--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আইচিচিৰ ইভেণ্টসমূহ এতিয়া ডিজনী ষ্টাৰৰ লগতে ‘Zee’ প্লেটফৰ্মতো সম্প্ৰচাৰিত হ'ব। আজি ডিজনী ষ্টাৰে ‘Zee’ৰ সৈতে এই সন্দৰ্ভত এক অনুজ্ঞাপত্ৰ চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ পাছতে আইচিচি ইভেণ্টৰ ডিজিটেল সম্প্ৰচাৰৰ অধিকাস্বত্ব লাভ কৰা ডিজনী ষ্টাৰৰ লগতে ‘Zee’- য়েও ২০২৪-২৭ ছিজনৰ সকলো আইচিচি পুৰুষ, মহিলা আৰু ১৯ অনুৰ্ধ ইভেণ্টসমূহ সম্প্ৰচাৰ কৰিব পাৰিব।

শেহতীয়াকৈ ডিজনী ষ্টাৰে ভাৰতত অনুষ্ঠিত হ’বলগীয়া আইচিচি ইভেণ্টসমূহৰ বাবে ডিজিটেল অধিকাৰস্বত্ব লাভ কৰিছিল। যোৱা সপ্তাহত ডিজনী ষ্টাৰে প্ৰায় ৩ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত নিবিদাত জয়ী হৈ এই অধিকাৰস্বত্ব লাভ কৰিছিল।

আজিৰ ডিজনী ষ্টাৰ আৰু Zeeৰ চুক্তিৰ পিছত Zee-এ ২০২৪ আৰু ২০২৬ চনৰ আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ, ২০২৫ চেম্পিয়নছ ট্ৰফী আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপকে ধৰি আইচিচি পুৰুষৰ ইভেণ্টসমূহ সম্প্ৰচাৰ কৰিবলৈ সক্ষম হ’ব। দুয়োটা মিডিয়া কোম্পানীয়ে এই চুক্তিৰ অধীনত বিত্তীয় বোজা পৰস্পৰৰ মাজত ভগাই ল’ব পাৰিব।

"ভাৰতীয় সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ দৃশ্যপটত এয়া আমাৰ প্ৰথম অংশীদাৰীত্ব। ডিজনী ষ্টাৰৰ সৈতে এই সম্পৰ্কই ভাৰতৰ ক্ৰীড়া ব্যৱসায়ৰ বাবে আমাৰ তীক্ষ্ণ, কৌশলগত দৃষ্টিভংগী প্ৰতিফলিত কৰিব।"— চুক্তি স্বাক্ষৰৰ পিছতে এক বিবৃতি যোগে এই মন্তব্য কৰে Zee ৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া পুনিত গোয়েঙ্কাই।

২০২৭ চনলৈকে আইচিচি পুৰুষৰ ক্ৰিকেট ইভেণ্টৰ বাবে এক টেলিভিছন সম্প্ৰচাৰক হিচাপে Zee এ দৰ্শকসকলৰ বাবে এক আকৰ্ষণীয় অভিজ্ঞতা আৰু বিজ্ঞাপনদাতা সকলৰ বাবে বিনিয়োগৰ ক্ষেত্ৰত এক বৃহৎ লাভ আগবঢ়োৱাৰ বাবে Zee এ এক সবল নেটৱৰ্ক গঢ়ি তুলিব বুলিও পুনিত গোয়েঙ্কাই লগতে কয়।

উল্লেখ্য যে ২০২৪ চনৰ পৰা ২০২৭ চনলৈ ভাৰতত অনুষ্ঠিত হ'বলবীয়া সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) প্ৰতিযোগিতাৰ বাবে টিভি আৰু ডিজিটেল অধিকাৰস্বত্ব লাভ কৰিছিল ডিজনী ষ্টাৰে। আইচিচিৰ গৱৰ্ণিং বডীয়ে শেহতীয়াকৈ এক বিবৃতি যোগে এই কথা প্ৰকাশ কৰিছিল।

চলিত বৰ্ষৰে জুন মাহত আৰম্ভ হোৱা নিবিদা প্ৰক্ৰিয়াৰ পাছত ডিজনী ষ্টাৰে এই স্বত্ব লাভ কৰে বুলি আইচিচিয়ে লগতে উল্লেখ কৰিছিল। আইচিচিৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলীয়ে এক বিবৃতিত এই চুক্তিৰ বাবে আনন্দিত বুলি প্ৰকাশ কৰাৰ লগতে ডিজনী ষ্টাৰে মহিলা ক্ৰিকেটৰ প্ৰচাৰৰ বাবে এক চিত্তাকৰ্ষক পৰিকল্পনা উপস্থাপন কৰিছে বুলিও উল্লেখ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ