--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ বিৰুদ্ধে জয়েৰে চলিত এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰা ভাৰতীয় ক্ৰিকেট দল আজি প্ৰতিযোগিতাখনত নিজৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হৈছে। ডুবাইৰ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ইতিমধ্যে হংকঙে টছত জয়ী হৈ ভাৰতীয় দলক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছে। ইনিংছ আৰম্ভ কৰি ভাৰতীয় অপেনাৰদ্বয় ৰোহিত শৰ্মা আৰু ৰাহুলে বৰ্তমানলৈকে কোনো হানি নঘটাকৈ ১ অভাৰত ৫ ৰান সংগ্ৰহ কৰিছে। হংকঙৰ বিৰুদ্ধে আজিৰ এই মেচখনত ভাৰতে পাকিস্তানৰ বিপক্ষে জয়ৰ নায়ক হাৰ্দিক পাণ্ডিয়াক বিশ্ৰাম দিছে। পাণ্ডিয়াৰ স্থানত দলৰ মূল একাদশত স্থান দিয়া হৈছে ঋষভ পণ্টক।

হংকঙৰ বিপক্ষে এই মেচখনত ভাৰতীয় দলৰ দুগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ ভুৱনেশ্বৰ কুমাৰ আৰু যুজবেন্দ্ৰ চাহালে পৰস্পৰৰ বিপক্ষে এক বিশেষ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব। যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত বলিঙ আক্ৰমণৰ নেতৃত্ব বহন কৰা  ভুৱনেশ্বৰে পাকিস্তানৰ বিপক্ষে প্ৰতিযোগিতাৰ প্ৰথমখন খেলত চাৰিটা উইকেট দখল কৰি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। এই চাৰিটা উইকেটৰ জৰিয়তে ভুৱনেশ্বৰে আন্ত:ৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰত নিজৰ উইকেটৰ সংখ্যা ৭৭ টালৈ বৃদ্ধি কৰিছিল। 

আজি হংকঙৰ বিপক্ষে মেচখনত যদি ভুৱনেশ্বৰ কুমাৰে তিনিটা উইকেট লাভ কৰিব পাৰে, তেতিয়া টি-২০ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হ’ব। এই ক্ষেত্ৰত পেচাৰগৰাকীয়ে অতিক্ৰম কৰি যাব স্পিনাৰ যুজবেন্দ্ৰ চাহালক। বৰ্তমান তালিকাৰ শীৰ্ষস্থানত থকা চাহালে ৬৩ খন টি-২০ মেচত ৭৯ টা উইকেট লাভ কৰিছে। অৱশ্যে চাহালেও আজিৰ মেচখনত নিজৰ এই ৰেকৰ্ড অক্ষুণ্ণ ৰখাৰ সুযোগ পাব।  

পাকিস্তানৰ বিৰুদ্ধে মেচখনত ভুৱনেশ্বৰৰ চমকপ্ৰদ সাফল্যৰ বিপৰীতে উইকেট দখলত ব্যৰ্থ হৈছিল চাহাল। চাৰি অভাৰৰ স্পেলটোত চাহালে কোনো উইকেট লাভ নকৰাকৈ ৩২ ৰান খৰচ কৰিছিল। অৱশ্যে আজিৰ মেচখনত তুলনামূলকভাৱে দুৰ্বল হংকঙৰ বিপক্ষে চাহালৰ স্পীন যাদুৰ প্ৰভাৱ দেখাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা ২৮ আগষ্টত অনুষ্ঠিত পাকিস্তানৰ বিৰুদ্ধে খেলখনত হাৰ্দিক পাণ্ডিয়াৰ অলৰাউণ্ড প্ৰদৰ্শনৰ লগতে ভুৱনেশ্বৰ, জাদেজা, কোহলী আৰু অৰ্শদ্বীপ সিঙৰ গুৰুত্বপূৰ্ণ অৱদানৰ সহায়ত ভাৰতে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিছিল। পাণ্ডিয়াই মেচখনত প্ৰথমে বলিঙৰ সময়ত পাকিস্তানৰ ইনিংছৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰাৰ লগতে ৩৩ ৰানৰ এক বিজয়ী ইনিংছ খেলিছিল। ইয়াৰ সুবাদতে তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হৈছিল। 

আনহাতে ফৰ্মহীনতাত ভুগি থকা প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীয়েও মেচখনত ফৰ্ম ঘূৰাই পোৱাৰ ইঙ্গিত দি ৩৫ ৰানৰ এটা ইনিংছ খেলিছিল। জাদেজাৰ বেটৰ পৰা আহিছিল ৩৫ ৰান। আনহাতে মেচখনত ব্যৰ্থ হোৱা দুই অপেনাৰ অধিনায়ক ৰোহিত শৰ্মা আৰু  ৰাহুল আজিৰ মেচখনত সফল হ’ব বুলি আশা কৰা হৈছে। হংকঙৰ বিৰুদ্ধে এই মেচখনত জয়ী হ’লেই ভাৰতে চুপাৰ-৪ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
ৰোহিত জৈনক ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি
পৰিয়ালত প্ৰেমিকৰ সৈতে বিয়াৰ দাবী; মোবাইল টাৱাৰত উঠিল কিশোৰী
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু