--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাউ দাউকৈ জ্বলিছে চুদান৷ চলিতবৰ্ষৰ শেষৰ পিনে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চুদানত এতিয়া যুদ্ধৰহে পৰিবেশে বিৰাজ কৰিছে৷ গৃহযুদ্ধত জৰ্জৰিত চুদানৰ পৰা হাজাৰ হাজাৰ লোকে পলায়ন কৰিছে৷ কিন্তু বহু ভাৰতীয় লোক এতিয়াও দেশ খনত আবদ্ধ হৈ আছে৷ এনে সময়তে প্ৰধানমন্ত্ৰীয়ে চুদানত থকা ভাৰতীয়সকলৰ সুৰক্ষাকলৈ এখন  বৈঠক অনুষ্ঠিত কৰে৷  বৈঠকত মোদীয়ে ভাৰতীয় লোকসকলক চুদানৰ পৰা স্থানান্তৰৰ পৰিকল্পনা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে৷

বৈঠকত মোদীয়ে  চুদানৰ পৰিস্থিতিৰ মূল্যাঙ্কন কৰে৷  বৰ্তমান সংঘৰ্ষগ্ৰস্ত দেশখনত থকা ৩,০০০ তকৈও অধিক ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বিষয়ত মোদীয়ে  গুৰুত্ব আৰোপ কৰে। এক চৰকাৰী বিবৃতি অনুসৰি মোদীয়ে  উচ্চ পৰ্যায়ৰ বৈঠকত চুদানত থকা  ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত  কৰিবলৈ   নিৰ্দেশ দিয়ে। মোদীয়ে  যোৱা সপ্তাহত চুদানত নিহত এজন ভাৰতীয় নাগৰিকৰ মৃত্যুত শোক প্ৰকাশ কৰে।  প্ৰধানমন্ত্ৰীয়ে চুদানৰ চুবুৰীয়া দেশসমূহৰ  সৈতে  যোগাযোগ বজাই ৰাখি চুদানৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ পৰিকল্পনা কৰিবলৈ কয়৷

 ইপিনে  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে ২০ এপ্ৰিলত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছক  সাক্ষাৎ কৰি আৰু চুদানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছিল। জয়শংকৰে কৈছিল যে ভাৰত চৰকাৰে চুদানত আৱদ্ধ হৈ থকা নাগৰিকসকলৰ সৈতে নিৰন্তৰ যোগাযোগ  কৰি আছে।চুদানৰ পৰা ভাৰতীয় লোক স্থানান্তৰিত কৰাত জয়শংকৰে ৰাষ্ট্ৰ সংঘৰো সহায় বিচাৰিছে৷ ইপিনে চুদানত সংঘৰ্ষ বৃদ্ধি হোৱাৰ লগে লগে  হাজাৰ হাজাৰ নাগৰিকে চুদানৰ ৰাজধানী খাৰ্তুমৰ পৰা পলায়ন কৰিছে। বাতৰি অনুসৰি এতিয়ালৈকে সংঘৰ্ষত এজন ভাৰতীয়সহ ৩৫০ ৰো অধিক লোক নিহত হৈছে। চুদানৰ সেনা প্ৰধান আব্দেল ফাত্তাহ আল-বুৰহানৰ অনুগত বাহিনী আৰু অৰ্ধসামৰিক দ্ৰুত সমৰ্থন বাহিনীৰ (আৰএছএফ) কমাণ্ড কৰা তেওঁৰ ডেপুটি মহম্মদ হামদান দাগ্লোৰ বাহিনীৰ মাজত এই যুঁজ চলি আছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন