--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ বিৰুদ্ধে জয়েৰে চলিত এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰা ভাৰতীয় ক্ৰিকেট দল আজি প্ৰতিযোগিতাখনত নিজৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হৈছে। ডুবাইৰ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ইতিমধ্যে হংকঙে টছত জয়ী হৈ ভাৰতীয় দলক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছে। ইনিংছ আৰম্ভ কৰি ভাৰতীয় অপেনাৰদ্বয় ৰোহিত শৰ্মা আৰু ৰাহুলে বৰ্তমানলৈকে কোনো হানি নঘটাকৈ ১ অভাৰত ৫ ৰান সংগ্ৰহ কৰিছে। হংকঙৰ বিৰুদ্ধে আজিৰ এই মেচখনত ভাৰতে পাকিস্তানৰ বিপক্ষে জয়ৰ নায়ক হাৰ্দিক পাণ্ডিয়াক বিশ্ৰাম দিছে। পাণ্ডিয়াৰ স্থানত দলৰ মূল একাদশত স্থান দিয়া হৈছে ঋষভ পণ্টক।

হংকঙৰ বিপক্ষে এই মেচখনত ভাৰতীয় দলৰ দুগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ ভুৱনেশ্বৰ কুমাৰ আৰু যুজবেন্দ্ৰ চাহালে পৰস্পৰৰ বিপক্ষে এক বিশেষ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব। যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত বলিঙ আক্ৰমণৰ নেতৃত্ব বহন কৰা  ভুৱনেশ্বৰে পাকিস্তানৰ বিপক্ষে প্ৰতিযোগিতাৰ প্ৰথমখন খেলত চাৰিটা উইকেট দখল কৰি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। এই চাৰিটা উইকেটৰ জৰিয়তে ভুৱনেশ্বৰে আন্ত:ৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰত নিজৰ উইকেটৰ সংখ্যা ৭৭ টালৈ বৃদ্ধি কৰিছিল। 

আজি হংকঙৰ বিপক্ষে মেচখনত যদি ভুৱনেশ্বৰ কুমাৰে তিনিটা উইকেট লাভ কৰিব পাৰে, তেতিয়া টি-২০ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হ’ব। এই ক্ষেত্ৰত পেচাৰগৰাকীয়ে অতিক্ৰম কৰি যাব স্পিনাৰ যুজবেন্দ্ৰ চাহালক। বৰ্তমান তালিকাৰ শীৰ্ষস্থানত থকা চাহালে ৬৩ খন টি-২০ মেচত ৭৯ টা উইকেট লাভ কৰিছে। অৱশ্যে চাহালেও আজিৰ মেচখনত নিজৰ এই ৰেকৰ্ড অক্ষুণ্ণ ৰখাৰ সুযোগ পাব।  

পাকিস্তানৰ বিৰুদ্ধে মেচখনত ভুৱনেশ্বৰৰ চমকপ্ৰদ সাফল্যৰ বিপৰীতে উইকেট দখলত ব্যৰ্থ হৈছিল চাহাল। চাৰি অভাৰৰ স্পেলটোত চাহালে কোনো উইকেট লাভ নকৰাকৈ ৩২ ৰান খৰচ কৰিছিল। অৱশ্যে আজিৰ মেচখনত তুলনামূলকভাৱে দুৰ্বল হংকঙৰ বিপক্ষে চাহালৰ স্পীন যাদুৰ প্ৰভাৱ দেখাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা ২৮ আগষ্টত অনুষ্ঠিত পাকিস্তানৰ বিৰুদ্ধে খেলখনত হাৰ্দিক পাণ্ডিয়াৰ অলৰাউণ্ড প্ৰদৰ্শনৰ লগতে ভুৱনেশ্বৰ, জাদেজা, কোহলী আৰু অৰ্শদ্বীপ সিঙৰ গুৰুত্বপূৰ্ণ অৱদানৰ সহায়ত ভাৰতে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিছিল। পাণ্ডিয়াই মেচখনত প্ৰথমে বলিঙৰ সময়ত পাকিস্তানৰ ইনিংছৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰাৰ লগতে ৩৩ ৰানৰ এক বিজয়ী ইনিংছ খেলিছিল। ইয়াৰ সুবাদতে তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হৈছিল। 

আনহাতে ফৰ্মহীনতাত ভুগি থকা প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীয়েও মেচখনত ফৰ্ম ঘূৰাই পোৱাৰ ইঙ্গিত দি ৩৫ ৰানৰ এটা ইনিংছ খেলিছিল। জাদেজাৰ বেটৰ পৰা আহিছিল ৩৫ ৰান। আনহাতে মেচখনত ব্যৰ্থ হোৱা দুই অপেনাৰ অধিনায়ক ৰোহিত শৰ্মা আৰু  ৰাহুল আজিৰ মেচখনত সফল হ’ব বুলি আশা কৰা হৈছে। হংকঙৰ বিৰুদ্ধে এই মেচখনত জয়ী হ’লেই ভাৰতে চুপাৰ-৪ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট