--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বিশেষ ফটোৰ বাবে দেশজুৰি চৰ্চিত হৈ পৰিছে। সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে প্ৰধানমন্ত্ৰী মোদীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৩ আৰু ১৪ ডিচেম্বৰত বাৰণসীত উপস্থিত আছিল। এই সময়চোৱাত মোদীয়ে কাশী বিশ্বনাথ ক'ৰিডৰ প্ৰজেক্টৰ শুভ উদ্বোধন কৰাৰ লগতে গংগাৰ আৰতিতো অংশগ্ৰহণ কৰে। বাৰাণসী ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদীক ব্যক্তিগতভাৱে লগ কৰিবলৈ আহিছিল এগৰাকী দিব্যাংগ (বিশেষভাৱে সক্ষম) মহিলা। সেই মহিলাগৰাকীৰ ভৰি চুই আশীৰ্বাদ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে। এই ছবিয়ে লাখ লাখ ভাৰতীয়ৰ হৃদয়ত এক অমলিন প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

১৩ ডিচেম্বৰত বাৰাণসীত কাশী বিশ্বনাথ ক'ৰিডৰ প্ৰকল্প উদ্বোধন কৰাৰ অলপ পাছতে শিখা ৰাস্তোগী নামৰ এগৰাকী বিশেষভাৱে সক্ষম মহিলাই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ আহিছিল।মহিলাগৰাকীক দেখি প্ৰধানমন্ত্ৰীয়ে তৎক্ষণাৎ তেওঁৰ সুস্থতাৰ বিষয়ে সুধিছিল আৰু যেতিয়া শিখাই প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ ল'বলৈ আগবাঢ়ি আহিছিল, প্ৰধানমন্ত্ৰীয়ে তেওঁক বাধা দিছিল আৰু নিজে শিখাৰ ভৰি চুই আশীৰ্বাদ লৈছিল। বিশ্বৰ অন্যতম শক্তিশালী ৰাজনৈতিক নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে এগৰাকী দিব্যাংগ মহিলাৰ ভৰি চুই আশীৰ্বাদ লোৱা দৃশ্যই তাত উপস্থিত থকা সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল। শিখা ৰাস্তোগী প্ৰধানমন্ত্ৰীৰ এই কাৰ্যত আৱেগিক হৈ পৰে আৰু হাতযোৰ কৰি থিয় হৈ প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা আৰু সন্মান প্ৰকাশ কৰে। ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো আগবাঢ়ি আহি মহিলাগৰাকীক শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীয়ে মহিলাগৰাকীৰ ভৰি স্পৰ্শ কৰা ছবিখন নিমিষতে ভাইৰেল হৈ পৰে আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ হয়। বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ভানাথি শ্ৰীনিবাসনেও ছবিখন টুইটাৰত শ্বেয়াৰ কৰিছে আৰু ইয়াক ''সকলো মহিলা শক্তিৰ প্ৰতি সন্মান'' বুলি অভিহিত কৰিছে। তেওঁ কয় যে "এয়া সকলো মহিলা শক্তিৰ বাবে এক ডাঙৰ সন্মান। আমি সকলোৱে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ গৌৰৱান্বিত।বৃদ্ধ নাগৰিক, মহিলা আৰু শিশুসকলৰ প্ৰতি গভীৰ সন্মানৰ বাবে জনাজাত প্ৰধানমন্ত্ৰীৰ এই কাৰ্যই সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছে।''

আৰু পঢ়কঃ বিশ্বৰ প্ৰথমটো মেছেজ হ’ব বিক্ৰী! নিলামত ২ কোটি টকালৈকে উঠিছে দাম


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক