--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনলৈ বহু সময়ত ভাবুকি আহি থকাৰ সময়তে সোমবাৰে পুৱতি নিশা মোদীৰ বাসভৱনৰ ওপৰত এখন ৰহস্যময় ড্ৰোন উৰাৰ কথাই তীব্ৰ প্ৰতিক্ৰিয়ৰ সৃষ্টি কৰিছে। দিল্লী আৰক্ষীয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ ওপৰত  ড্ৰোন উৰাৰ  খবৰ নিশ্চিত কৰিছে। ঘটনাটোৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। দিল্লী আৰক্ষীৰ বিষয়াসকলে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বিশেষ সুৰক্ষা গোটৰ (এছপিজি) সদস্যসকলে সোমবাৰে পুৱা প্ৰায় ৫ বজাত দিল্লী আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে থকা  এছপিজি বিষয়াসকলকো ঘটনাটো অৱগত কৰা হয়।এছপিজিৰ জোৱানেই  প্ৰথমে ড্ৰোনখন  লক্ষ্য কৰিছিল। দিল্লী আৰক্ষীয়ে খবৰ পোৱাৰ পিছতে  দ্ৰুততাৰে তদন্তত নামি পৰে। 

দিল্লী আৰক্ষীয়ে জনোৱা  অনুসৰি, প্ৰধানমন্ত্ৰীৰ বাসগৃহ 'নো-ফ্লাই জোন'ৰ অন্তৰ্গত। অৰ্থাৎ নিৰাপত্তাজনিত কাৰণত কোনো বিমান বা ড্ৰোনে মোদীৰ বাসগৃহৰ ওপৰেৰে উৰিব নোৱাৰে। এনে পৰিস্থিতিত মোদীৰ বাসভৱনৰ ওপৰেৰে  ড্ৰোনখন কেনেকৈ উৰিল তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে।ঘটনা সন্দৰ্ভত এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (এটিচি)ৰ সৈতেও যোগাযোগ কৰা হৈছে। অৱশ্যে, তেনে কোনো ড্ৰোনৰ সন্ধান  পোৱা হোৱা নাই। 

দিল্লী আৰক্ষীয়ে এক বিবৃতিত কয়, "আমি তথ্য পাইছো যে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত এখন অচিনাক্ত উৰণীয়া বস্তু দেখা গৈছে। আমি ওচৰৰ এলেকাটো অনুসন্ধান কৰিছো আৰু তেনে কোনো বস্তু পোৱা নাই। এটিচিৰ সৈতেও যোগাযোগ কৰা হৈছে। তেওঁলোকেও তেনেকুৱা একো লক্ষ্য কৰা নাছিল বুলি কৈছে। "সেয়া ড্ৰোন আছিল নে আন কিবা সেই বিষয়ত নিশ্চিত হ’ব পৰা হোৱা নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
এছিয়া কাপ টি-২০ৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ! জানেনে কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে?
ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৫০% শুল্ক আজিৰ পৰা হ'ব কাৰ্যকৰী
চীনত একেখন মঞ্চত থিয় হ'ব মোদী-জিনপিং-পুটিনসহ শীর্ষ নেতা
ধুবুৰীত মালবাহী ৰে'লৰ প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনত! কথমপি প্ৰাণ ৰক্ষা তিনি ছাত্ৰীসহ এজন লোকৰ
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা