--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাউ দাউকৈ জ্বলিছে চুদান৷ চলিতবৰ্ষৰ শেষৰ পিনে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চুদানত এতিয়া যুদ্ধৰহে পৰিবেশে বিৰাজ কৰিছে৷ গৃহযুদ্ধত জৰ্জৰিত চুদানৰ পৰা হাজাৰ হাজাৰ লোকে পলায়ন কৰিছে৷ কিন্তু বহু ভাৰতীয় লোক এতিয়াও দেশ খনত আবদ্ধ হৈ আছে৷ এনে সময়তে প্ৰধানমন্ত্ৰীয়ে চুদানত থকা ভাৰতীয়সকলৰ সুৰক্ষাকলৈ এখন  বৈঠক অনুষ্ঠিত কৰে৷  বৈঠকত মোদীয়ে ভাৰতীয় লোকসকলক চুদানৰ পৰা স্থানান্তৰৰ পৰিকল্পনা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে৷

বৈঠকত মোদীয়ে  চুদানৰ পৰিস্থিতিৰ মূল্যাঙ্কন কৰে৷  বৰ্তমান সংঘৰ্ষগ্ৰস্ত দেশখনত থকা ৩,০০০ তকৈও অধিক ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বিষয়ত মোদীয়ে  গুৰুত্ব আৰোপ কৰে। এক চৰকাৰী বিবৃতি অনুসৰি মোদীয়ে  উচ্চ পৰ্যায়ৰ বৈঠকত চুদানত থকা  ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত  কৰিবলৈ   নিৰ্দেশ দিয়ে। মোদীয়ে  যোৱা সপ্তাহত চুদানত নিহত এজন ভাৰতীয় নাগৰিকৰ মৃত্যুত শোক প্ৰকাশ কৰে।  প্ৰধানমন্ত্ৰীয়ে চুদানৰ চুবুৰীয়া দেশসমূহৰ  সৈতে  যোগাযোগ বজাই ৰাখি চুদানৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ পৰিকল্পনা কৰিবলৈ কয়৷

 ইপিনে  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে ২০ এপ্ৰিলত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছক  সাক্ষাৎ কৰি আৰু চুদানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছিল। জয়শংকৰে কৈছিল যে ভাৰত চৰকাৰে চুদানত আৱদ্ধ হৈ থকা নাগৰিকসকলৰ সৈতে নিৰন্তৰ যোগাযোগ  কৰি আছে।চুদানৰ পৰা ভাৰতীয় লোক স্থানান্তৰিত কৰাত জয়শংকৰে ৰাষ্ট্ৰ সংঘৰো সহায় বিচাৰিছে৷ ইপিনে চুদানত সংঘৰ্ষ বৃদ্ধি হোৱাৰ লগে লগে  হাজাৰ হাজাৰ নাগৰিকে চুদানৰ ৰাজধানী খাৰ্তুমৰ পৰা পলায়ন কৰিছে। বাতৰি অনুসৰি এতিয়ালৈকে সংঘৰ্ষত এজন ভাৰতীয়সহ ৩৫০ ৰো অধিক লোক নিহত হৈছে। চুদানৰ সেনা প্ৰধান আব্দেল ফাত্তাহ আল-বুৰহানৰ অনুগত বাহিনী আৰু অৰ্ধসামৰিক দ্ৰুত সমৰ্থন বাহিনীৰ (আৰএছএফ) কমাণ্ড কৰা তেওঁৰ ডেপুটি মহম্মদ হামদান দাগ্লোৰ বাহিনীৰ মাজত এই যুঁজ চলি আছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement