--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ বৃদ্ধিৰ বাবে খাদ্য খোৱাটো অতি প্ৰয়োজনীয় কথা৷ সঠিক মাত্ৰাত সঠিক পুষ্টিদায়ক আহাৰ নাখালে আমাৰ শৰীৰটো ভালদৰে বাঢ়িব নোৱাৰে৷ বহুতে দেহৰ উচ্চতা কম হোৱা বাবেও মনতে অসন্তুোষ কৰা দেখা যায়৷ দৰাচলতে কেতবোৰ বিশেষ খাদ্য শৰীৰৰ বৃদ্ধিৰ বাবে ইতি প্ৰয়োজনীয়৷ এনে খাদ্য শিশু অৱস্থাৰে পৰাই খালে দেহৰ উচ্চতা আদি সঠিক ভাবে বাঢ়িব পাৰে৷শৰীৰৰ উচ্চতা বৃদ্ধিত সহায় কৰা কেইবিধমান আহাৰ এনেধৰণৰ
১. গাখীৰ:
গাখীৰে আমাৰ দেহক পুষ্টি প্ৰদান কৰাৰ লগতে নানান ৰোগৰ বিৰুদ্ধে যুঁজ দিব  পৰাকৈ শৰীৰৰ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে৷
গাখীৰে শৰীৰৰ উচ্চতা বৃদ্ধিতো বিশেষ  ভূমিকা পালন কৰে। গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়ামৰ থাকে। শৰীৰৰ বৃদ্ধিৰ বাবে কেলচিয়ামৰ অতি প্ৰয়োজন৷কেলচিয়ামৰ উপৰিও গাখীৰত ভিটামিন-এ যথেষ্ট পৰিমানে পোৱা যায়। গাখীৰত থকা প্ৰটিনে শৰীৰৰ কোষসমূহৰ বৃদ্ধিত সহায় কৰে।দৈনিক দুইৰ পৰা তিনি গিলাছ  গাখীৰ খাব পাৰিলে দেহৰ বৃদ্ধি দ্ৰুত হ’ব৷

২.কণী:
দেহৰ বৃদ্ধিত সহায় কৰে কণীয়েও৷দেহ গঠনৰ বাবে  কণী অতি প্ৰয়োজনীয় খাদ্য। কণীত অতি বেছি পৰিমানে প্ৰ’টিন থাকে৷  ফলত কণীয়ে কোষৰ বৃদ্ধিত সহায় কৰে। দৈনিক দুটাকৈ কণী খাব পাৰি  শৰীৰৰ উচ্চতা বৃদ্ধিত সহায়ক হ’ব৷

৩.কুকুৰাৰ মাংস:
দেহৰ সঠিক বিকাশৰ বাবে মাংসৰো প্ৰয়োজন হয়৷বিশেষকৈ কুকুৰাৰ মাংসত বহু  প্ৰ’টিন থাকে আৰুএই প্ৰ’টিনে শৰীৰৰ পেশীসমূহৰ গঠন আৰু বৃদ্ধিত সহায় কৰে।  কুকুৰাৰ মাংসই সেয়ে দেহৰ উচ্চতা বৃদ্ধিত সহায় কৰিব পাৰে৷ তদুপৰি ই দেহক প্ৰয়োজনীয় প্ৰ’টিনৰো যোগান ধৰিব পাৰে৷

৪ শাক-পাচলি আৰু ফল-মূল:
শাক-পাচলি আৰু ফল-মূলে দেহৰ বৃদ্ধিত সহায় কৰে৷ সেয়ে নিতৌ কমেও এবিধ হ’লেও ফল খোৱাৰ অভ্যাস কৰিব লাগে৷
 শাক-পাচলি আৰু ফল-মূলে শৰীৰৰ স্বাস্থ্যৱান কৰিৰাখে। গাজৰ, ৰঙালাও, বীন,অমিতা, মিঠা আলু আদি পাচলিয়ে শৰীৰৰ উচ্চতা বৃদ্ধিত সহায় কৰে। এই সমূহ পাচলিত যথেষ্ট পৰিমানে ভিটামিন-চি আৰু আন খনিজ পদাৰ্থ পোৱা যায়৷সেয়ে নিয়মিত উল খোৱাটো অভ্যাস হিচাবে গঢ় দিব লাগে৷ ফল মানে যে বজাৰৰ পৰা কিনি অনা দামী ফল হ’ব লাগিব তেনে কোনো কথা নাই৷ সহজতে পোৱা বতৰৰ ফল-মূলতো সমানেই উপকাৰিতা পোৱা যায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ