--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কিছু বছৰৰ পৰা হাঁওফাঁওৰ কৰ্কট ৰোগে সংহাৰী ৰূপ ধাৰণ কৰিছে।ধূমপান, প্ৰদূষিত পৰিবেশ আদিয়েই ইয়াৰ মুখ্য কাৰণ বুলি ভবা হৈছে। সচৰাচৰ হোৱা কৰ্কট ৰোগবোৰৰ ভিতৰত ইয়ো এটাআন কৰ্কট ৰোগৰ তুলনাত হাঁওফাঁওৰ কৰ্কট ৰোগে প্ৰতিবছৰে অধিক লোকৰ প্ৰাণহানি ঘটাই  আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি হাঁওফাঁও কৰ্কট ৰোগত আক্ৰান্ত হোৱা পাঁচজনৰ ভিতৰত প্ৰায় এজনৰ মৃত্যু হয় । ২০১২ চনত বিশ্বত হাঁওফাঁওৰ কৰ্কট ৰোগী সংখ্যা আছিল ১.৮ নিযুত আছিল।২০১৮ চনত এই সংখ্যা আছিল ২.০৯ নিযুত। তদুপৰি, কেৱল ২০১৮ চনত হাঁওফাঁওৰ কৰ্কট ৰোগত ১.৭৬ নিযুত লোকে প্ৰাণ হেৰুৱাইছিল। বিশ্বত আন কৰ্কট ৰোগৰ তুলনাত হাঁওফাঁওৰ কৰ্কট ৰোগত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ১৭.৮ শতাংশ।

হাঁওফাঁওৰ কৰ্কট ৰোগৰ কিছুমান লক্ষণ হৈছে:- শ্লেষ্মাৰ পৰিৱৰ্তন , কাহিলে তেজ ওলোৱা, বুকু বা পিঠিৰ বিষ, বস্তু গিলাত অসুবিধা পোৱা  ইত্যাদি। ৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা। মূলতঃ জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবেই এই বয়সৰ লোকসকল কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পাইছে বুলি মাৰ্কিন গৱেষকৰ গৱেষণাত প্ৰকাশ পাইছে। শেহতীয়াকৈ এক অধ্যয়ন অনুসৰি ৫০ বছৰ বয়সৰ আগতে ধৰা পৰা কৰ্কট ৰোগৰ ঘটনা সমগ্ৰ বিশ্বতে ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

 ৫০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত হোৱা কৰ্কট ৰোগৰ ভিতৰত আছে হাঁওফাঁও, স্তন, মলাশয়, খাদ্যনলী, বৃক্ক, যকৃত আৰু অগ্ন্যাশয়ৰ কৰ্কট ৰোগ। সুৰা পান, টোপনি ক্ষতি, ধূমপান, মেদবহুলতা, আৰু উচ্চ মাত্ৰাত সংসাধিত খাদ্য গ্ৰহণ আদি কাৰকৰ বাবেই ৫০ বছৰৰ তলৰ অধিকাংশ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় বুলি গৱেষকসকলে কৈছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ধঁপাত সেৱনৰ ফলত প্ৰতি বছৰে প্ৰায় 8 নিযুত লোকৰ মৃত্যু হয় যাৰ ভিতৰত ১.২ নিযুত লোক নিষ্ক্ৰিয় ধূমপানৰ সংস্পৰ্শলৈ অহাৰ ফলত মৃত্যুক সাৱটি ল'বলগীয়া হয়। সেয়ে ধূমপানৰ পৰা বিৰত থাকি এটা সুস্থ জীৱন যাপন কৰিবলৈ ধূম্ৰপায়ীসকলে আজিৰেই পৰাই অংগীকাৰবদ্ধ হওঁক।

ধপাতজাত সামগ্ৰী, ঔদ্যোগিক সামগ্ৰী যেনে ইউৰেনিয়াম, এচবেষ্টছ, বিকিৰণ আদি, বায়ু প্ৰদূষণ, আৰু পুষ্টিৰ অভাৱৰ বাবে এনে কৰ্কট ৰোগ হোৱা দেখা যায়। শেহতীয়া অধ্যয়নবোৰে দেখুৱাইছে যে কাৰ্চিনোজেনিক সামগ্ৰীয়ে হাঁওফাঁওৰ কৰ্কটৰোগৰ আশংকা বৃদ্ধি কৰে।আমেৰিকান লাং এছ’চিয়েশ্যনৰ মতে প্ৰতি বছৰে ১.৬ নিযুত লোক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

ধূমপান হাঁওফাঁওৰ কৰ্কট ৰোগৰ আন এক প্ৰধান কাৰক  হাঁওফাঁওৰ কৰ্কট ৰোগৰ ৯৪ শতাংশৰ বাবে ধূমপান দায়ী।ধূমপান নকৰা লোকৰ তুলনাত ধূমপান কৰা লোকৰ ক্ষেত্ৰত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ২৪ ৰ পৰা ৩৬ গুণ বেছি। নিষ্ক্ৰিয় ধূমপানত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ৩.৫ শতাংশ। যদিহে আপুনি সঁচাকৈয়ে ধূমপান ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে তেন্তে আপুনি জানিব আপুনি জীৱনক, আপোনাৰ পৰিয়ালক, সমাজক অধিক ভালপাবলৈ আৰম্ভ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
অমিত শ্বাহে উন্মোচন কৰিলে অসমৰ বান বিষয়ক মানচিত্র
তীব্র হৈছে ইজৰাইল-ইৰানৰ যুদ্ধ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?