--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগৰতলাত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ ২৪ ঘণ্টাও পাৰ নৌহওঁতেই  ত্ৰিপুৰাত  দুগৰাকী জনজাতীয় নাবালিকাক পুনৰ দলবদ্ধ ধৰ্ষণ কৰাৰ খবৰ আহিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  ঘটনাটো গোমতী জিলাত সংঘটিত হৈছে। 

আৰক্ষীয়ে এতিয়ালৈকে ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিছে। আঠজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে। উল্লেখ্য বৃহস্পতিবাৰে আগৰতলাত এখন চলন্ত গাড়ীত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল আৰু পৰিত্যক্ত এলেকাত অচেতন অৱস্থাত পেলাই থৈ গৈছিল।  তেওঁক উদ্ধাৰ কৰি  গোবিন্দবল্লভ পন্ত চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসকে প্ৰকাশ কৰা মতে  যুৱতীগৰাকীৰ  অৱস্থা সংকটজনক হৈয়েই আছে। ৰাজ্যখনৰ বিভিন্ন সংগঠন, বিশেষকৈ ছাত্ৰ সংগঠনসমূহে দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ প্ৰতিবাদত ৰাজপথলৈ  ওলাই আহিছে। তেওঁলোকে অভিযোগ কৰিছিল যে ৰাজ্যখনৰ আন ঠাইৰ লগতে  ৰাজধানী আগৰতলাতো মহিলাসকলৰ  কোনো সুৰক্ষা নোহোৱা হৈ পৰিছে।

উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ ত্ৰিপুৰাত ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে। প্ৰায় প্ৰতিটো ক্ষেত্ৰতে ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগ গ্ৰহণত  আৰক্ষীয়ে পলম কৰাৰ অভিযোগ উত্থাপিত হৈছে।  

শেহতীয়াকৈ  আৰক্ষী  সূত্ৰই প্ৰকাশ কৰা মতে নাবালিকা ছোৱালী দুজনীয়ে তেওঁলোকৰ আত্মীয়ৰ সৈতে বৈশাখী মেলালৈ গৈছিল। তাত আত্মীয়সকলকনজনোৱাকৈয়ে  তেওঁলোকে ফেচবুকত পৰিচয় হোৱা  এজন বন্ধুক লগ কৰিবলৈ গৈছিল। বন্ধুজন আৰু তেওঁৰ আঠজন সহযোগীয়ে তেওঁলোকক মেলাক্ষেত্ৰৰ পৰা নিশা অৰণ্যলৈ লৈ গৈছিল আৰু  ধৰ্ষণ কৰিছিল। ইন্সপেক্টৰ জেনেৰেল জ্যোতিশমান দাস চৌধুৰীয়ে কয় যে ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে টিংঘাৰিয়াৰ পৰা ফেচবুক বন্ধুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অভিযুক্তজনক মোলাৰাই জামাতিয়া (১৯) বুলি চিনাক্ত কৰা হৈছে। ত্ৰিপুৰা মহিলা আয়োগে দোষীৰ  উপযুক্ত শাস্তি দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ