--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰশান্ত ভূষণে এইবাৰ পুনৰ মোদীৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে৷ বেংক জালিয়াতিত জড়িত থকাসকলক মোদীৰ চৰকাৰে ৰক্ষণাবেক্ষণ দি অহা বুলি অভিযোগ কৰি অহা বিশিষ্ট অধিবক্তা গৰাকীয়ে শেহতীয়াকৈ কৈছে যে মোদীৰ চৰকাৰে ইচ্ছাকৃতভাবে  ঋণ আদায় নিদিয়া প্ৰৱঞ্চকসকলৰ একাউণ্ট বোৰ টনকিয়াল কৰিবলৈ সাধাৰণ ভাৰতীয়ৰ ধন ব্যৱহাৰ কৰিছে৷ টুইটত ভূষণে মোদীৰ চৰকাৰৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে৷ 

ভূষণে উল্লেখ কৰা অনুসৰি ভাৰতীয়  ৰিজাৰ্ভ বেংকৰ মতেই ন বছৰীয়া মোদী চৰকাৰৰ দিনত ভাৰতৰ বেংকসমূহে ১২,৫০,৫৫৩ কোটি টকা হেৰুৱাইছে। ভাৰতীয় ইতিহাসত আগতে কেতিয়াও ইমান বৃহৎ পৰিমাণৰ ক্ষতিৰ সন্মুখীন হোৱা নাছিল বুলি তেওঁ কয়৷  ভূষণে কয় যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ আগষ্টত তেওঁৰ স্থিতিৰ জড়িয়তে প্ৰমাণ কৰিছিল যে  চৰকাৰে বেংকৰ লোকচানৰ বিষয়ে যিকোনো তথ্য গোপন কৰিবলৈ  আগ্ৰহী৷ কিন্তু তথ্যবোৰ লুকুৱাই ৰাখিব পৰা নগ’ল৷ মোদীৰ শাসনকালতে  সম্পূৰ্ণ ন বছৰত বিভিন্ন  বেংকে হেৰুওৱা ধনৰ পৰিমাণ ১২,০৯,৬০৬ কোটি টকাৰ পৰা ১২,৫০,৫৫৩ কোটি টকালৈ বৃদ্ধি হৈছে।

ৰাজহুৱা খণ্ডৰ বেংকবোৰেই এইক্ষেত্ৰত  আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে৷চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত বিত্ত বিভাগৰ  এজন ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাডে উত্তৰ দিছিল যে "বৃহৎ ক্ৰেডিটৰ বিষয়ত  চিআৰআইএলচি  ডাটাবেছত প্ৰকাশিত তথ্য অনুসৰি অনুসূচীত বাণিজ্যিক বেংকৰ শীৰ্ষ ১০ জন ঋণ লওঁতাৰ মুঠ ধনৰ পৰিমাণ  হৈছে ১২,৭১,৬০৪ কোটি টকা"। সেই ধনৰ  এক বৃহৎ অংশ কেতিয়াও বেংকক ঘূৰাই দিয়া হোৱা নাই৷ চীন, ভিয়েটনাম, মালয়েছিয়া আৰু কম্বোডিয়া সকলো বেয়া ঋণ (এনপিএ) বা অথলে যোৱা ঋণৰ শতাংশ হাৰ ১.৬ৰ পৰা ১.৭  শতাংশৰ ভিতৰত  আছে, আনহাতে ইণ্ডোনেছিয়াত ই ২.৬ শতাংশ। তুৰস্ক, থাইলেণ্ড আৰু ব্ৰুনেইত মুঠ ঋণৰ প্ৰায় ত শতাংশ  হৈছে এনপিএ। এই ক্ষেত্ৰত, ভাৰতৰ স্থিতি অধিক ভয়াৱহ৷ কিয়নো মোদীৰ ন বছৰৰ সময়ছোৱাত এনপিএ সাধাৰণতে ৭ শতাংশৰ পৰা  ৮ শতাংশ আছিল৷  

বিত্ত মন্ত্ৰীৰ মতে সেয়া ২০১৮ চনৰ ৩১ মাৰ্চত  ১১.৪৬ শতাংশ হয়গৈ৷ উল্লেখ্য নীৰৱ মোদী, মেহুল ছকচীকে ধৰি বহুতে বহুতেই ভাৰতীয় বেংকৰ পৰা ঋণলৈ বিদেশলৈ পলায়ন কৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন