--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সৰ্বোচ্চ ন্যায়ালয়ে ইজিআই সন্দৰ্ভত দিছে এক বিশেষ নিৰ্দেশ৷ ইডিটৰছ গীল্ড অব ইণ্ডিয়া(ইজিআই)ৰ চাৰিজন সদস্যৰ বিৰুদ্ধে  দাখিল কৰা দুটা গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মণিপুৰ আৰক্ষীক কোনো ধৰণৰ জোৰ-জবৰদস্তি পদক্ষেপ গ্ৰহণ নকৰিবলৈ দিয়া নিৰ্দেশ সোমবাৰে ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰে৷

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে কয় যে ইডিটৰছ গীল্ডৰ আবেদনৰ ভিত্তিত ৬ ছেপ্টেম্বৰত গৃহীত কৰা আদেশৰ সময়সীমা শুকুৰবাৰলৈকে বৃদ্ধি কৰে৷ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ইজিআইৰ সদস্যসকলক আৰু কিছু সময়ৰ বাবে সুৰক্ষা দিয়া হ’ব পাৰে আৰু আন গোচৰৰ দৰে বিষয়টো মণিপুৰ উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা হ’ব।

ইজিআইৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু শ্যাম দিভানে এই দাখিলৰ বিৰোধিতা কৰি কয় যে এফআইআৰসমূহ তথ্য সন্ধানৰ প্ৰতিবেদনৰ ভিত্তিত দাখিল কৰা হৈছে বাবে বিষয়টোৰ শুনানি শীৰ্ষ আদালতত কৰা হওক।

যোৱা ৪ ছেপ্টেম্বৰত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সভাপতি আৰু ইডিটৰছ গীল্ড অব ইণ্ডিয়াৰ তিনিজন সদস্যৰ বিৰুদ্ধে এজাহাৰৰ ভিত্তিত আৰক্ষীৰ গোচৰ ৰুজু কৰা বুলি উল্লেখ কৰি ৰাজ্যখনত “সংঘৰ্ষৰ সৃষ্টি” কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

ইডিটৰছ গীল্ডে ২ ছেপ্টেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত ৰাজ্যখনত ইণ্টাৰনেট নিষেধাজ্ঞাক সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ বাবে ক্ষতিকাৰক বুলি সমালোচনা কৰি একাংশ সংবাদ মাধ্যমে একপক্ষীয় বাতৰি বুলি অভিহিত কৰা কথাক সমালোচনা কৰে৷মুখ্যমন্ত্ৰীয়ে কৈছিল, "তেওঁলোক ৰাষ্ট্ৰ বিৰোধী, জাতি বিৰোধী আৰু প্ৰতিষ্ঠান বিৰোধী (মানুহ) যিয়ে সমাজত বিষ ঢালিবলৈ আহিছে। মই আগতে জানিলে তেওঁলোকক প্ৰৱেশ কৰিবলৈ নিদিলোহেঁতেন"।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা