--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনলৈ বহু সময়ত ভাবুকি আহি থকাৰ সময়তে সোমবাৰে পুৱতি নিশা মোদীৰ বাসভৱনৰ ওপৰত এখন ৰহস্যময় ড্ৰোন উৰাৰ কথাই তীব্ৰ প্ৰতিক্ৰিয়ৰ সৃষ্টি কৰিছে। দিল্লী আৰক্ষীয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ ওপৰত  ড্ৰোন উৰাৰ  খবৰ নিশ্চিত কৰিছে। ঘটনাটোৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। দিল্লী আৰক্ষীৰ বিষয়াসকলে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বিশেষ সুৰক্ষা গোটৰ (এছপিজি) সদস্যসকলে সোমবাৰে পুৱা প্ৰায় ৫ বজাত দিল্লী আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে থকা  এছপিজি বিষয়াসকলকো ঘটনাটো অৱগত কৰা হয়।এছপিজিৰ জোৱানেই  প্ৰথমে ড্ৰোনখন  লক্ষ্য কৰিছিল। দিল্লী আৰক্ষীয়ে খবৰ পোৱাৰ পিছতে  দ্ৰুততাৰে তদন্তত নামি পৰে। 

দিল্লী আৰক্ষীয়ে জনোৱা  অনুসৰি, প্ৰধানমন্ত্ৰীৰ বাসগৃহ 'নো-ফ্লাই জোন'ৰ অন্তৰ্গত। অৰ্থাৎ নিৰাপত্তাজনিত কাৰণত কোনো বিমান বা ড্ৰোনে মোদীৰ বাসগৃহৰ ওপৰেৰে উৰিব নোৱাৰে। এনে পৰিস্থিতিত মোদীৰ বাসভৱনৰ ওপৰেৰে  ড্ৰোনখন কেনেকৈ উৰিল তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে।ঘটনা সন্দৰ্ভত এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (এটিচি)ৰ সৈতেও যোগাযোগ কৰা হৈছে। অৱশ্যে, তেনে কোনো ড্ৰোনৰ সন্ধান  পোৱা হোৱা নাই। 

দিল্লী আৰক্ষীয়ে এক বিবৃতিত কয়, "আমি তথ্য পাইছো যে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত এখন অচিনাক্ত উৰণীয়া বস্তু দেখা গৈছে। আমি ওচৰৰ এলেকাটো অনুসন্ধান কৰিছো আৰু তেনে কোনো বস্তু পোৱা নাই। এটিচিৰ সৈতেও যোগাযোগ কৰা হৈছে। তেওঁলোকেও তেনেকুৱা একো লক্ষ্য কৰা নাছিল বুলি কৈছে। "সেয়া ড্ৰোন আছিল নে আন কিবা সেই বিষয়ত নিশ্চিত হ’ব পৰা হোৱা নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ