--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চি। ডৰ্চিয়ে দাবী কৰে যে কৃষকৰ আন্দোলনৰ সময়ত চৰকাৰৰ বিৰোধিতা কৰা একাউণ্ট বন্ধ কৰিবলৈ ভাৰতে ‘হেঁচা’ দিছিল।

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এতিয়া তেওঁৰ এই দাবীৰ প্ৰত্যুত্তৰ দিছে। তেওঁ কয় যে ডৰ্চিয়ে সম্পূৰ্ণ মিছা কথা কৈছে। টুইটাৰে বাৰে বাৰে ভাৰতীয় আইন উলংঘা কৰি আহিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “এয়া জেক ডৰ্চিয়ে কোৱা এটা গোকাট মিছা। টুইটাৰে বাৰে বাৰে আৰু ধাৰাবাহিকভাৱে ভাৰতীয় আইন উলংঘা কৰিছিল। ২০২০ চনৰ পৰা ২০২২ চনলৈকে বাৰে বাৰে আইন উলংঘা কৰিছিল আৰু অৱশেষত ২০২২ চনৰ জুন মাহত তেওঁলোকে মানি লৈছিল। কোনো জে’ললৈ যোৱা নাছিল, নাইবা টুইটাৰ ‘বন্ধ’ হোৱা নাছিল।”

টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চিয়ে এক সাক্ষাৎকাৰৰ সময়ত দাবী কৰিছিল যে ভাৰত চৰকাৰে তেওঁক কৃষকৰ আন্দোলন সামৰি লোৱা একাউণ্টবোৰ ব্লক কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। চৰকাৰৰ বিৰোধিতা কৰি থকা এনে একাউণ্ট বন্ধ কৰিবলৈ কোৱা হৈছিল। কেৱল এয়াই নহয়, ভাৰতত টুইটাৰ বন্ধ কৰাৰ ভাবুকিও আহিছিল।

টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে কয় যে কৃষকৰ আন্দোলন সন্দৰ্ভত চৰকাৰক সমালোচনা কৰা এনে সাংবাদিকৰ একাউণ্টো বন্ধ কৰিবলৈ ভাৰত চৰকাৰে অনুৰোধ জনাইছিল। এইটো দেখি মোৰ এনে লাগিছিল যে যদি টুইটাৰে এই কাম নকৰে তেন্তে ইয়াক ভাৰতত বন্ধ কৰি দিয়া হ’ব আৰু ভাৰতত ইয়াৰ কৰ্মচাৰীৰ ঘৰত অভিযান চলোৱা হ’ব।

ডৰ্চিয়ে কয় যে তুৰস্কতো ভাৰতৰ দৰেই সমস্যাৰ সন্মুখীন হৈছিল। তাত থকা চৰকাৰেও টুইটাৰ বন্ধ কৰাৰ হুংকাৰ দিছিল।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী