--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সৌন্দৰ্যৰ বাবেই প্ৰত্যাখান কৰা হৈছিল এগৰাকী বলীউডৰ নায়িকাক৷ ধুনীয়া হোৱাৰ বাবেই অভিনয়ৰ পৰা বঞ্চিত হৈছিল এগৰাকী অভিনেত্ৰী৷ সৌন্দৰ্যক নায়িকাসকলৰ অন্যতম যোগ্যতা হিচাপে গণ্য কৰা হয়। নায়িকা যিমানেই ধুনীয়া হয় সিমানেই তেওঁৰ অনুৰাগী সংখ্যাও বাঢ়ি যায় আৰু লগতে কামত অগ্ৰাধিকাৰো লাভ কৰে৷ যিটো আপাতত: আপেক্ষিক ধাৰণা৷ কিন্তু বলীউডৰ অভিনেত্ৰী গৌহৰ খানৰ ক্ষেত্ৰত ঘটিছিল ব্যতিক্ৰমী ঘটনা৷ ধুনীয়া হোৱাৰ বাবে তেওঁক অভিনয়ৰ পৰা বঞ্চিত কৰা হৈছিল।

সেই চিনেমাখন আছিল ডেনি বয়েলৰ দ্বাৰা পৰিচালিত বিখ্যাত চিনেমা শ্লামডগ মিলিয়নেয়াৰ৷ যিখন চিনেমাই ছটাকৈ অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এই চিনেমাখনক বিশ্ব চিনেমা ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ চিনেমা হিচাপে গণ্য কৰা হয়৷

এই ছবিখনৰে এটা চৰিত্ৰৰ বাবে অডিচন দিছিল বলীউডৰ অভিনেত্ৰী গৌহৰ খানে। পাঁচবাৰ অডিচন দিয়াৰ অন্তত আগবাঢ়ি আহিছিল গৌহৰ খান। কিন্তু শেষত বেছি ধুনীয়া হোৱাৰ বাবে তেওঁক ড্ৰপ কৰা হৈছিল৷ ইফালে উক্ত ঘটনাৰ সন্দৰ্ভত আজিও অন্ত পৰা নাই গৌহাৰৰ আক্ষেপ। অভিনেত্ৰীগৰাকীৰ মতে তেওঁৰ জীৱনৰ এটা বৃহৎ প্ৰজেক্টধুনীয়া হোৱাৰ বাবে হেৰাই গৈছিল।

অভিনেত্ৰীগৰাকীৰমতে বিখ্যাত চিনেমাখনৰ বাবে তেওঁ পাঁচটা অডিচন পাৰ কৰাৰ পাছত পঞ্চম ৰাউণ্ডত ডেনি বয়েলে তেওঁক  এজন উৎকৃষ্ট অভিনেতা বুলি অভিহিত কৰিছিল। আনহাতে সঁচাকৈয়ে তেওঁ ভাৰতত প্ৰশিক্ষণ লৈছেনে বুলিও প্ৰশ্ন কৰিছিল। ইফালে অভিনেত্ৰীগৰাকীৰ সেই সময়ত কোনো বিশেষ অভিজ্ঞতা নাছিল বুলিও গৌহৰে জানিবলৈ দিয়ে। শেষত ডেনি বয়েলে  অভিনেত্ৰী গৰাকীৰ চেহেৰাৰ বাবেই চিনেমাখনত লব নোৱাৰিব বুলি তেওঁক অস্বীকাৰ কৰিছিল।

মন কৰিবলগীয়া যে ২০০৬ চনত মুক্তি লাভ কৰা ‘Slumdog Millionaire’ত যদি তেওঁ অভিনয় কৰিব পাৰিলেহেঁতেন তেন্তে সেই বিখ্যাত চিনেমাখনেই হলহেঁতেন গৌহাৰ খানৰ প্ৰথমখন চিনেমা।কিন্তু তাৰ পাছৰ বছৰতে অভিনেত্ৰীগৰাকীয়ে ৰকেট সিংচিনেমাৰ জৰিয়তে বলীউডত খোজ পেলায়। তাৰ পৰৱৰ্তী সময়ত গৌহাৰ খানে ইছাকজাদে’, ‘বদ্ৰীনাথ কী দুলহানিয়াআৰু বেগমজানৰ দৰে বহুচৰ্চিত চিনেমাত অভিনয় কৰি দৰ্শকৰ বিপুল সঁহাৰি তথা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ