--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত গেছ আক্ৰমণৰ পিছতে ঘটনাটোকলৈ বিৰোধীয়ে সংসদৰ বাহিৰে-ভিতৰে  উত্তাল কৰি ৰাখিছে।উক্ত আক্ৰমণৰ পিছতে সংসদৰ নিৰাপত্তাৰ বিষয়ত কেন্দ্ৰই এক   ডাঙৰ পৰিৱৰ্তন আনিছে।ইমানদিনে সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব দিল্লী আৰক্ষীৰ ওপৰতে আছিল যদিও কেন্দ্ৰই  সংসদৰ নিৰাপত্তাৰ দায়িত্ব কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীক অৰ্পন কৰাৰ সিদ্ধান্ত লৈছে। 

কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  চি.আই.এছ.এফ.-ক লোকসভা আৰু ৰাজ্যসভাকে ধৰি সমগ্ৰ সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে।  সংসদত নিৰাপত্তা উলংঘনৰ ঘটনাৰ পিছতে সংসদৰ নিৰাপত্তাকলৈ প্ৰশ্ন উত্থাপন হৈছিল। বহুতে দিল্লী আৰক্ষীৰ ব্যৰ্থতাক সমালোচনা কৰিছিল। অৱশেষত সংসদৰ নিৰাপত্তাৰ দায়ি্বৰ পৰা দিল্লী আৰক্ষীক আঁতৰাই সেই দায়িত্ব চি আই এছএফ অৰ্পন কৰা হৈছে। গৃহ মন্ত্ৰালয়ে কৈছে যে চিআইএছএফ এতিয়া সংসদৰ নিৰাপত্তাৰ বাবে দায়বদ্ধ হ'ব। অৱশ্যে, ভৱনটোৰ বাহিৰত দিল্লী আৰক্ষীয়ে  আগৰ দৰেই নিজৰ কৰ্তব্য কৰি যাব। 

 উল্লেখ্য  সংসদ ভৱন  আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীৰ দিনাই সংসদত  অঘটন সংঘটিত হৈছিল।  অধিবেশন চলি থকাৰ মাজতে লোকসভাত  হঠাতে আতংক বিয়পি পৰিছিল। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে  দুজন অচিনাক্ত ব্যক্তিয়ে হঠাতে সংসদ ভৱনৰ ভিতৰত  প্ৰৱেশ কৰিছিল আৰু সংসদ ভৱনৰ ডেস্কৰ ওপৰেৰে জঁপিয়াই গৈছিল।  

তেওঁলোকৰ হাতত  গেছ আছিল স্প্ৰেয়াৰ। তেওঁলোকে আনকি গেছো প্ৰয়োগো কৰিছিল।  ইতিমধ্যে ঘটনা সন্দৰ্ভত ৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 

(প্ৰিয় পাঠক, এয়া এটা ব্ৰেকিং নিউজহে। ক্ষন্তেক সময়ৰ পিছতে আমি আপোনালোকক ঘটনাৰ বিষয়ে সবিশেষ জনাম। মাত্ৰ চকু ৰাখিব প্ৰাগ নিউজ ডিজিটেলত)

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক