--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ।ৰাজ্যখনত বৰ্তি থকা অচলা আৱস্থাই মণিপুৰৰ জনসাধাৰণৰ জীৱন ধাৰাত প্ৰভৱিত কৰাৰ লগতে ৰাজনৈতিক প্ৰক্ষাপটতো বিৰূপ প্ৰভাৱ পেলাইছে৷ মণিপুৰত অব্যাহত থকা এই সংকটৰ মাজতে এন পি পিয়ে মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছে৷

প্ৰাপ্ত খবৰ অনুসৰি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ চৰকাৰে মণিপুৰৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত ব্যৰ্থ হোৱাকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপলছ পাৰ্টিয়ে মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ ঘোষণা সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ পত্ৰ প্ৰেৰণ কৰিছে৷ 

এই পত্ৰৰ জৰিয়তে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে নিজৰ দলৰ অৰ্থাৎ এনপিপিৰ সাতজন বিধায়কক মিত্ৰজোঁটৰ পৰা বাহিৰ কৰাৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে৷ লগতে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে, নিৰীহ লোকৰ জীৱন হেৰুৱাইছে৷ বৰ্তমানৰ নেতৃত্বই এই জটিল সমস্যাসমূহৰ সমাধানত ব্যৰ্থ হৈছে বুলি পত্ৰ খনত উল্লেখ কৰিছে৷ 

অৱশ্যে এন পি পিৰ সাতজন বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰৰ পাছতো মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ নিৰাপদ হৈ আছে। কাৰণ ৬০ জনীয়া বিধানসভাত ৩৭ খন আসনৰে সংখ্যাগৰিষ্ঠতা লাভ কৰি আছে। ইয়াৰ উপৰিও বিজেপিয়ে নগা পিপলছ ফ্ৰণ্ট (এনপিএফ)ৰ পাঁচজন বিধায়ক, এজন জেডিইউ বিধায়ক, আৰু তিনিজন নিৰ্দলীয় বিধায়ক ধৰি আঞ্চলিক মিত্ৰ আৰু নিৰ্দলীয়ৰ সমৰ্থন লাভ কৰি আহিছে যদিও প্ৰশ্ন হয় যে মণিপুৰৰ এনে পৰিস্থিত ভঙুমমুখী হোৱাৰ দিশে গতি কৰিছে নেকি নেডা?

শোহতীয়া খবৰ অনুসৰিমহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰ এৰি আজি পুনৰ দিল্লীলৈ ৰাওনা হৈছিল‌ গৃহমন্ত্ৰীগৰাকী৷ সোমবাৰে মণিপুৰক লৈ বৈঠক অনুষ্ঠিত কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে নিৰবাচনী সভা বাতিল কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ