--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সৌন্দৰ্যৰ বাবেই প্ৰত্যাখান কৰা হৈছিল এগৰাকী বলীউডৰ নায়িকাক৷ ধুনীয়া হোৱাৰ বাবেই অভিনয়ৰ পৰা বঞ্চিত হৈছিল এগৰাকী অভিনেত্ৰী৷ সৌন্দৰ্যক নায়িকাসকলৰ অন্যতম যোগ্যতা হিচাপে গণ্য কৰা হয়। নায়িকা যিমানেই ধুনীয়া হয় সিমানেই তেওঁৰ অনুৰাগী সংখ্যাও বাঢ়ি যায় আৰু লগতে কামত অগ্ৰাধিকাৰো লাভ কৰে৷ যিটো আপাতত: আপেক্ষিক ধাৰণা৷ কিন্তু বলীউডৰ অভিনেত্ৰী গৌহৰ খানৰ ক্ষেত্ৰত ঘটিছিল ব্যতিক্ৰমী ঘটনা৷ ধুনীয়া হোৱাৰ বাবে তেওঁক অভিনয়ৰ পৰা বঞ্চিত কৰা হৈছিল।

সেই চিনেমাখন আছিল ডেনি বয়েলৰ দ্বাৰা পৰিচালিত বিখ্যাত চিনেমা ‘শ্লামডগ মিলিয়নেয়াৰ’৷ যিখন চিনেমাই ছটাকৈ অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এই চিনেমাখনক বিশ্ব চিনেমা ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ চিনেমা হিচাপে গণ্য কৰা হয়৷

এই ছবিখনৰে এটা চৰিত্ৰৰ বাবে অডিচন দিছিল বলীউডৰ অভিনেত্ৰী গৌহৰ খানে। পাঁচবাৰ অডিচন দিয়াৰ অন্তত আগবাঢ়ি আহিছিল গৌহৰ খান। কিন্তু শেষত বেছি ধুনীয়া হোৱাৰ বাবে তেওঁক ড্ৰপ কৰা হৈছিল৷ ইফালে উক্ত ঘটনাৰ সন্দৰ্ভত আজিও অন্ত পৰা নাই গৌহাৰৰ আক্ষেপ। অভিনেত্ৰীগৰাকীৰ মতে তেওঁৰ জীৱনৰ এটা বৃহৎ ‘প্ৰজেক্ট’ ধুনীয়া হোৱাৰ বাবে হেৰাই গৈছিল।

অভিনেত্ৰীগৰাকীৰমতে বিখ্যাত চিনেমাখনৰ বাবে তেওঁ পাঁচটা অডিচন পাৰ কৰাৰ পাছত পঞ্চম ৰাউণ্ডত ডেনি বয়েলে তেওঁক  এজন উৎকৃষ্ট অভিনেতা বুলি অভিহিত কৰিছিল। আনহাতে সঁচাকৈয়ে তেওঁ ভাৰতত প্ৰশিক্ষণ লৈছেনে বুলিও প্ৰশ্ন কৰিছিল। ইফালে অভিনেত্ৰীগৰাকীৰ সেই সময়ত কোনো বিশেষ অভিজ্ঞতা নাছিল বুলিও গৌহৰে জানিবলৈ দিয়ে। শেষত ডেনি বয়েলে  অভিনেত্ৰী গৰাকীৰ চেহেৰাৰ বাবেই চিনেমাখনত ল’ব নোৱাৰিব বুলি তেওঁক অস্বীকাৰ কৰিছিল।

মন কৰিবলগীয়া যে ২০০৬ চনত মুক্তি লাভ কৰা ‘Slumdog Millionaire’ত যদি তেওঁ অভিনয় কৰিব পাৰিলেহেঁতেন তেন্তে সেই বিখ্যাত চিনেমাখনেই হ’লহেঁতেন গৌহাৰ খানৰ প্ৰথমখন চিনেমা।কিন্তু তাৰ পাছৰ বছৰতে অভিনেত্ৰীগৰাকীয়ে ‘ৰকেট সিং’ চিনেমাৰ জৰিয়তে বলীউডত খোজ পেলায়। তাৰ পৰৱৰ্তী সময়ত গৌহাৰ খানে ‘ইছাকজাদে’, ‘বদ্ৰীনাথ কী দুলহানিয়া’ আৰু ‘বেগমজান’ৰ দৰে বহুচৰ্চিত চিনেমাত অভিনয় কৰি দৰ্শকৰ বিপুল সঁহাৰি তথা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু