--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাত৷ দেওবাৰে অনন্তপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত ছয়গৰাকী মহিলাসহ এটা পৰিয়ালৰ নজন সদস্য নিহত হয়। জানিব পৰা মতে, পৰিয়ালটো বিয়াত অংশগ্ৰহণ কৰি উভতি অহা অৱস্থাতে দুৰ্ঘটনাত পতিত হয়৷ মৃতসকলৰ মাজৰ এজন আছিল কইনাগৰাকীৰ দেউতাকো আছিল বুলি জানিব পৰা গৈছে। গুণ্টাকালৰ উপ-আৰক্ষী অধীক্ষক ইউ নৰসিংগাপ্পাৰ মতে, মৃতসকল উৰাভাকোণ্ডা, বম্মানাহাল আৰু ব্ৰহ্মসামুদ্ৰাম মণ্ডলৰ আছিল। তেওঁলোকে কে ভেংকটাপ্পা নাইডুৰ (৫৮) কন্যাৰ বিয়াত অংশগ্ৰহণ কৰি উভতি অহাৰ পথতে এই শোকাৱহ ঘটনাৰ সন্মুখীন হয়। নাইডু বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক নেতা আছিল বুলি জানিব পৰা গৈছে। ভেংকটাপ্পা নাইডুৱে কৰ্ণাটকৰ বল্লাৰীত তেওঁৰ জীয়ৰীৰ বিবাহ সম্পন্ন কৰিছিল আৰু পৰিয়ালৰ সদস্য আৰু আত্মীয়সকলৰ সৈতে এখন বিহাসী বাহনত উভতি আহিছিল। নাইডুৱে গাড়ী চলাই থকা অৱস্থাতে টোপনি অহাত আৰু উৰাভাকোণ্ডাৰ পৰা বল্লাৰী অভিমুখে যোৱা এখন ট্ৰাকত খুন্দা মাৰে৷ নিহত বাকী আঠজন আৰোহী ক্ৰমে স্বাতী (৩৮), জাহ্নৱী (১২), যশৱন্ত (১২), সৰস্বতী (৬০), অশোক (৩০), ৰাধাম্মা (৪০), শিৱম্মা (৩০) আৰু সুভদ্ৰমা (৬০)৷ জানিব পৰা মতে আঠজন আৰোহীৰ ঘটনাস্থলীত মৃত্যুক সাৱটি লোৱাৰ লগতে ভেংকটাপ্পা নাইডু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন