--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চি। ডৰ্চিয়ে দাবী কৰে যে কৃষকৰ আন্দোলনৰ সময়ত চৰকাৰৰ বিৰোধিতা কৰা একাউণ্ট বন্ধ কৰিবলৈ ভাৰতে ‘হেঁচা’ দিছিল।

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এতিয়া তেওঁৰ এই দাবীৰ প্ৰত্যুত্তৰ দিছে। তেওঁ কয় যে ডৰ্চিয়ে সম্পূৰ্ণ মিছা কথা কৈছে। টুইটাৰে বাৰে বাৰে ভাৰতীয় আইন উলংঘা কৰি আহিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “এয়া জেক ডৰ্চিয়ে কোৱা এটা গোকাট মিছা। টুইটাৰে বাৰে বাৰে আৰু ধাৰাবাহিকভাৱে ভাৰতীয় আইন উলংঘা কৰিছিল। ২০২০ চনৰ পৰা ২০২২ চনলৈকে বাৰে বাৰে আইন উলংঘা কৰিছিল আৰু অৱশেষত ২০২২ চনৰ জুন মাহত তেওঁলোকে মানি লৈছিল। কোনো জে’ললৈ যোৱা নাছিল, নাইবা টুইটাৰ ‘বন্ধ’ হোৱা নাছিল।”

টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চিয়ে এক সাক্ষাৎকাৰৰ সময়ত দাবী কৰিছিল যে ভাৰত চৰকাৰে তেওঁক কৃষকৰ আন্দোলন সামৰি লোৱা একাউণ্টবোৰ ব্লক কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। চৰকাৰৰ বিৰোধিতা কৰি থকা এনে একাউণ্ট বন্ধ কৰিবলৈ কোৱা হৈছিল। কেৱল এয়াই নহয়, ভাৰতত টুইটাৰ বন্ধ কৰাৰ ভাবুকিও আহিছিল।

টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে কয় যে কৃষকৰ আন্দোলন সন্দৰ্ভত চৰকাৰক সমালোচনা কৰা এনে সাংবাদিকৰ একাউণ্টো বন্ধ কৰিবলৈ ভাৰত চৰকাৰে অনুৰোধ জনাইছিল। এইটো দেখি মোৰ এনে লাগিছিল যে যদি টুইটাৰে এই কাম নকৰে তেন্তে ইয়াক ভাৰতত বন্ধ কৰি দিয়া হ’ব আৰু ভাৰতত ইয়াৰ কৰ্মচাৰীৰ ঘৰত অভিযান চলোৱা হ’ব।

ডৰ্চিয়ে কয় যে তুৰস্কতো ভাৰতৰ দৰেই সমস্যাৰ সন্মুখীন হৈছিল। তাত থকা চৰকাৰেও টুইটাৰ বন্ধ কৰাৰ হুংকাৰ দিছিল।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস