--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ১৪ জুন ২০২৩। ১৪ জুন ২০২০ৰ পৰা ২৩ বৰ্ষৰ ১৪ জুনলৈ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুয়ে পাৰ কৰিলে ৩ টাকৈ বছৰ।  সুশান্তৰ মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত, এতিয়াও স্পষ্ট হোৱা নাই সুশান্তৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। এই তিনি বছৰৰ পাছতো অভিনেতাগৰাকীৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা উলিয়াব পৰা নাই চিবিআইয়ে।

২০২০ চনত সুশান্তক তেওঁৰ বান্দ্ৰা ফ্লেটত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছিল। সেই সময়ত সুশান্ত সিং ৰাজপুটৰ বয়স আছিল ৩৪ বছৰ। প্ৰথমে মুম্বাই আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল। সেই সময়ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আত্মহত্যাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল।  ইয়াৰ পিছতে সুশান্তৰ পৰিয়ালে ৰিয়া চক্ৰৱৰ্তী আৰু আন ৫গৰাকী লোকৰ বিৰুদ্ধে পাটনা আৰক্ষীত এজাহাৰ দাখিল কৰিছিল। সেই বছৰৰ জুলাই মাহত বলবৎকাৰী সঞ্চালকালয়ে আৰ্থিক জালিয়াতিৰ তদন্ত আৰম্ভ কৰে। প্ৰথমে বিহাৰ আৰক্ষীয়ে গ্ৰহণ কৰিছিল সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰ। ২০২০ চনৰ ১৯ আগষ্টত উচ্চতম ন্যায়ালয়ে চিবিআইক সুশান্তৰ মৃত্যুৰ গোচৰটো গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।


চিবিআইয়ে গোচৰৰ তদন্ত আৰম্ভ কৰাৰ পাছত এইমছৰ বিশেষজ্ঞসকলে সুশান্তৰ মৰণোত্তৰ পৰীক্ষা আৰু  বান্দ্ৰা ফ্লেটৰ ঘটনাস্থানৰ প্ৰতিবেদন পুনৰ পৰীক্ষা কৰে।  খবৰ অনুসৰি অভিনেতাজনৰ শৰীৰত কোনো অস্বাভাৱিক লক্ষণ দেখা পোৱা নগ’ল।  সংস্থাটোৰ ফৰেনছিক বিভাগৰ মুৰব্বী ডা. সুধীৰ গুপ্তাই কয় যে বলীউডৰ অভিনেতা গৰাকীয়ে আত্মহত্যা কৰে। যদিও চিবিআইয়ে আন কিছুমান বিষয় চোৱাচিতা কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সেই তদন্তৰ অভিযোগনামা এতিয়াও দাখিল কৰা হোৱা নাই।

নাৰ্কটিক কণ্ট্ৰল ব্যুৰো অৰ্থাৎ এন চি বিৰ উদ্যোগত চলা এই তদন্ত প্ৰক্ৰিয়াত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হয় ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ সৌভিক। লগতে দীপিকা পাডুকন, শ্ৰদ্ধা কাপুৰ, চাৰা আলী খানকো জেৰা কৰা হয়। তথাপিও কিন্তু ড্ৰাগছৰ গোচৰৰ সৈতে সুশান্তৰ মৃত্যুৰ কোনো স্পষ্ট সম্পৰ্ক এতিয়ালৈকে পোৱা নাই। মুম্বাইৰ আৰক্ষী আয়ুক্ত পৰবীৰ সিঙে কয় যে সুশান্তই গুগলত ‘বাইপোলাৰ ডিছঅৰ্ডাৰ’, ‘স্কিজ’ফ্ৰেনিয়া’, ‘পেইনলেছ ডেথ’ ছাৰ্চ কৰিছিল। এই সকলোবোৰৰ পৰিপ্ৰেক্ষিতত এটা কথা চিন্তনীয় যে ঘটনাৰ আগমূহুৰ্তত অভিনেতাগৰাকীৰ মানসিক অৱস্থা কিমান বেয়া আছিল? 

প্ৰসংগক্ৰমে সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল নে হত্যা কৰা হৈছিল, এতিয়াও তদন্ত অব্যাহত আছে। কিছুদিন পূৰ্বে অভিনেতাজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা কুপাৰ হাস্পতালৰ এজন মৰ্চাৰী কৰ্মীৰ বিস্ফোৰক দাবী চৰ্চালৈ আহিছিল। তেওঁ দাবী কৰিছিল যে তেওঁ সুশান্তৰ মৃতদেহ দেখিছিল। আৰু সেইটো দেখি তেওঁ ভবা নাছিল যে অভিনেতাজনে আত্মহত্যা কৰিছে। বৰঞ্চ তেওঁৰ বৰ ওচৰত আছিল আৰু মৃতদেহটো দেখি হত্যা কৰা যেন লাগিছিল।

এতিয়া প্ৰশ্ন হ'ল কেতিয়া সম্পূৰ্ণ হ'ব চিবিআইৰ তদন্ত প্ৰক্ৰিয়া? কেতিয়া চিবিআইয়ে দিব সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ চাৰ্জশ্বীট? ন্যায় পাবনে সুশান্তৰ পৰিয়ালে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ হ’ব পৰৱৰ্তী সময়ত লক্ষ্যণীয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস