--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰাচীনতম বাসিন্দাৰ ১৯০তম জন্মদিন। সেই উপলক্ষে সজাই তোলা হৈছে দক্ষিণ আটলাণ্টিকৰ চেইণ্ট হেলেনা নামৰ দ্বীপটো। ফুল আৰু পোহৰেৰে আলোকিত কৰা হৈছে দ্বীপটো।

দ্বীপটোত বাস কৰা বিশ্বৰ প্ৰাচীনতম বাসিন্দা আন কোনো নহয়, জোনাথন নামৰ এটা বৃহাদাকাৰ এটা কাছহে। জোনাথনৰ জন্ম হৈছিল ১৮৩২ চনত, চিচিলিত। ১৮৮২ চনত তাক চিচিলিৰ পৰা চেইণ্ট হেলেনালৈ লৈ অহা হয়। তাৰপাছৰে পৰা সি বিশ্বৰ বিভিন্ন ঘটনাৱলীৰ সাক্ষী হৈ আহিছে। মাটিত ঘূৰা পকা কৰা জীৱৰ ভিতৰত জোনাথনকে আটাইতকৈ বয়সীয়াল প্ৰাণী হিচাপে গণ্য কৰা হয়।

বৰ্তমান জোনাথনৰ বাসস্থান চেইণ্ট হেলেনাৰ গভৰ্ণৰৰ বাসভৱন। জন্মদিন উপলক্ষে বাসভৱনৰ দৰ্জা খুলি ৰখা হৈছে। দৰ্শনাৰ্থীয়ে জোনাথনক আহি আশীষ প্ৰদান কৰিছে।

জনাথনৰ বয়স সম্পৰ্কেও ভিন্ন মত পোৱা যায়। চেইণ্ট হেলেনাৰ পৰ্যটন বিভাগৰ মুৰব্বী মেট জোশুৱাৰ মতে, জোনাথনৰ আচল বয়স ২০০ পাৰ হৈ গৈছে।

বয়সৰ ভাৰত সম্প্ৰতি দৃষ্টিশক্তি আৰু ঘ্ৰাণশক্তি হেৰাইছে জোনাথনৰ। কিন্তু শ্ৰৱণশক্তি অটুত আছে। জোনাথনৰ চিকিৎসকসকলে জনাইছে যে তাৰ মন, শৰীৰ ভালে থাকিলে মেজাজ ভালে থাকে। ৰাতিপুৱাৰ ৰ’দত ওম লৈ ভাল পায় জোনাথনে।

জোনাথনৰ লগত গভৰ্ণৰৰ বাসভৱনত আৰু তিনিটা বৃহদাকাৰ কাছই বাস কৰে। সিহঁতৰ নাম হৈছে- ডেভিড, এমা আৰু ফ্ৰেড। আটাইকেওটা কাছৰে এশ পাৰ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক