--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ এইমছত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। সোমবাৰে দিল্লীস্থিত এইমছৰ পুৰণি ৰাজ কুমাৰী অ'পিডি ভৱনৰ দ্বিতীয় মহলাৰ জৰুৰীকালীন ৱাৰ্ডৰ কাষতেই অৱস্থিত এণ্ডোস্কোপী কোঠাত হঠাৎ সূত্ৰপাত হয় জুইৰ। ঘটনা সংঘটিত হোৱাৰ লগে লগে ততাতৈয়াকৈ ৮খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।

পুৱা প্ৰায় ১১:৫৪ বজাত জৰুৰীকালীন ৱাৰ্ডটোত সূত্ৰপাত হয় এই অগ্নিকাণ্ড। এই খবৰ বিয়পি পৰাৰ লগে লগে কাষৰ সকলো ৰোগী আৰু কৰ্মচাৰীক অন্য স্থানলৈ স্থানান্তৰ কৰা হয়। উল্লেখ্য বৰ্তমান নিয়ন্ত্ৰিত অৱস্থাত থকা অগ্নিকাণ্ডৰ পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হৈছে এইমছৰ সঞ্চালক প্ৰধান। জুইৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

বহু প্ৰচেষ্টাৰ অন্তত এইমছৰ ভৱনত অগ্নিকাণ্ড নিয়ন্ত্ৰণাধীন হয়। জুই ইমানেই প্ৰচণ্ড আছিল যে জুইৰ ধোঁৱা ওপৰলৈ উঠি অহা দেখা যায়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি জৰুৰীকালীন ৱাৰ্ডত সংঘটিত হোৱা জুই নিৰ্বাপন কৰা হৈছে। ৰোগীক ৱাৰ্ডৰ পৰা উলিয়াই অনা হয়। অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। 

অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এইমছ ভৱনৰ এটা কোঠাৰ পৰা ওলাই অহা ধোঁৱাই চিকিৎসালয় প্ৰশাসনৰ মাজত হাহাকাৰ সৃষ্টি কৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন