--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বিশেষ ফটোৰ বাবে দেশজুৰি চৰ্চিত হৈ পৰিছে। সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে প্ৰধানমন্ত্ৰী মোদীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৩ আৰু ১৪ ডিচেম্বৰত বাৰণসীত উপস্থিত আছিল। এই সময়চোৱাত মোদীয়ে কাশী বিশ্বনাথ ক'ৰিডৰ প্ৰজেক্টৰ শুভ উদ্বোধন কৰাৰ লগতে গংগাৰ আৰতিতো অংশগ্ৰহণ কৰে। বাৰাণসী ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদীক ব্যক্তিগতভাৱে লগ কৰিবলৈ আহিছিল এগৰাকী দিব্যাংগ (বিশেষভাৱে সক্ষম) মহিলা। সেই মহিলাগৰাকীৰ ভৰি চুই আশীৰ্বাদ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে। এই ছবিয়ে লাখ লাখ ভাৰতীয়ৰ হৃদয়ত এক অমলিন প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

১৩ ডিচেম্বৰত বাৰাণসীত কাশী বিশ্বনাথ ক'ৰিডৰ প্ৰকল্প উদ্বোধন কৰাৰ অলপ পাছতে শিখা ৰাস্তোগী নামৰ এগৰাকী বিশেষভাৱে সক্ষম মহিলাই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ আহিছিল।মহিলাগৰাকীক দেখি প্ৰধানমন্ত্ৰীয়ে তৎক্ষণাৎ তেওঁৰ সুস্থতাৰ বিষয়ে সুধিছিল আৰু যেতিয়া শিখাই প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ ল'বলৈ আগবাঢ়ি আহিছিল, প্ৰধানমন্ত্ৰীয়ে তেওঁক বাধা দিছিল আৰু নিজে শিখাৰ ভৰি চুই আশীৰ্বাদ লৈছিল। বিশ্বৰ অন্যতম শক্তিশালী ৰাজনৈতিক নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে এগৰাকী দিব্যাংগ মহিলাৰ ভৰি চুই আশীৰ্বাদ লোৱা দৃশ্যই তাত উপস্থিত থকা সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল। শিখা ৰাস্তোগী প্ৰধানমন্ত্ৰীৰ এই কাৰ্যত আৱেগিক হৈ পৰে আৰু হাতযোৰ কৰি থিয় হৈ প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা আৰু সন্মান প্ৰকাশ কৰে। ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো আগবাঢ়ি আহি মহিলাগৰাকীক শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীয়ে মহিলাগৰাকীৰ ভৰি স্পৰ্শ কৰা ছবিখন নিমিষতে ভাইৰেল হৈ পৰে আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ হয়। বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ভানাথি শ্ৰীনিবাসনেও ছবিখন টুইটাৰত শ্বেয়াৰ কৰিছে আৰু ইয়াক ''সকলো মহিলা শক্তিৰ প্ৰতি সন্মান'' বুলি অভিহিত কৰিছে। তেওঁ কয় যে "এয়া সকলো মহিলা শক্তিৰ বাবে এক ডাঙৰ সন্মান। আমি সকলোৱে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ গৌৰৱান্বিত।বৃদ্ধ নাগৰিক, মহিলা আৰু শিশুসকলৰ প্ৰতি গভীৰ সন্মানৰ বাবে জনাজাত প্ৰধানমন্ত্ৰীৰ এই কাৰ্যই সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছে।''

আৰু পঢ়কঃ বিশ্বৰ প্ৰথমটো মেছেজ হ’ব বিক্ৰী! নিলামত ২ কোটি টকালৈকে উঠিছে দাম


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি