--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ফ্ৰান্সৰ জ্যোতিষী নষ্ট্ৰাডামাছে ৫০০ বছৰ আগতেই আগন্তুক ২০২৩ চনৰ ভৱিষ্যদ্বাণী কৰিছিল। তেওঁৰ মতে ২০২৩ বৰ্ষটো হ’ব পাৰে ভয়ংকৰ। ১৫৫৫ চনত নষ্ট্ৰাডামাছে তেওঁৰ লেছ প্ৰফেচিজ গ্ৰন্থ প্ৰকাশ কৰিছিল ৯৪২টা এনে ভৱিষ্যদ্বাণী।

 ২০২৩ চনৰ বাবে ভয়ংকৰ ভৱিষ্যদ্বাণী-

লণ্ডনৰ গ্ৰেট ফায়াৰ, হিটলাৰৰ ৰেইন অব টেৰ’ৰ, ১১ ছেপ্টেম্বৰৰ দৰে পৰিঘটনাকে ধৰি তেওঁৰ ভৱিষ্যদ্বাণীৰ বাস্তৱ সময় সমাগত। বহুতে বিশ্বাস কৰে যে নষ্ট্ৰাডামাছে জন এফ কেনেডীৰ হত্যা আৰু ফৰাচী বিপ্লৱ দুয়োটাৰে ভৱিষ্যদ্বাণী কৰিছিল। মিৰৰে কয় যে নষ্ট্ৰাডামাছৰ কিছু ভৱিষ্যদ্বাণী আছে যিবোৰ ২০২৩ চনত সঁচা হ’ব পাৰে। জীৱন-যাপনৰ ব্যয়ৰ সমস্যা আৰু ইউক্ৰেইনত চলি থকা সংঘাতৰ বাবে ২০২২ চনটো দুৰ্বিসহ বছৰ হ’ব বুলিও ভৱিষ্যদ্বাণী কৰিছিল তেওঁ। ২০২৩ চনৰ বাবে কৰা ভৱিষ্যদ্বাণীকেইটা জানি লওক।

 ২০২৩ চনত বৃহৎ যুদ্ধৰ ভৱিষ্যদ্বাণী কৰিছে নষ্ট্ৰাডামাছে। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি যুদ্ধই তৃতীয় বিশ্বযুদ্ধলৈ ৰূপান্তৰ হ’ব পাৰে। এনে পৰিস্থিতিত নষ্ট্ৰাডামাছৰ এই ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হোৱা সম্ভাৱনা আছে। ভৱিষ্যদ্বাণীত এইটোও কোৱা হৈছিল যে তৃতীয় বিশ্বযুদ্ধৰ ক্ষেত্ৰত ফ্ৰান্সৰ ৰ’ৱেন চহৰখন নিৰাপদ হ’ব, অৰ্থাৎ পেৰিছ বিপদত পৰিব পাৰে।

 মংগল গ্ৰহত অৱতৰণ-

নষ্ট্ৰাডামাছেও তেওঁৰ ভৱিষ্যদ্বাণীত ইংগিত দিছে যে মানুহ মংগল গ্ৰহলৈ যাব। মানুহে মংগল গ্ৰহলৈ গৈ তাত জীৱনৰ সন্ধানত সফলতা লাভ কৰিব। শেহতীয়াকৈ টুইটাৰ অধিগ্ৰহণ কৰা ইলন মাস্কে দীৰ্ঘদিন ধৰি ভৱিষ্যদ্বাণী কৰি আহিছে যে ২০২৯ চনৰ ভিতৰত মানৱে মংগল গ্ৰহত ভৰি দিব। দশকৰ শেষৰ পূৰ্বে মংগল গ্ৰহত থিতাপি লোৱাৰ ইচ্ছাৰ বিষয়ে ৰাজহুৱাভাৱে কৈছে মাস্কে।

 অৰ্থনৈতিক সংকট-

কোভিড-১৯ৰ প্ৰাদুৰ্ভাৱ আৰু ইউক্ৰেইনত চলি থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বতে অৰ্থনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে। এই সংকটৰব বিশ্লেষণত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব পাৰে, মানুহ হতাশা আৰু অশান্তিৰ ভোগাৰ ভৱিষ্যদ্বাণী আছিল। নষ্ট্ৰাডামাছে ভৱিষ্যদ্বাণী কৰিছে যে ২০২৩ চনৰ ভিতৰত শক্তিৰ ব্যয় বৃদ্ধি, মুদ্ৰাস্ফীতি আৰু খাদ্যৰ মূল্যবৃদ্ধিৰ বাবে জীৱন-যাপনৰ ব্যয় সংকটৰ সন্মুখীন হ’ব।

 জলবায়ু পৰিৱৰ্তন-

গোলকীয় উষ্ণতা বৃদ্ধি কোনো নতুন বিষয় নহয় যদিও নষ্ট্ৰাডামাছে ভৱিষ্যদ্বাণী কৰিছে যে ২০২৩ চনতো তাপমাত্ৰা বৃদ্ধি পাব আৰু সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাব।

 মানসিক অশান্তি বাঢ়িব-

জীৱন-যাপনৰ ব্যয় আৰু গোলকীয় উষ্ণতাৰ ফলত ২০২৩ চনত সমগ্ৰ মানৱ জাতিৰ অশান্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

 জুই বৰষুণ হ’ব-

নষ্ট্ৰাডামাছে তেওঁৰ আন এটা প্ৰবন্ধত ‘ৰজাৰ ঘৰত আকাশী জুই’ৰ ভৱিষ্যদ্বাণী কৰিছে। এই ভৱিষ্যদ্বাণী অতি অশুভ। ইয়াক প্ৰলয়ৰ সময় বুলি এক অশুভ সংকেতৰ কথা বাইবেলতো উল্লেখ আছে। ইয়াক ইতিহাসৰ অন্ত পৰাৰ চিন বুলি গণ্য কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক