--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া আক্ৰমণকাৰীয়ে ছদ্মবেশত আহি গুলীচালনাৰ ঘটনা বৃদ্ধি পাইছে৷ সৌসিদিনা সাংবাদিকৰ ছদ্মবেশত আহি উত্তৰ প্ৰদেশত দুজন গেংষ্টাৰক গুলীয়াই হত্যা কৰা হৈছিল৷ এইবাৰ খোদ  ৰাজধানী চহৰ নতুন দিল্লীতে সংঘটিত হৈছে অনুৰূপ এক শিহৰণকাৰী ঘটনা৷ দিল্লীৰ  আদালত চৌহদতে এজন লোকে অধিবক্তাৰ পোছাক পৰিধান কৰি আহি পত্নী নিচেই কাষৰে পৰা গুলীওৱাৰ ঘটনাই সকলোকে হতবাক কৰি তুলিছে৷  

শুক্ৰবাৰে পুৱা দিল্লীৰ চাকেত আদালতত সংঘটিত হয় এই শিহৰণকাৰী ঘটনা৷জানিব পৰা মতে  স্বামী আৰু পত্নীৰ মাজত চলি থকা দীৰ্ঘদিনীয়া বিবাদে আদালতৰ মজিয়া পাইছিল৷ সেই বিবাদৰ পৰিণতিতে গুলীচালনা ঘটনাটো সংঘটিত হয়। স্বামী-স্ত্ৰীৰ মাজত বৈবাহিক সম্পৰ্ক মুঠেও ভাল নাছিল বাবেই স্বামীয়ে আদালতলৈ অহা পত্নীক অধিবক্তাৰ সাজ পৰিধান কৰি আহি গুলীচালনা কৰে৷ প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে স্বামীয়ে তেওঁৰ পত্নীক মুঠ চাৰি জাঁই গুলী চলায়৷ 

সৰহভাগ গুলী মহিলাগৰাকীৰ পেটত লাগে৷ লগে লগে তেওঁ ঢলি পৰে৷ অতি সংকটজনক অৱস্থাত মহিলাগৰাকীক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা  হয়৷ মহিলাগৰাকীয়ে মৃত্যুৰ সৈতে যুঁজি থকা বুলি চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে৷ ইপিনে গুলীচালনাৰ ঘটনাত এগৰাকী মহিলা অধিবক্তাৰো ডিঙিত গুলী লাগে৷ তেওঁ বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে৷   বহুদিনৰে পৰাই স্বামীয়ে আদালতলৈ আহি তেওঁৰ পত্নীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে৷  

মানুহজনে পূৰ্ব পৰিকল্পিত ভাৱেই অধিবক্তাৰ  পোছাক পিন্ধি আদালতলৈ আহিছিল। শুক্ৰবাৰে পুৱা ১০.৩০ বজাত দিল্লী ৰ সাকেত আদালতত সংঘটিত এই ঘটনাৰ পিছতে সমগ্ৰ আদালত চৌহদতে আতংক বিয়পি পৰে৷  হঠাতে, গুলীবৰ্ষণৰ শব্দ শুনা গৈছিল। আৰক্ষীয়ে লগে লগে আদালতৰ চৌহদ ঘেৰাও কৰিছিল। দিল্লীৰ আদালতত আক্ৰমণৰ এয়াই প্ৰথম ঘটনা নহয়। অতীতেও দিল্লীৰ আদালতত গুলীচালনাৰ ঘটনা ঘটিছিল । যোৱা বছৰ ছেপ্টেম্বৰ মাহত উকীলৰ ছদ্মবেশত অহা দুজন বন্দুকধাৰীয়ে আদালতত প্ৰৱেশ কৰি  গুলীচালনা কৰিছিল। অৱশ্যে আৰক্ষীৰ গুলীত আক্ৰমণকাৰী দুজন নিহত হৈছিল। যোৱা বছৰ দুজন উকীলৰ মাজত হোৱা বিবাদৰ সময়তে এজন ব্যক্তিয়ে হঠাতে গুলীচালনা কৰিছিল। অৱশ্যে সেই ঘটনাটোত কোনো লোক হতাহত হোৱৈা নাছিল৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা