--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ ৰাজপথত আৰু বাইক-টেক্সি নচলিব। ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ৰেপিডো আৰু উবেৰক দিল্লীত বাইক-টেক্সি চলাবলৈ অনুমতি দিছিল। লগতে এই বাইক-টেক্সি কোম্পানীসমূহৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ দিছিল।

এতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু ৰাজেশ ভিন্দলৰ বিচাৰপীঠে দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে দিল্লী চৰকাৰে বাইক-টেক্সি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি নকৰালৈকে ৰাজধানীত এনে বাইক-টেক্সি চলাচল কৰিবলৈ দিয়া নহ’ব।

ইয়াৰ পূৰ্বে দিল্লী চৰকাৰে ৩০ জুনৰ ভিতৰত দুচকীয়া যাত্ৰীবাহী বাণিজ্যিক বাহনৰ নীতি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছিল। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে দিল্লী চৰকাৰে বাইক-টেক্সি সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল। চৰকাৰে ওলা, উবেৰ, ৰেপিডোৰ দৰে কোম্পানীক সকীয়াই দিছিল যে মটৰ গাড়ী আইন ১৯৮৮ অনুসৰি দুচকীয়া বাহন ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে বাইক-টেক্সি নিষিদ্ধ কৰা হৈছে।

এই গোচৰত প্ৰথমবাৰৰ বাবে আইন উলংঘা কৰিলে ৫ হাজাৰ টকা জৰিমনা আৰু দ্বিতীয়বাৰ উলংঘাৰ বাবে ১০ হাজাৰ টকা জৰিমনা আৰু এবছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব বুলি দিল্লী পৰিবহণ বিভাগে জানিবলৈ দিয়ে। লগতে ৩ মাহৰ বাবে ড্ৰাইভিং লাইচেন্স স্থগিত ৰখাৰ কথাও অৱগত কৰা হয়।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত উবেৰ আৰু ৰেপিডোৱে গোচৰ ৰুজু কৰে। দিল্লী উচ্চ ন্যায়ালয়ে কয় যে, যেতিয়ালৈকে চৰকাৰে এই সন্দৰ্ভত চূড়ান্ত নীতি নিৰ্ধাৰণ নকৰে, তেতিয়ালৈকে বাইক-টেক্সি কোম্পানীসমূহৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল দিল্লীৰ আপ চৰকাৰে। যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছিল। সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত হাজিৰ হয় অতিৰিক্ত ছলিচিটৰ জেনেৰেল সঞ্জয় জৈনে।

তেওঁ জনায় যে বাইক-টেক্সি কোম্পানীসমূহৰ বাবে পৃথক অনুজ্ঞাপত্ৰ প্ৰদানৰ নীতি প্ৰণয়ন কৰাটো কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহৰ ওপৰত এৰি দিছে। উচ্চতম ন্যায়ালয়ে কোৱাৰ পিছতে দিল্লী চৰকাৰে বাইক টেক্সি কোম্পানীক অনুজ্ঞাপত্ৰ প্ৰদানৰ নীতি প্ৰণয়ন কৰি আছে। এনে পৰিস্থিতিত বাইক-টেক্সিৰ চলাচল বন্ধ কৰিব লাগে।এই সন্দৰ্ভত চৰকাৰী অধিসূচনাৰ ওপৰত উচ্চ ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশৰ আদেশ অযুক্তিকৰ। সেয়েহে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস