--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া আক্ৰমণকাৰীয়ে ছদ্মবেশত আহি গুলীচালনাৰ ঘটনা বৃদ্ধি পাইছে৷ সৌসিদিনা সাংবাদিকৰ ছদ্মবেশত আহি উত্তৰ প্ৰদেশত দুজন গেংষ্টাৰক গুলীয়াই হত্যা কৰা হৈছিল৷ এইবাৰ খোদ  ৰাজধানী চহৰ নতুন দিল্লীতে সংঘটিত হৈছে অনুৰূপ এক শিহৰণকাৰী ঘটনা৷ দিল্লীৰ  আদালত চৌহদতে এজন লোকে অধিবক্তাৰ পোছাক পৰিধান কৰি আহি পত্নী নিচেই কাষৰে পৰা গুলীওৱাৰ ঘটনাই সকলোকে হতবাক কৰি তুলিছে৷  

শুক্ৰবাৰে পুৱা দিল্লীৰ চাকেত আদালতত সংঘটিত হয় এই শিহৰণকাৰী ঘটনা৷জানিব পৰা মতে  স্বামী আৰু পত্নীৰ মাজত চলি থকা দীৰ্ঘদিনীয়া বিবাদে আদালতৰ মজিয়া পাইছিল৷ সেই বিবাদৰ পৰিণতিতে গুলীচালনা ঘটনাটো সংঘটিত হয়। স্বামী-স্ত্ৰীৰ মাজত বৈবাহিক সম্পৰ্ক মুঠেও ভাল নাছিল বাবেই স্বামীয়ে আদালতলৈ অহা পত্নীক অধিবক্তাৰ সাজ পৰিধান কৰি আহি গুলীচালনা কৰে৷ প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে স্বামীয়ে তেওঁৰ পত্নীক মুঠ চাৰি জাঁই গুলী চলায়৷ 

সৰহভাগ গুলী মহিলাগৰাকীৰ পেটত লাগে৷ লগে লগে তেওঁ ঢলি পৰে৷ অতি সংকটজনক অৱস্থাত মহিলাগৰাকীক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা  হয়৷ মহিলাগৰাকীয়ে মৃত্যুৰ সৈতে যুঁজি থকা বুলি চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে৷ ইপিনে গুলীচালনাৰ ঘটনাত এগৰাকী মহিলা অধিবক্তাৰো ডিঙিত গুলী লাগে৷ তেওঁ বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে৷   বহুদিনৰে পৰাই স্বামীয়ে আদালতলৈ আহি তেওঁৰ পত্নীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে৷  

মানুহজনে পূৰ্ব পৰিকল্পিত ভাৱেই অধিবক্তাৰ  পোছাক পিন্ধি আদালতলৈ আহিছিল। শুক্ৰবাৰে পুৱা ১০.৩০ বজাত দিল্লী ৰ সাকেত আদালতত সংঘটিত এই ঘটনাৰ পিছতে সমগ্ৰ আদালত চৌহদতে আতংক বিয়পি পৰে৷  হঠাতে, গুলীবৰ্ষণৰ শব্দ শুনা গৈছিল। আৰক্ষীয়ে লগে লগে আদালতৰ চৌহদ ঘেৰাও কৰিছিল। দিল্লীৰ আদালতত আক্ৰমণৰ এয়াই প্ৰথম ঘটনা নহয়। অতীতেও দিল্লীৰ আদালতত গুলীচালনাৰ ঘটনা ঘটিছিল । যোৱা বছৰ ছেপ্টেম্বৰ মাহত উকীলৰ ছদ্মবেশত অহা দুজন বন্দুকধাৰীয়ে আদালতত প্ৰৱেশ কৰি  গুলীচালনা কৰিছিল। অৱশ্যে আৰক্ষীৰ গুলীত আক্ৰমণকাৰী দুজন নিহত হৈছিল। যোৱা বছৰ দুজন উকীলৰ মাজত হোৱা বিবাদৰ সময়তে এজন ব্যক্তিয়ে হঠাতে গুলীচালনা কৰিছিল। অৱশ্যে সেই ঘটনাটোত কোনো লোক হতাহত হোৱৈা নাছিল৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে