--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সৰ্বোচ্চ ন্যায়ালয়ে ইজিআই সন্দৰ্ভত দিছে এক বিশেষ নিৰ্দেশ৷ ইডিটৰছ গীল্ড অব ইণ্ডিয়া(ইজিআই)ৰ চাৰিজন সদস্যৰ বিৰুদ্ধে  দাখিল কৰা দুটা গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মণিপুৰ আৰক্ষীক কোনো ধৰণৰ জোৰ-জবৰদস্তি পদক্ষেপ গ্ৰহণ নকৰিবলৈ দিয়া নিৰ্দেশ সোমবাৰে ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰে৷

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে কয় যে ইডিটৰছ গীল্ডৰ আবেদনৰ ভিত্তিত ৬ ছেপ্টেম্বৰত গৃহীত কৰা আদেশৰ সময়সীমা শুকুৰবাৰলৈকে বৃদ্ধি কৰে৷ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ইজিআইৰ সদস্যসকলক আৰু কিছু সময়ৰ বাবে সুৰক্ষা দিয়া হ’ব পাৰে আৰু আন গোচৰৰ দৰে বিষয়টো মণিপুৰ উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা হ’ব।

ইজিআইৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু শ্যাম দিভানে এই দাখিলৰ বিৰোধিতা কৰি কয় যে এফআইআৰসমূহ তথ্য সন্ধানৰ প্ৰতিবেদনৰ ভিত্তিত দাখিল কৰা হৈছে বাবে বিষয়টোৰ শুনানি শীৰ্ষ আদালতত কৰা হওক।

যোৱা ৪ ছেপ্টেম্বৰত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সভাপতি আৰু ইডিটৰছ গীল্ড অব ইণ্ডিয়াৰ তিনিজন সদস্যৰ বিৰুদ্ধে এজাহাৰৰ ভিত্তিত আৰক্ষীৰ গোচৰ ৰুজু কৰা বুলি উল্লেখ কৰি ৰাজ্যখনত “সংঘৰ্ষৰ সৃষ্টি” কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

ইডিটৰছ গীল্ডে ২ ছেপ্টেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত ৰাজ্যখনত ইণ্টাৰনেট নিষেধাজ্ঞাক সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ বাবে ক্ষতিকাৰক বুলি সমালোচনা কৰি একাংশ সংবাদ মাধ্যমে একপক্ষীয় বাতৰি বুলি অভিহিত কৰা কথাক সমালোচনা কৰে৷মুখ্যমন্ত্ৰীয়ে কৈছিল, "তেওঁলোক ৰাষ্ট্ৰ বিৰোধী, জাতি বিৰোধী আৰু প্ৰতিষ্ঠান বিৰোধী (মানুহ) যিয়ে সমাজত বিষ ঢালিবলৈ আহিছে। মই আগতে জানিলে তেওঁলোকক প্ৰৱেশ কৰিবলৈ নিদিলোহেঁতেন"।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব