--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ এইমছত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। সোমবাৰে দিল্লীস্থিত এইমছৰ পুৰণি ৰাজ কুমাৰী অ'পিডি ভৱনৰ দ্বিতীয় মহলাৰ জৰুৰীকালীন ৱাৰ্ডৰ কাষতেই অৱস্থিত এণ্ডোস্কোপী কোঠাত হঠাৎ সূত্ৰপাত হয় জুইৰ। ঘটনা সংঘটিত হোৱাৰ লগে লগে ততাতৈয়াকৈ ৮খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।

পুৱা প্ৰায় ১১:৫৪ বজাত জৰুৰীকালীন ৱাৰ্ডটোত সূত্ৰপাত হয় এই অগ্নিকাণ্ড। এই খবৰ বিয়পি পৰাৰ লগে লগে কাষৰ সকলো ৰোগী আৰু কৰ্মচাৰীক অন্য স্থানলৈ স্থানান্তৰ কৰা হয়। উল্লেখ্য বৰ্তমান নিয়ন্ত্ৰিত অৱস্থাত থকা অগ্নিকাণ্ডৰ পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হৈছে এইমছৰ সঞ্চালক প্ৰধান। জুইৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

বহু প্ৰচেষ্টাৰ অন্তত এইমছৰ ভৱনত অগ্নিকাণ্ড নিয়ন্ত্ৰণাধীন হয়। জুই ইমানেই প্ৰচণ্ড আছিল যে জুইৰ ধোঁৱা ওপৰলৈ উঠি অহা দেখা যায়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি জৰুৰীকালীন ৱাৰ্ডত সংঘটিত হোৱা জুই নিৰ্বাপন কৰা হৈছে। ৰোগীক ৱাৰ্ডৰ পৰা উলিয়াই অনা হয়। অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। 

অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এইমছ ভৱনৰ এটা কোঠাৰ পৰা ওলাই অহা ধোঁৱাই চিকিৎসালয় প্ৰশাসনৰ মাজত হাহাকাৰ সৃষ্টি কৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস