--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতত বিজেপিৰ দখলত থকা একমাত্ৰ ৰাজ্য খন হস্তগত কৰি কংগ্ৰেছে সমগ্ৰ দক্ষিণ ভাৰতকে বিজেপিক শাসনৰ পৰা বাহিৰ কৰি দিলে। এনে সময়তে কৰ্ণাটক বিজেপিৰ সভাপতিগৰাকীয়ে কৰ্ণাটকৰ কংগ্ৰেছ নেতা তথা ৰাজ্য খনৰ মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া, শিৱকুমাৰক শান্তিৰ নবেল বঁটা দিয়া উচিত বুলি কৈছে।

 অৱশ্যে এইক্ষেত্ৰত তেওঁ এটা চৰ্ত বান্ধি দিছে। তামিলনাডুৰ বিজেপি প্ৰধানে কৰ্ণাটকৰ নেতৃত্বৰ ওপৰত শেহতীয়াকৈ লোৱা সিদ্ধান্তসম্পৰ্কে কংগ্ৰেছক উপহাস কৰিছে। দিনজোৰা আলোচনাৰ পিছত, কংগ্ৰেছে প্ৰবীণ চিদ্দাৰমিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু দলৰ অনুগত ডি কে শিৱকুমাৰক উপ মুখ্যমন্ত্ৰী হিচাপে গঢ়ি তোলে। কংগ্ৰেছক আক্ৰমণ কৰি তামিলনাডু বিজেপিৰ সভাপতি অন্নমালাই কয় যে যদি শিৱকুমাৰ আৰু সিদ্ধাৰামাইয়াই ২০২৪ চনলৈকে কাজিয়া নকৰাকৈ থাকে তেন্তে তেওঁলোকক  শান্তিৰ ন’বেল বঁটা দিয়া উচিৎ। 

উল্লেখ্য বহু আলোচনা-বিলোচনাৰ অন্তত কৰ্মাটকৰ মুখ্যমন্ত্ৰী হিচাবে সিদ্ধাৰামায়াইক বাছনি কৰা হৈছে। মুখ্যমন্ত্ৰী পদৰ প্ৰৱল দাবীদাৰ আছিল চিকে শিৱকুমাৰো। কিন্তু দলে তেওঁক মুখ্যমন্ত্ৰীৰ সলনি উপ-মুখ্যমন্ত্ৰীৰ পদহে দিছে। বিজেপিয়ে ধাৰণা কৰিছে যে এই কথাকলৈয়েই শিৱকুমাৰ আৰু সিদ্ধাৰামায়াইয়াৰ মাজত শীঘ্ৰে কাজিয়া লাগিব। সেই বাবেই কৰ্ণাটক বিজেপিৰ সভাপতিগৰাকীয়ে ২০২৪লৈ শিৱকুমাৰ-সিদ্ধাৰামায়াৰ কাজিয়া নলগাকৈ থাকিলে তেওঁলোকক শৈান্তিৰ ন’বেল বঁটা দিয়া উচিৎ বুলি কটাক্ষ কৰিছে। 

অন্নমালাই এইবুলিও  ভৱিষ্যতবাণী কৰিছে যে কৰ্ণাটকৰ দুয়োগৰাকী  নেতাৰ মাজৰ কাজিয়াৰ বাবেই অহা বছৰ ৰাজ্য খনত কংগ্ৰেছ চৰকাৰৰ পতন ঘটিব।উল্লেখ্য শেহতীয়াকৈ  সিদ্ধাৰামাইয়াৰ এক জাকজমকতাপূৰ্ণ  অনুষ্ঠানত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁৰ  লগতে  কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে উপ মুখ্যমন্ত্ৰী হিচাপে আৰু আঠজন বিধায়কে বাংগালুৰুৰ শ্ৰী কণ্টেৰাভা ষ্টেডিয়ামত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস