--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ধূম্ৰপান আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰে শৰীৰৰ মেদ বৃদ্ধিৰ লগতে কেন্সাৰ হোৱাৰো সম্ভাৱনা কঢ়িয়াই আনে৷ ২০১৯ চনত কেন্সাৰত আক্ৰান্ত ৪.৪৫ মিলিয়ন লোকৰ ৰোগৰ কাৰণ আছিল ধূম্ৰপান আৰু মাদক দব্যৰ ব্যৱহাৰ৷ এই তথ্য  অলপতে প্ৰকাশ  পাইছে ল্যানচেট আলোচনীত৷ 

এই তথ্যই গৱেষক তথা বিভিন্ন আঁচনি নিৰ্মাতা  সকলক  স্থানীয় তথা গোলকীয় পৰ্যায়ত  কেন্সাৰ হ্ৰাস কৰাৰ  বাবে পদক্ষেপ লোৱাত  সহায় কৰাৰ যথেষ্ট থল আছে৷ এই প্ৰতিবেদনে আনকি  ১৩ প্ৰকাৰৰ কেন্সাৰৰ কাৰণ সমূহো ফঁহিয়াই দেখুৱাইছে। 

“এই বিশ্লেষণে স্পষ্টকৈ বুজাই দিছে যে  কেন্সাৰৰ বোজা স্বাস্থ্যখণ্ডৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান ৷ আৰু ই সমগ্ৰ পৃথিৱীতে যথেষ্ট দ্ৰুত হাৰত বৃদ্ধি পাইছে”- এই মন্তব্য কৰিছে ক্ৰিষ্টোফাৰ মুৰে ৷

এই অধ্যয়নটোত দেখা গৈছে যে প্ৰায় ২.৮৮ মিলিয়ন মৃত্যৰ ভিতৰত পুৰুষৰ হাৰেই বেছি৷ ২.৮৮ মিলিয়নৰ মৃত্যুৰ ভিতৰত ৫০.৬ শতাংশই পুৰুষ৷ আনহাতে এই ক্ষেত্ৰত মহিলাৰ মৃত্যুৰ হাৰ কিছু কম৷ প্ৰায় ৩৬.৩ শতাংশ মহিলাই চিগাৰেট আৰু মাদক দ্ৰব্য সেৱন কৰাৰ বাবে মৃত্যু সাৱতি লয়৷ 


চিগাৰেট আৰু মাদক দ্ৰব্য সেৱনৰ ফলত কেন্দ্ৰীয় ইউৰোপৰ ১০০,০০০ জনৰ ভিতৰত ৮২ জনৰ ,ইষ্ট এচিয়াৰ ১০০,০০০ ভিতৰত ৬৯.৪ জনৰ মৃত্যু হৈছে আৰু  নৰ্থ আমেৰিকাত ১০০,০০০জনৰ ভিতৰত ৬৬.০ জনৰ মৃত্যু হয়৷ আনহাতে লেটিন আমেৰিকাত ১০০,০০০ জনৰ বিপৰীতে ৬৩.৮ জনৰ মৃত্যু হৈছে৷ 

 লগতে গৱেষক সকলে সদৰি কৰিছে যে  ৩৪ টা ব্যৱহাৰিক, পাৰিৱেশিক কাৰকে নতুন ২৩ প্ৰকাৰৰ কেন্সাৰৰ সৃষ্টি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ