ডিজিটেল ডেস্কঃ আগৰতলাত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ ২৪ ঘণ্টাও পাৰ নৌহওঁতেই ত্ৰিপুৰাত দুগৰাকী জনজাতীয় নাবালিকাক পুনৰ দলবদ্ধ ধৰ্ষণ কৰাৰ খবৰ আহিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাটো গোমতী জিলাত সংঘটিত হৈছে।
আৰক্ষীয়ে এতিয়ালৈকে ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিছে। আঠজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে। উল্লেখ্য বৃহস্পতিবাৰে আগৰতলাত এখন চলন্ত গাড়ীত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল আৰু পৰিত্যক্ত এলেকাত অচেতন অৱস্থাত পেলাই থৈ গৈছিল। তেওঁক উদ্ধাৰ কৰি গোবিন্দবল্লভ পন্ত চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
চিকিৎসকে প্ৰকাশ কৰা মতে যুৱতীগৰাকীৰ অৱস্থা সংকটজনক হৈয়েই আছে। ৰাজ্যখনৰ বিভিন্ন সংগঠন, বিশেষকৈ ছাত্ৰ সংগঠনসমূহে দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকে অভিযোগ কৰিছিল যে ৰাজ্যখনৰ আন ঠাইৰ লগতে ৰাজধানী আগৰতলাতো মহিলাসকলৰ কোনো সুৰক্ষা নোহোৱা হৈ পৰিছে।
উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ ত্ৰিপুৰাত ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে। প্ৰায় প্ৰতিটো ক্ষেত্ৰতে ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগ গ্ৰহণত আৰক্ষীয়ে পলম কৰাৰ অভিযোগ উত্থাপিত হৈছে।
শেহতীয়াকৈ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে নাবালিকা ছোৱালী দুজনীয়ে তেওঁলোকৰ আত্মীয়ৰ সৈতে বৈশাখী মেলালৈ গৈছিল। তাত আত্মীয়সকলকনজনোৱাকৈয়ে তেওঁলোকে ফেচবুকত পৰিচয় হোৱা এজন বন্ধুক লগ কৰিবলৈ গৈছিল। বন্ধুজন আৰু তেওঁৰ আঠজন সহযোগীয়ে তেওঁলোকক মেলাক্ষেত্ৰৰ পৰা নিশা অৰণ্যলৈ লৈ গৈছিল আৰু ধৰ্ষণ কৰিছিল। ইন্সপেক্টৰ জেনেৰেল জ্যোতিশমান দাস চৌধুৰীয়ে কয় যে ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে টিংঘাৰিয়াৰ পৰা ফেচবুক বন্ধুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অভিযুক্তজনক মোলাৰাই জামাতিয়া (১৯) বুলি চিনাক্ত কৰা হৈছে। ত্ৰিপুৰা মহিলা আয়োগে দোষীৰ উপযুক্ত শাস্তি দাবী কৰিছে।