--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰশান্ত ভূষণে এইবাৰ পুনৰ মোদীৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে৷ বেংক জালিয়াতিত জড়িত থকাসকলক মোদীৰ চৰকাৰে ৰক্ষণাবেক্ষণ দি অহা বুলি অভিযোগ কৰি অহা বিশিষ্ট অধিবক্তা গৰাকীয়ে শেহতীয়াকৈ কৈছে যে মোদীৰ চৰকাৰে ইচ্ছাকৃতভাবে  ঋণ আদায় নিদিয়া প্ৰৱঞ্চকসকলৰ একাউণ্ট বোৰ টনকিয়াল কৰিবলৈ সাধাৰণ ভাৰতীয়ৰ ধন ব্যৱহাৰ কৰিছে৷ টুইটত ভূষণে মোদীৰ চৰকাৰৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে৷ 

ভূষণে উল্লেখ কৰা অনুসৰি ভাৰতীয়  ৰিজাৰ্ভ বেংকৰ মতেই ন বছৰীয়া মোদী চৰকাৰৰ দিনত ভাৰতৰ বেংকসমূহে ১২,৫০,৫৫৩ কোটি টকা হেৰুৱাইছে। ভাৰতীয় ইতিহাসত আগতে কেতিয়াও ইমান বৃহৎ পৰিমাণৰ ক্ষতিৰ সন্মুখীন হোৱা নাছিল বুলি তেওঁ কয়৷  ভূষণে কয় যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ আগষ্টত তেওঁৰ স্থিতিৰ জড়িয়তে প্ৰমাণ কৰিছিল যে  চৰকাৰে বেংকৰ লোকচানৰ বিষয়ে যিকোনো তথ্য গোপন কৰিবলৈ  আগ্ৰহী৷ কিন্তু তথ্যবোৰ লুকুৱাই ৰাখিব পৰা নগ’ল৷ মোদীৰ শাসনকালতে  সম্পূৰ্ণ ন বছৰত বিভিন্ন  বেংকে হেৰুওৱা ধনৰ পৰিমাণ ১২,০৯,৬০৬ কোটি টকাৰ পৰা ১২,৫০,৫৫৩ কোটি টকালৈ বৃদ্ধি হৈছে।

ৰাজহুৱা খণ্ডৰ বেংকবোৰেই এইক্ষেত্ৰত  আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে৷চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত বিত্ত বিভাগৰ  এজন ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাডে উত্তৰ দিছিল যে "বৃহৎ ক্ৰেডিটৰ বিষয়ত  চিআৰআইএলচি  ডাটাবেছত প্ৰকাশিত তথ্য অনুসৰি অনুসূচীত বাণিজ্যিক বেংকৰ শীৰ্ষ ১০ জন ঋণ লওঁতাৰ মুঠ ধনৰ পৰিমাণ  হৈছে ১২,৭১,৬০৪ কোটি টকা"। সেই ধনৰ  এক বৃহৎ অংশ কেতিয়াও বেংকক ঘূৰাই দিয়া হোৱা নাই৷ চীন, ভিয়েটনাম, মালয়েছিয়া আৰু কম্বোডিয়া সকলো বেয়া ঋণ (এনপিএ) বা অথলে যোৱা ঋণৰ শতাংশ হাৰ ১.৬ৰ পৰা ১.৭  শতাংশৰ ভিতৰত  আছে, আনহাতে ইণ্ডোনেছিয়াত ই ২.৬ শতাংশ। তুৰস্ক, থাইলেণ্ড আৰু ব্ৰুনেইত মুঠ ঋণৰ প্ৰায় ত শতাংশ  হৈছে এনপিএ। এই ক্ষেত্ৰত, ভাৰতৰ স্থিতি অধিক ভয়াৱহ৷ কিয়নো মোদীৰ ন বছৰৰ সময়ছোৱাত এনপিএ সাধাৰণতে ৭ শতাংশৰ পৰা  ৮ শতাংশ আছিল৷  

বিত্ত মন্ত্ৰীৰ মতে সেয়া ২০১৮ চনৰ ৩১ মাৰ্চত  ১১.৪৬ শতাংশ হয়গৈ৷ উল্লেখ্য নীৰৱ মোদী, মেহুল ছকচীকে ধৰি বহুতে বহুতেই ভাৰতীয় বেংকৰ পৰা ঋণলৈ বিদেশলৈ পলায়ন কৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস