--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী ৰাখী সাৱন্ত আজিকালি বহুত সুখী। ৰিতেশৰ সৈতে বিচ্ছেদ ঘটাই ব্যৱসায়ী আদিল খান দুৰানীৰ সৈতে ৰাখীয়ে বৰ্তমান ডেটিং কৰি আছে। আদিলে ৰাখীক এখন বিএমডব্লিউ উপহাৰ দিছিল। ইয়াৰ উপৰিও ডুবাইৰ এটা বিলাসী ঘৰো ৰাখীৰ নামেৰে নামাকৰণ কৰিছে আদিলে। অভিনেত্ৰী গৰাকীয়ে নিজেই ঢোল পিটি সকলোকে এই কথা জনাইছিল। যি কি নহওক, ৰাখী আজিকালি য’তেই নাযাওক কিয় লগত সদায় নতুন প্ৰেমিকজনক লৈ যায়। বৰ্তমান দুয়োকে ভিন্ন স্থানত একেলগে দেখা যায়। এনেদৰে ঘূৰি-ফুৰি থাকোতে দুয়ো বহুদিন পাপ্পাৰাজীৰো সন্মুখীন হৈছে। পাপ্পাৰাজীক লগ পালে ৰাখী-আদিলে সদায় হাঁহি হাঁহি উত্তৰ দিয়ে। শেহতীয়াকৈ আদিলে সংবাদ মাধ্যমৰ আগত ডুবাইত ১০টা ঘৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে।

ৰাখী আৰু আদিলে এখন চেলুন মুকলি অনুষ্ঠানলৈ গৈছিল। তাতে ৰাখী সাৱন্তই আদিলৰ লগত ‘বিগ বছ’লৈ যোৱাৰ কথা ইংগিত দিয়ে। ৰাখীয়ে লগতে কয় যে যদি দুয়ো তালৈ যায় তেন্তে সকলোৱে ‘হীৰ-ৰাঞ্জা’, ‘লাইলা-মজনু’ৰ দৰে প্ৰেমিক যুটিক পাহৰি যাব। এতিয়া দুয়ো ‘বিগ বছ’লৈ যায় নে নাযায় তাৰ পিছে কোনো নিশ্চয়তা নাই। আদিলে বৰ্তমান ডুবাইত ১০টা ঘৰ ক্ৰয় কৰাৰ প্ৰস্তুতি চলাই আছে। ৰাখীয়ে এই সন্দৰ্ভত কয় যে, ‘আগতে আমি ডুবাইত এটা এপাৰ্টমেণ্ট কিনিছিলোঁ। এতিয়া আদিলে ১০টা ঘৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। কাৰণ ডুবাইত অতি সস্তীয়া এপাৰ্টমেণ্ট পোৱা যায়। অৰ্থাৎ ইয়াত তিনিটা ফ্লেট ল’লে ডুবাইৰ ১০ টা ফ্লেটৰ সমান। যদি কোনোবাই কিনিব বিচাৰে তেন্তে তেওঁ মোৰ লগত যোগাযোগ কৰিব পাৰে।

ৰাখী আৰু আদিল কেইদিনমান আগতে ডুবাইলৈ গৈছিল। তাৰ পৰা বহু ফটো আৰু ভিডিঅ’ও শ্বেয়াৰ হৈছিল ছ’চিয়েল মিডিয়াত৷ ৰাখীয়ে কয় যে, ‘আদিলে ডুবাইত মোৰ নামত এটা ঘৰ কিনিছে। তেওঁ মোক এখন BMW উপহাৰ দিলে। কিন্তু সঁচা কথা ক’বলৈ গ’লে তেওঁৰ মৰম মোৰ বাবে বহুত বেছি। তেওঁৰ মৰম সঁচা। তেওঁ বৰ সৎ। মোৰ প্ৰতি আদিল বৰ চিৰিয়াছ। কাৰণ ইমান সোনকালে আন কোনোবাই নিজৰ পৰিয়ালৰ লগত চিনাকি কৰাই দিয়ে নেকি?' উল্লেখ্য যে আদিল খান বেংগালুৰুৰ বাসিন্দা। পেছাত তেওঁ এজন ব্যৱসায়ী। ৰাখী সাৱন্ততকৈ বয়সত বহু সৰু আদিল খান। তেওঁৰ ভাই-ভনী আৰু পৰিয়াল ডুবাইত থাকে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ