--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ভিক্ষাৰীক লৈ সকলোতে চলিছে চৰ্চা। এই ভিক্ষাৰী সাধাৰণ ভিক্ষাৰীতকৈ ব্যতিক্ৰম। তেওঁ ডিজিটেল ভিক্ষাৰী নামেৰে জনাজাত হৈ পৰিছে। ভিক্ষাৰীজনৰ নাম ৰাজু। ৰাজুৱে ডিঙিত কিউআৰ কোডৰ এখন প্লেকাৰ্ড ওলোমাই মানুহক ভিক্ষা বিচাৰে। বিহাৰৰ বেতিয়াৰ ৰেল ষ্টেচনত সদায়ে ৰাজুৱে ডিজিটেল পদ্ধতিত মানুহৰ পৰা ভিক্ষা বিচাৰে আৰু তেওঁ বৰ্তমান ডিজিটেল ভিক্ষাৰীৰূপে জনাজাত হৈ পৰিছে। সৰুৰে পৰা বেতিয়াৰ ৰেল ষ্টেচনতে ভিক্ষা কৰি ডাঙৰ হোৱা ৰাজুৱে এতিয়া তেওঁৰ ভিক্ষাৰ ব্যৱসায়ো ডিজিটাইজ কৰিছে। ৰাজুৱে ডিঙিত ওলোমাই থোৱা প্লেকাৰ্ডখনত মানুহে গুগল-পে আৰু ফোন-পে স্কেন কৰি ভিক্ষা দিয়ে। তেওঁ হাতত টেব লৈ যায়। ভিক্ষা বিচাৰোতে যদি কোনোবাই তেওঁক কয় যে খুচুৰা নাই,তেতিয়া তেওঁ ফোন পে বা গুগল পে কৰি ভিক্ষা দিবলৈ অনুৰোধ জনায়। ৰাজু সম্ভৱতঃ বিহাৰৰ প্ৰথম ডিজিটেল ভিক্ষাৰী। ৰাজুৱে অৱশ্যে দাবী কৰে যে তেওঁ দেশৰ প্ৰথম ডিজিটেল ভিক্ষাৰী। ৰাজুক মানুহে অজলা বুলি কয় কিন্তু ৰাজুৰ চিন্তাধাৰা বৰ বুদ্ধিমান। স্থানীয় লোকসকলে কৈছিল যে তেওঁ সৰুৰে পৰা ইয়াতে ভিক্ষা কৰি আহিছে। তেওঁ মানুহক বিভিন্ন শৈলীত ভিক্ষা বিচাৰে। ৰাজুৰ কথাৰ কোৱা ধৰণ ইমানেই মৰমলগা যে তেওঁ সহজেই মানুহৰ পৰা ভিক্ষা আদায় কৰিব পাৰে।এটা সময়ত ৰাজুৱে মন কৰিছিল যে বহু মানুহে খুচুৰা টকা নাই বুলি ভিক্ষা দিবলৈ অস্বীকাৰ কৰি আঁতৰি যায়। সেয়ে এই সমস্যাৰ সমাধান কৰিবলৈ ৰাজুৱে বেংকলৈ গৈ এটা একাউণ্ট খুলিছিল। তেওঁ বেংকত একাউণ্ট খোলাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। একাউণ্ট এটা খুলিবলৈ প্ৰয়োজনীয় নথিপত্ৰৰ বাবে আধাৰ কাৰ্ড আৰু এটা পেন কাৰ্ডৰ প্ৰয়োজন। তেওঁৰ ওচৰত ইতিমধ্যে আধাৰ কাৰ্ড আছিল, কিন্তু পেন কাৰ্ড নাছিল। পাছত পেন কাৰ্ড এখন বনাই তেওঁ এছ.বি.আই.-ৰ এটা শাখাত একাউণ্ট খুলিছিল। তাৰপাছত তেওঁ এটা ই-ৱালেট তৈয়াৰ কৰিছিল আৰু ডিঙিত কিউআৰ কোড থকা এখন প্লেকাৰ্ড ওলোমাই ভিক্ষা খুজিবলৈ আৰম্ভ কৰে, যাৰ ফলত ৰাজুৰ উপাৰ্জনো বৃদ্ধি পাইছে। এতিয়া যদি মানুহে কয় যে খুচুৰা ধন নাই, তেন্তে ৰাজুৱে তেওঁৰ কিউআৰ কোডৰ সৈতে প্লেকাৰ্ডখন আগবঢ়াই দিয়ে। ভিক্ষা খোজাৰ এই অনন্য উপায় দেখি মানুহে ৰস পায় আৰু প্লেকাৰ্ডখন স্কেন কৰি টকা দিয়ে। মানুহে তেওঁক ১ৰ পৰা ২ টকাৰ পৰা ১০০ টকালৈকে ভিক্ষা দি আছে। ৰাজু লাল প্ৰসাদ যাদৱৰ অনুৰাগী। তেওঁ লালু প্ৰসাদক তেওঁৰ দেউতাকৰ দৰে গণ্য কৰে। বেতিয়াত অনুষ্ঠিত লালু প্ৰসাদৰ সকলো কাৰ্যসূচীত উপস্থিত থাকে ৰাজু। ৰাজুৱে কৈছিল লালু প্ৰসাদেও তেওঁক বহুত ভাল পায়। ২০০৫ চনত লালু প্ৰসাদ যাদৱৰ নিৰ্দেশত তেওঁ সপ্তক্ৰান্তি চুপাৰ ফাষ্ট এক্সপ্ৰেছৰ পেণ্ট্ৰী গাড়ীৰ পৰা দৈনিক খাদ্য লাভ কৰিছিল। তেওঁ ২০১৫ চনলৈকে প্ৰতিদিনে এই ৰে'লখনৰ পৰা খাদ্য লাভ কৰিছিল। একে সময়তে ৰাজুৱে নিজকে প্ৰধানমন্ত্ৰী মোদীৰ ভক্ত বুলিও সদৰী কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰতিও যথেষ্ট আগ্ৰহী। আৰু পঢ়কঃ মুছলমান মহিলাৰ সন্তানক কোলাত লৈ দিলে মৰম-আশীৰ্বাদ

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান