--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ এজন জ্যেষ্ঠ নেতাক  আক্ৰমণৰ  পৰিকল্পনা কৰি থকা এজন ইছলামিক ষ্টেট (আইএছ) আত্মঘাতি বোমাৰুক ৰাছিয়াই  আটক কৰিছে বুলি  সোমবাৰে ৰাছিয়াৰ সংবাদ সংস্থা আৰ আই এ নোভোস্তিয়ে দাবী কৰিছে৷

সংবাদ সংস্থাটোৱে মুকলি কৰা এটা ভিডিঅ'ত নিজকে 'আজমভ' বুলি পৰিচয় দিয়া ব্যক্তি এজনক দেখা গৈছিল৷ আনকি এই  ব্যক্তিজনে  ৰাছিয়াৰ সংবাদ সংস্থাটোৱে  দাবী কৰা সকলো কথা মানি লৈছিল । ব্যক্তিজন  মধ্য এছিয়াৰ এখন দেশৰ নাগৰিক বুলি জানিব পৰা গৈছে ৷ 

বন্দীজনে ভিডিঅ'টোত কয় যে,“২০২২ চনত মই ৰাছিয়ালৈ উৰা মাৰিছিলো৷ য'ৰ পৰা মোৰ  ভাৰতলৈ যোৱাৰ পৰিকল্পনা  আছিল। ভাৰতত, পয়গম্বৰ মুহম্মদক অপমান কৰাৰ বাবে ইছলামিক ষ্টেটৰ নিৰ্দেশত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিবলৈ কোৱা হৈছিল আৰু সকলো প্ৰয়োজনীয় বস্তু যোগান ধৰাৰ কথা আছিল।” 

লগতে  ৰাছিয়াৰ ফেডাৰেল চিকিউৰিটি চাৰ্ভিচে (এফএছবি) দেশখনৰ চোৰাংচোৱা সংস্থাই আই এছ আই এছ সন্ত্ৰাসবাদীক আটক কৰা সন্দৰ্ভত নিজৰ বিবৃতি প্ৰকাশ কৰিছে৷

এফ এছ বিবৃতিত কোৱা হৈছে যে,  এফ এছ বিয়ে নিষিদ্ধ ঘোষিত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ এজন সদস্যক চিনাক্ত আৰু আটক কৰে৷ এই ব্যক্তিজনে  ভাৰতৰ শাসকীয় চক্ৰৰ এজন প্ৰতিনিধিৰ বিৰুদ্ধে আত্ম-বিস্ফোৰণৰ দ্বাৰা সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল৷ 

বিবৃতিটোত লগতে কোৱা হৈছে যে, আটক কৰা ব্যক্তিজনক  এজন আই এছ নেতাই তুৰস্কত আত্মঘাতি বোমাৰু হিচাপে নিয়োগ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু