--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত গেছ আক্ৰমণৰ পিছতে ঘটনাটোকলৈ বিৰোধীয়ে সংসদৰ বাহিৰে-ভিতৰে  উত্তাল কৰি ৰাখিছে।উক্ত আক্ৰমণৰ পিছতে সংসদৰ নিৰাপত্তাৰ বিষয়ত কেন্দ্ৰই এক   ডাঙৰ পৰিৱৰ্তন আনিছে।ইমানদিনে সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব দিল্লী আৰক্ষীৰ ওপৰতে আছিল যদিও কেন্দ্ৰই  সংসদৰ নিৰাপত্তাৰ দায়িত্ব কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীক অৰ্পন কৰাৰ সিদ্ধান্ত লৈছে। 

কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  চি.আই.এছ.এফ.-ক লোকসভা আৰু ৰাজ্যসভাকে ধৰি সমগ্ৰ সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে।  সংসদত নিৰাপত্তা উলংঘনৰ ঘটনাৰ পিছতে সংসদৰ নিৰাপত্তাকলৈ প্ৰশ্ন উত্থাপন হৈছিল। বহুতে দিল্লী আৰক্ষীৰ ব্যৰ্থতাক সমালোচনা কৰিছিল। অৱশেষত সংসদৰ নিৰাপত্তাৰ দায়ি্বৰ পৰা দিল্লী আৰক্ষীক আঁতৰাই সেই দায়িত্ব চি আই এছএফ অৰ্পন কৰা হৈছে। গৃহ মন্ত্ৰালয়ে কৈছে যে চিআইএছএফ এতিয়া সংসদৰ নিৰাপত্তাৰ বাবে দায়বদ্ধ হ'ব। অৱশ্যে, ভৱনটোৰ বাহিৰত দিল্লী আৰক্ষীয়ে  আগৰ দৰেই নিজৰ কৰ্তব্য কৰি যাব। 

 উল্লেখ্য  সংসদ ভৱন  আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীৰ দিনাই সংসদত  অঘটন সংঘটিত হৈছিল।  অধিবেশন চলি থকাৰ মাজতে লোকসভাত  হঠাতে আতংক বিয়পি পৰিছিল। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে  দুজন অচিনাক্ত ব্যক্তিয়ে হঠাতে সংসদ ভৱনৰ ভিতৰত  প্ৰৱেশ কৰিছিল আৰু সংসদ ভৱনৰ ডেস্কৰ ওপৰেৰে জঁপিয়াই গৈছিল।  

তেওঁলোকৰ হাতত  গেছ আছিল স্প্ৰেয়াৰ। তেওঁলোকে আনকি গেছো প্ৰয়োগো কৰিছিল।  ইতিমধ্যে ঘটনা সন্দৰ্ভত ৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 

(প্ৰিয় পাঠক, এয়া এটা ব্ৰেকিং নিউজহে। ক্ষন্তেক সময়ৰ পিছতে আমি আপোনালোকক ঘটনাৰ বিষয়ে সবিশেষ জনাম। মাত্ৰ চকু ৰাখিব প্ৰাগ নিউজ ডিজিটেলত)

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক