাৰণো আছে। ৰাহুল গান্ধীয়ে ২০ আগষ্টত লেহত তেওঁৰ প্ৰয়াত  পিতৃ ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী পালন  কৰিব। ৱায়ানাডৰ সাংসদজনে সামাজিক মাধ্যমত লেহলৈ কৰা যাত্ৰাৰ  কেইবাখনো ছবি পোষ্ট কৰিছিল। ছবিত  তেওঁক হেলমেট পিন্ধি এখন স্পৰ্টছ বাইক চলাই থকা দেখা গৈছে। 

পোষ্টত তেওঁ শিৰোনাম দিছে "আমি পাংগং হ্ৰদৰ ফালে আগবাঢ়িছো । মোৰ দেউতাই কৈছিল যে এয়া  পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই।" খবৰ  অনুসৰি ৰাহুল শনিবাৰে পৰ্যটন শিবিৰত থাকিব। তাৰ পিছত তেওঁ পাংগং হ্ৰদত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী পালন কৰিব। জানিব পৰা মতে ৰাহুল গান্ধীয়ে  ২৫ আগষ্টলৈকে লাডাখত থাকিব।

জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত ৰাহুল গান্ধীৰ এয়া  প্ৰথম লেহ-লাডাখ ভ্ৰমণ। তেওঁৰ ভ্ৰমণ ৰাজনৈতিকভাৱেও গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। ওমৰ আব্দুল্লাৰ দলে  আগন্তুক কাৰ্গিলৰ পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে। ফলস্বৰূপে, ৰাহুলৰ উপস্থিতিক ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ হিচাপে বহুতে বিবেচনা কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ