--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ ৰাজপথত আৰু বাইক-টেক্সি নচলিব। ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ৰেপিডো আৰু উবেৰক দিল্লীত বাইক-টেক্সি চলাবলৈ অনুমতি দিছিল। লগতে এই বাইক-টেক্সি কোম্পানীসমূহৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ দিছিল।

এতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু ৰাজেশ ভিন্দলৰ বিচাৰপীঠে দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে দিল্লী চৰকাৰে বাইক-টেক্সি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি নকৰালৈকে ৰাজধানীত এনে বাইক-টেক্সি চলাচল কৰিবলৈ দিয়া নহ’ব।

ইয়াৰ পূৰ্বে দিল্লী চৰকাৰে ৩০ জুনৰ ভিতৰত দুচকীয়া যাত্ৰীবাহী বাণিজ্যিক বাহনৰ নীতি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছিল। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে দিল্লী চৰকাৰে বাইক-টেক্সি সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল। চৰকাৰে ওলা, উবেৰ, ৰেপিডোৰ দৰে কোম্পানীক সকীয়াই দিছিল যে মটৰ গাড়ী আইন ১৯৮৮ অনুসৰি দুচকীয়া বাহন ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে বাইক-টেক্সি নিষিদ্ধ কৰা হৈছে।

এই গোচৰত প্ৰথমবাৰৰ বাবে আইন উলংঘা কৰিলে ৫ হাজাৰ টকা জৰিমনা আৰু দ্বিতীয়বাৰ উলংঘাৰ বাবে ১০ হাজাৰ টকা জৰিমনা আৰু এবছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব বুলি দিল্লী পৰিবহণ বিভাগে জানিবলৈ দিয়ে। লগতে ৩ মাহৰ বাবে ড্ৰাইভিং লাইচেন্স স্থগিত ৰখাৰ কথাও অৱগত কৰা হয়।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত উবেৰ আৰু ৰেপিডোৱে গোচৰ ৰুজু কৰে। দিল্লী উচ্চ ন্যায়ালয়ে কয় যে, যেতিয়ালৈকে চৰকাৰে এই সন্দৰ্ভত চূড়ান্ত নীতি নিৰ্ধাৰণ নকৰে, তেতিয়ালৈকে বাইক-টেক্সি কোম্পানীসমূহৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল দিল্লীৰ আপ চৰকাৰে। যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছিল। সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত হাজিৰ হয় অতিৰিক্ত ছলিচিটৰ জেনেৰেল সঞ্জয় জৈনে।

তেওঁ জনায় যে বাইক-টেক্সি কোম্পানীসমূহৰ বাবে পৃথক অনুজ্ঞাপত্ৰ প্ৰদানৰ নীতি প্ৰণয়ন কৰাটো কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহৰ ওপৰত এৰি দিছে। উচ্চতম ন্যায়ালয়ে কোৱাৰ পিছতে দিল্লী চৰকাৰে বাইক টেক্সি কোম্পানীক অনুজ্ঞাপত্ৰ প্ৰদানৰ নীতি প্ৰণয়ন কৰি আছে। এনে পৰিস্থিতিত বাইক-টেক্সিৰ চলাচল বন্ধ কৰিব লাগে।এই সন্দৰ্ভত চৰকাৰী অধিসূচনাৰ ওপৰত উচ্চ ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশৰ আদেশ অযুক্তিকৰ। সেয়েহে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান