--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ভিক্ষাৰীক লৈ সকলোতে চলিছে চৰ্চা। এই ভিক্ষাৰী সাধাৰণ ভিক্ষাৰীতকৈ ব্যতিক্ৰম। তেওঁ ডিজিটেল ভিক্ষাৰী নামেৰে জনাজাত হৈ পৰিছে। ভিক্ষাৰীজনৰ নাম ৰাজু। ৰাজুৱে ডিঙিত কিউআৰ কোডৰ এখন প্লেকাৰ্ড ওলোমাই মানুহক ভিক্ষা বিচাৰে। বিহাৰৰ বেতিয়াৰ ৰেল ষ্টেচনত সদায়ে ৰাজুৱে ডিজিটেল পদ্ধতিত মানুহৰ পৰা ভিক্ষা বিচাৰে আৰু তেওঁ বৰ্তমান ডিজিটেল ভিক্ষাৰীৰূপে জনাজাত হৈ পৰিছে। সৰুৰে পৰা বেতিয়াৰ ৰেল ষ্টেচনতে ভিক্ষা কৰি ডাঙৰ হোৱা ৰাজুৱে এতিয়া তেওঁৰ ভিক্ষাৰ ব্যৱসায়ো ডিজিটাইজ কৰিছে। ৰাজুৱে ডিঙিত ওলোমাই থোৱা প্লেকাৰ্ডখনত মানুহে গুগল-পে আৰু ফোন-পে স্কেন কৰি ভিক্ষা দিয়ে। তেওঁ হাতত টেব লৈ যায়। ভিক্ষা বিচাৰোতে যদি কোনোবাই তেওঁক কয় যে খুচুৰা নাই,তেতিয়া তেওঁ ফোন পে বা গুগল পে কৰি ভিক্ষা দিবলৈ অনুৰোধ জনায়। ৰাজু সম্ভৱতঃ বিহাৰৰ প্ৰথম ডিজিটেল ভিক্ষাৰী। ৰাজুৱে অৱশ্যে দাবী কৰে যে তেওঁ দেশৰ প্ৰথম ডিজিটেল ভিক্ষাৰী। ৰাজুক মানুহে অজলা বুলি কয় কিন্তু ৰাজুৰ চিন্তাধাৰা বৰ বুদ্ধিমান। স্থানীয় লোকসকলে কৈছিল যে তেওঁ সৰুৰে পৰা ইয়াতে ভিক্ষা কৰি আহিছে। তেওঁ মানুহক বিভিন্ন শৈলীত ভিক্ষা বিচাৰে। ৰাজুৰ কথাৰ কোৱা ধৰণ ইমানেই মৰমলগা যে তেওঁ সহজেই মানুহৰ পৰা ভিক্ষা আদায় কৰিব পাৰে।এটা সময়ত ৰাজুৱে মন কৰিছিল যে বহু মানুহে খুচুৰা টকা নাই বুলি ভিক্ষা দিবলৈ অস্বীকাৰ কৰি আঁতৰি যায়। সেয়ে এই সমস্যাৰ সমাধান কৰিবলৈ ৰাজুৱে বেংকলৈ গৈ এটা একাউণ্ট খুলিছিল। তেওঁ বেংকত একাউণ্ট খোলাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। একাউণ্ট এটা খুলিবলৈ প্ৰয়োজনীয় নথিপত্ৰৰ বাবে আধাৰ কাৰ্ড আৰু এটা পেন কাৰ্ডৰ প্ৰয়োজন। তেওঁৰ ওচৰত ইতিমধ্যে আধাৰ কাৰ্ড আছিল, কিন্তু পেন কাৰ্ড নাছিল। পাছত পেন কাৰ্ড এখন বনাই তেওঁ এছ.বি.আই.-ৰ এটা শাখাত একাউণ্ট খুলিছিল। তাৰপাছত তেওঁ এটা ই-ৱালেট তৈয়াৰ কৰিছিল আৰু ডিঙিত কিউআৰ কোড থকা এখন প্লেকাৰ্ড ওলোমাই ভিক্ষা খুজিবলৈ আৰম্ভ কৰে, যাৰ ফলত ৰাজুৰ উপাৰ্জনো বৃদ্ধি পাইছে। এতিয়া যদি মানুহে কয় যে খুচুৰা ধন নাই, তেন্তে ৰাজুৱে তেওঁৰ কিউআৰ কোডৰ সৈতে প্লেকাৰ্ডখন আগবঢ়াই দিয়ে। ভিক্ষা খোজাৰ এই অনন্য উপায় দেখি মানুহে ৰস পায় আৰু প্লেকাৰ্ডখন স্কেন কৰি টকা দিয়ে। মানুহে তেওঁক ১ৰ পৰা ২ টকাৰ পৰা ১০০ টকালৈকে ভিক্ষা দি আছে। ৰাজু লাল প্ৰসাদ যাদৱৰ অনুৰাগী। তেওঁ লালু প্ৰসাদক তেওঁৰ দেউতাকৰ দৰে গণ্য কৰে। বেতিয়াত অনুষ্ঠিত লালু প্ৰসাদৰ সকলো কাৰ্যসূচীত উপস্থিত থাকে ৰাজু। ৰাজুৱে কৈছিল লালু প্ৰসাদেও তেওঁক বহুত ভাল পায়। ২০০৫ চনত লালু প্ৰসাদ যাদৱৰ নিৰ্দেশত তেওঁ সপ্তক্ৰান্তি চুপাৰ ফাষ্ট এক্সপ্ৰেছৰ পেণ্ট্ৰী গাড়ীৰ পৰা দৈনিক খাদ্য লাভ কৰিছিল। তেওঁ ২০১৫ চনলৈকে প্ৰতিদিনে এই ৰে'লখনৰ পৰা খাদ্য লাভ কৰিছিল। একে সময়তে ৰাজুৱে নিজকে প্ৰধানমন্ত্ৰী মোদীৰ ভক্ত বুলিও সদৰী কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰতিও যথেষ্ট আগ্ৰহী। আৰু পঢ়কঃ মুছলমান মহিলাৰ সন্তানক কোলাত লৈ দিলে মৰম-আশীৰ্বাদ

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন