--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতত বিজেপিৰ দখলত থকা একমাত্ৰ ৰাজ্য খন হস্তগত কৰি কংগ্ৰেছে সমগ্ৰ দক্ষিণ ভাৰতকে বিজেপিক শাসনৰ পৰা বাহিৰ কৰি দিলে। এনে সময়তে কৰ্ণাটক বিজেপিৰ সভাপতিগৰাকীয়ে কৰ্ণাটকৰ কংগ্ৰেছ নেতা তথা ৰাজ্য খনৰ মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া, শিৱকুমাৰক শান্তিৰ নবেল বঁটা দিয়া উচিত বুলি কৈছে।

 অৱশ্যে এইক্ষেত্ৰত তেওঁ এটা চৰ্ত বান্ধি দিছে। তামিলনাডুৰ বিজেপি প্ৰধানে কৰ্ণাটকৰ নেতৃত্বৰ ওপৰত শেহতীয়াকৈ লোৱা সিদ্ধান্তসম্পৰ্কে কংগ্ৰেছক উপহাস কৰিছে। দিনজোৰা আলোচনাৰ পিছত, কংগ্ৰেছে প্ৰবীণ চিদ্দাৰমিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু দলৰ অনুগত ডি কে শিৱকুমাৰক উপ মুখ্যমন্ত্ৰী হিচাপে গঢ়ি তোলে। কংগ্ৰেছক আক্ৰমণ কৰি তামিলনাডু বিজেপিৰ সভাপতি অন্নমালাই কয় যে যদি শিৱকুমাৰ আৰু সিদ্ধাৰামাইয়াই ২০২৪ চনলৈকে কাজিয়া নকৰাকৈ থাকে তেন্তে তেওঁলোকক  শান্তিৰ ন’বেল বঁটা দিয়া উচিৎ। 

উল্লেখ্য বহু আলোচনা-বিলোচনাৰ অন্তত কৰ্মাটকৰ মুখ্যমন্ত্ৰী হিচাবে সিদ্ধাৰামায়াইক বাছনি কৰা হৈছে। মুখ্যমন্ত্ৰী পদৰ প্ৰৱল দাবীদাৰ আছিল চিকে শিৱকুমাৰো। কিন্তু দলে তেওঁক মুখ্যমন্ত্ৰীৰ সলনি উপ-মুখ্যমন্ত্ৰীৰ পদহে দিছে। বিজেপিয়ে ধাৰণা কৰিছে যে এই কথাকলৈয়েই শিৱকুমাৰ আৰু সিদ্ধাৰামায়াইয়াৰ মাজত শীঘ্ৰে কাজিয়া লাগিব। সেই বাবেই কৰ্ণাটক বিজেপিৰ সভাপতিগৰাকীয়ে ২০২৪লৈ শিৱকুমাৰ-সিদ্ধাৰামায়াৰ কাজিয়া নলগাকৈ থাকিলে তেওঁলোকক শৈান্তিৰ ন’বেল বঁটা দিয়া উচিৎ বুলি কটাক্ষ কৰিছে। 

অন্নমালাই এইবুলিও  ভৱিষ্যতবাণী কৰিছে যে কৰ্ণাটকৰ দুয়োগৰাকী  নেতাৰ মাজৰ কাজিয়াৰ বাবেই অহা বছৰ ৰাজ্য খনত কংগ্ৰেছ চৰকাৰৰ পতন ঘটিব।উল্লেখ্য শেহতীয়াকৈ  সিদ্ধাৰামাইয়াৰ এক জাকজমকতাপূৰ্ণ  অনুষ্ঠানত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁৰ  লগতে  কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে উপ মুখ্যমন্ত্ৰী হিচাপে আৰু আঠজন বিধায়কে বাংগালুৰুৰ শ্ৰী কণ্টেৰাভা ষ্টেডিয়ামত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ