--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক নতুন ৰীপত দেখা গ’ল ৰাহুল গান্ধীক।কংগ্ৰেছৰ সাংসদজনে পাহাৰৰ একা-বেঁকা বাটেৰে স্পৰ্টছ বাইক  চলাই উপস্থিত হ’ল লেহত। পিতৃ ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী উপলক্ষ্যে ৰাহুল গান্ধীয়ে এনেদৰে বাইক চলাই  সতীৰ্থৰ সৈতে লেহত উপস্থিত হ’ল।


ৰাহুল গান্ধীয়ে 'ভাৰত জোৰো যাত্ৰা'ত দক্ষিণ ভাৰতৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিছিল। জনসম্পৰ্ক গঢ়ি তোলাৰ তেওঁৰ সেই  কাৰ্যসূচী শাসকীয় বিজেপিৰ বাবে মূৰৰ বিষ হৈ পৰিছিল। তেতিয়াৰে পৰা ৰাহুল গান্ধীয়ে জনসম্পৰ্ক ৰক্ষা কৰিবলৈ  বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।কেতিয়াবা তেওঁ ডেলিভাৰী বয়ৰ  বাইকত উঠিছে , কেতিয়াবা পাচলি বিক্ৰেতাৰ সৈতে ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছে ...। এইবাৰ ৰাহুলে লেহলৈ বাইক চলাই গৈছে। 
 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Rahul Gandhi (@rahulgandhi)


লেহ জিলা কংগ্ৰেছৰ সভাপতি শ্বেৰিং নামগিয়ালে কৈছে যে  ৰাহুল গান্ধীয়ে শুক্ৰবাৰে জনবহুল প্ৰেক্ষাগৃহত  স্থানীয় শিশুসকলৰ সৈতে দীঘলীয়া সময় ধৰি  বাৰ্তালাপ কৰে। ৰাহুলৰ এই যাত্ৰা কেৱল জনসম্পৰ্কৰ বাবেই  নহয়, ইয়াৰ বিশেষ কাৰণো আছে। ৰাহুল গান্ধীয়ে ২০ আগষ্টত লেহত তেওঁৰ প্ৰয়াত  পিতৃ ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী পালন  কৰিব। ৱায়ানাডৰ সাংসদজনে সামাজিক মাধ্যমত লেহলৈ কৰা যাত্ৰাৰ  কেইবাখনো ছবি পোষ্ট কৰিছিল। ছবিত  তেওঁক হেলমেট পিন্ধি এখন স্পৰ্টছ বাইক চলাই থকা দেখা গৈছে। 

পোষ্টত তেওঁ শিৰোনাম দিছে "আমি পাংগং হ্ৰদৰ ফালে আগবাঢ়িছো । মোৰ দেউতাই কৈছিল যে এয়া  পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই।" খবৰ  অনুসৰি ৰাহুল শনিবাৰে পৰ্যটন শিবিৰত থাকিব। তাৰ পিছত তেওঁ পাংগং হ্ৰদত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী পালন কৰিব। জানিব পৰা মতে ৰাহুল গান্ধীয়ে  ২৫ আগষ্টলৈকে লাডাখত থাকিব।

জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত ৰাহুল গান্ধীৰ এয়া  প্ৰথম লেহ-লাডাখ ভ্ৰমণ। তেওঁৰ ভ্ৰমণ ৰাজনৈতিকভাৱেও গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। ওমৰ আব্দুল্লাৰ দলে  আগন্তুক কাৰ্গিলৰ পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে। ফলস্বৰূপে, ৰাহুলৰ উপস্থিতিক ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ হিচাপে বহুতে বিবেচনা কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস