--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ এজন জ্যেষ্ঠ নেতাক  আক্ৰমণৰ  পৰিকল্পনা কৰি থকা এজন ইছলামিক ষ্টেট (আইএছ) আত্মঘাতি বোমাৰুক ৰাছিয়াই  আটক কৰিছে বুলি  সোমবাৰে ৰাছিয়াৰ সংবাদ সংস্থা আৰ আই এ নোভোস্তিয়ে দাবী কৰিছে৷

সংবাদ সংস্থাটোৱে মুকলি কৰা এটা ভিডিঅ'ত নিজকে 'আজমভ' বুলি পৰিচয় দিয়া ব্যক্তি এজনক দেখা গৈছিল৷ আনকি এই  ব্যক্তিজনে  ৰাছিয়াৰ সংবাদ সংস্থাটোৱে  দাবী কৰা সকলো কথা মানি লৈছিল । ব্যক্তিজন  মধ্য এছিয়াৰ এখন দেশৰ নাগৰিক বুলি জানিব পৰা গৈছে ৷ 

বন্দীজনে ভিডিঅ'টোত কয় যে,“২০২২ চনত মই ৰাছিয়ালৈ উৰা মাৰিছিলো৷ য'ৰ পৰা মোৰ  ভাৰতলৈ যোৱাৰ পৰিকল্পনা  আছিল। ভাৰতত, পয়গম্বৰ মুহম্মদক অপমান কৰাৰ বাবে ইছলামিক ষ্টেটৰ নিৰ্দেশত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিবলৈ কোৱা হৈছিল আৰু সকলো প্ৰয়োজনীয় বস্তু যোগান ধৰাৰ কথা আছিল।” 

লগতে  ৰাছিয়াৰ ফেডাৰেল চিকিউৰিটি চাৰ্ভিচে (এফএছবি) দেশখনৰ চোৰাংচোৱা সংস্থাই আই এছ আই এছ সন্ত্ৰাসবাদীক আটক কৰা সন্দৰ্ভত নিজৰ বিবৃতি প্ৰকাশ কৰিছে৷

এফ এছ বিবৃতিত কোৱা হৈছে যে,  এফ এছ বিয়ে নিষিদ্ধ ঘোষিত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ এজন সদস্যক চিনাক্ত আৰু আটক কৰে৷ এই ব্যক্তিজনে  ভাৰতৰ শাসকীয় চক্ৰৰ এজন প্ৰতিনিধিৰ বিৰুদ্ধে আত্ম-বিস্ফোৰণৰ দ্বাৰা সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল৷ 

বিবৃতিটোত লগতে কোৱা হৈছে যে, আটক কৰা ব্যক্তিজনক  এজন আই এছ নেতাই তুৰস্কত আত্মঘাতি বোমাৰু হিচাপে নিয়োগ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ