--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি আপত্তি দৰ্শালে মমতা বেনাৰ্জীয়ে। পশ্চিমবংগই পাবলগীয়া কেন্দ্ৰীয় পুঁজিৰ ধন মোকলাই নিদিয়াক লৈ মোদীক অসন্তুষ্টি ব্যক্ত কৰিলে মমতাই। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ সমস্যাৰ কথা মন দি শুনিলে প্ৰধানমন্ত্ৰীগৰাকীয়েও। এইক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ দ্বাৰা কমিটী গঠনৰ প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। 

তৃণমূল কংগ্ৰেছৰ ৯ জনকৈ নেতাক লগত লৈ বুধবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে মমতা বেনাৰ্জীয়ে। প্ৰায় ২০ মিনিট ধৰি মোদীৰ সৈতে বাৰ্তালাপত মিলিত হয় TMCৰ প্ৰতিনিধিবৰ্গ। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পাছতে সংবাদমেল সম্বোধন কৰিলে তৃণমূল নেত্ৰীগৰাকীয়ে। পশ্চিমবংগই কেন্দ্ৰীয় পুঁজিৰ ১.১৬ লাখ কোটি টকা আজিও লাভ কৰা নাই বুলি মন্তব্য মমতাৰ। MGNREGAৰ আঁচনিৰ অধীনত ১০০ দিনৰ পুঁজি লাভ নকৰাৰো অভিযোগ তুলিলে মমতা বেনাৰ্জীয়ে। লগতে কেন্দ্ৰৰ বহু আঁচনিৰ ধন পশ্চিমবংগই পোৱা নাই বুলিও অভিযোগ কৰে মমতাই। 

উল্লেখ্য যে কেন্দ্ৰীয় পুঁজিৰ ধনক লৈ দীৰ্ঘদিন ধৰি মতানৈক্য অব্যাহত আছে কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত। এইক্ষেত্ৰত বিভিন্ন সময়ত সমুখ সমৰত লিপ্ত হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। বহু সময়ত ৰাজনৈতিক চুপতিত নামি পৰিছে পশ্চিমবংগৰ চৰকাৰ আৰু কেন্দ্ৰৰ মোদী চৰকাৰ। ২০২২ৰ নৱেম্বৰত পশ্চিমবংগৰ ৰাজ্যপালৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিল TMCৰ ৰাষ্ট্রীয় সম্পাদক অভিষেক বেনাৰ্জীয়ে। একেদৰে শেহতীয়াকৈ দিল্লী চলো কাৰ্যসূচীও গ্ৰহণ কৰিছিল তৃণমূল কংগ্ৰেছে। দিল্লীত মেগা ৰেলী আয়োজনেৰে কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনাইছিল তৃণমূল কংগ্ৰেছে। ৰেলীৰ নেতৃত্বত আছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ইপিনে, MGNREGA আঁচনি ৰূপায়ণত পশ্চিমবংগ চৰকাৰক সমালোচনাৰে প্ৰত্যুত্তৰ দি আহিছে বিজেপিয়ে। বহু ভুৱা হিতাধিকাৰীয়ে আঁচনিৰ সুবিধা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বিজেপিয়ে। 

ইপিনে, TMC–বিজেপিৰ এনে সংঘাতত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি আহিছে পশ্চিমবংগৰ ৰাজ্যপালে। বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰৰ মুখপাত্ৰ হিচাপে কাম কৰাৰ অভিযোগ উঠিছে ৰাজ্যপালৰ বিৰুদ্ধে। এক কথাত বিগত সময়ছোৱাত কেন্দ্ৰীয় পুঁজিৰ নামত পশ্চিমবংগত চলি আহিছিল ৰাজনীতিৰ বোকা ছটিওৱাৰ খেল। প্ৰধানমন্ত্ৰী মোদীৰে মমতা বেনাৰ্জীৰ সাক্ষাতৰ পাছত পশ্চিমবংগৰ ৰাজনীতিয়ে ভৱিষ্যৎ কি ৰূপ লয় সেয়া হৈ পৰিছে লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক