--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী ৰাখী সাৱন্ত আজিকালি বহুত সুখী। ৰিতেশৰ সৈতে বিচ্ছেদ ঘটাই ব্যৱসায়ী আদিল খান দুৰানীৰ সৈতে ৰাখীয়ে বৰ্তমান ডেটিং কৰি আছে। আদিলে ৰাখীক এখন বিএমডব্লিউ উপহাৰ দিছিল। ইয়াৰ উপৰিও ডুবাইৰ এটা বিলাসী ঘৰো ৰাখীৰ নামেৰে নামাকৰণ কৰিছে আদিলে। অভিনেত্ৰী গৰাকীয়ে নিজেই ঢোল পিটি সকলোকে এই কথা জনাইছিল। যি কি নহওক, ৰাখী আজিকালি য’তেই নাযাওক কিয় লগত সদায় নতুন প্ৰেমিকজনক লৈ যায়। বৰ্তমান দুয়োকে ভিন্ন স্থানত একেলগে দেখা যায়। এনেদৰে ঘূৰি-ফুৰি থাকোতে দুয়ো বহুদিন পাপ্পাৰাজীৰো সন্মুখীন হৈছে। পাপ্পাৰাজীক লগ পালে ৰাখী-আদিলে সদায় হাঁহি হাঁহি উত্তৰ দিয়ে। শেহতীয়াকৈ আদিলে সংবাদ মাধ্যমৰ আগত ডুবাইত ১০টা ঘৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে।

ৰাখী আৰু আদিলে এখন চেলুন মুকলি অনুষ্ঠানলৈ গৈছিল। তাতে ৰাখী সাৱন্তই আদিলৰ লগত ‘বিগ বছ’লৈ যোৱাৰ কথা ইংগিত দিয়ে। ৰাখীয়ে লগতে কয় যে যদি দুয়ো তালৈ যায় তেন্তে সকলোৱে ‘হীৰ-ৰাঞ্জা’, ‘লাইলা-মজনু’ৰ দৰে প্ৰেমিক যুটিক পাহৰি যাব। এতিয়া দুয়ো ‘বিগ বছ’লৈ যায় নে নাযায় তাৰ পিছে কোনো নিশ্চয়তা নাই। আদিলে বৰ্তমান ডুবাইত ১০টা ঘৰ ক্ৰয় কৰাৰ প্ৰস্তুতি চলাই আছে। ৰাখীয়ে এই সন্দৰ্ভত কয় যে, ‘আগতে আমি ডুবাইত এটা এপাৰ্টমেণ্ট কিনিছিলোঁ। এতিয়া আদিলে ১০টা ঘৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। কাৰণ ডুবাইত অতি সস্তীয়া এপাৰ্টমেণ্ট পোৱা যায়। অৰ্থাৎ ইয়াত তিনিটা ফ্লেট ল’লে ডুবাইৰ ১০ টা ফ্লেটৰ সমান। যদি কোনোবাই কিনিব বিচাৰে তেন্তে তেওঁ মোৰ লগত যোগাযোগ কৰিব পাৰে।

ৰাখী আৰু আদিল কেইদিনমান আগতে ডুবাইলৈ গৈছিল। তাৰ পৰা বহু ফটো আৰু ভিডিঅ’ও শ্বেয়াৰ হৈছিল ছ’চিয়েল মিডিয়াত৷ ৰাখীয়ে কয় যে, ‘আদিলে ডুবাইত মোৰ নামত এটা ঘৰ কিনিছে। তেওঁ মোক এখন BMW উপহাৰ দিলে। কিন্তু সঁচা কথা ক’বলৈ গ’লে তেওঁৰ মৰম মোৰ বাবে বহুত বেছি। তেওঁৰ মৰম সঁচা। তেওঁ বৰ সৎ। মোৰ প্ৰতি আদিল বৰ চিৰিয়াছ। কাৰণ ইমান সোনকালে আন কোনোবাই নিজৰ পৰিয়ালৰ লগত চিনাকি কৰাই দিয়ে নেকি?' উল্লেখ্য যে আদিল খান বেংগালুৰুৰ বাসিন্দা। পেছাত তেওঁ এজন ব্যৱসায়ী। ৰাখী সাৱন্ততকৈ বয়সত বহু সৰু আদিল খান। তেওঁৰ ভাই-ভনী আৰু পৰিয়াল ডুবাইত থাকে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু