--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাত৷ দেওবাৰে অনন্তপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত ছয়গৰাকী মহিলাসহ এটা পৰিয়ালৰ নজন সদস্য নিহত হয়। জানিব পৰা মতে, পৰিয়ালটো বিয়াত অংশগ্ৰহণ কৰি উভতি অহা অৱস্থাতে দুৰ্ঘটনাত পতিত হয়৷ মৃতসকলৰ মাজৰ এজন আছিল কইনাগৰাকীৰ দেউতাকো আছিল বুলি জানিব পৰা গৈছে। গুণ্টাকালৰ উপ-আৰক্ষী অধীক্ষক ইউ নৰসিংগাপ্পাৰ মতে, মৃতসকল উৰাভাকোণ্ডা, বম্মানাহাল আৰু ব্ৰহ্মসামুদ্ৰাম মণ্ডলৰ আছিল। তেওঁলোকে কে ভেংকটাপ্পা নাইডুৰ (৫৮) কন্যাৰ বিয়াত অংশগ্ৰহণ কৰি উভতি অহাৰ পথতে এই শোকাৱহ ঘটনাৰ সন্মুখীন হয়। নাইডু বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক নেতা আছিল বুলি জানিব পৰা গৈছে। ভেংকটাপ্পা নাইডুৱে কৰ্ণাটকৰ বল্লাৰীত তেওঁৰ জীয়ৰীৰ বিবাহ সম্পন্ন কৰিছিল আৰু পৰিয়ালৰ সদস্য আৰু আত্মীয়সকলৰ সৈতে এখন বিহাসী বাহনত উভতি আহিছিল। নাইডুৱে গাড়ী চলাই থকা অৱস্থাতে টোপনি অহাত আৰু উৰাভাকোণ্ডাৰ পৰা বল্লাৰী অভিমুখে যোৱা এখন ট্ৰাকত খুন্দা মাৰে৷ নিহত বাকী আঠজন আৰোহী ক্ৰমে স্বাতী (৩৮), জাহ্নৱী (১২), যশৱন্ত (১২), সৰস্বতী (৬০), অশোক (৩০), ৰাধাম্মা (৪০), শিৱম্মা (৩০) আৰু সুভদ্ৰমা (৬০)৷ জানিব পৰা মতে আঠজন আৰোহীৰ ঘটনাস্থলীত মৃত্যুক সাৱটি লোৱাৰ লগতে ভেংকটাপ্পা নাইডু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান