--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি আপত্তি দৰ্শালে মমতা বেনাৰ্জীয়ে। পশ্চিমবংগই পাবলগীয়া কেন্দ্ৰীয় পুঁজিৰ ধন মোকলাই নিদিয়াক লৈ মোদীক অসন্তুষ্টি ব্যক্ত কৰিলে মমতাই। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ সমস্যাৰ কথা মন দি শুনিলে প্ৰধানমন্ত্ৰীগৰাকীয়েও। এইক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ দ্বাৰা কমিটী গঠনৰ প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। 

তৃণমূল কংগ্ৰেছৰ ৯ জনকৈ নেতাক লগত লৈ বুধবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে মমতা বেনাৰ্জীয়ে। প্ৰায় ২০ মিনিট ধৰি মোদীৰ সৈতে বাৰ্তালাপত মিলিত হয় TMCৰ প্ৰতিনিধিবৰ্গ। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পাছতে সংবাদমেল সম্বোধন কৰিলে তৃণমূল নেত্ৰীগৰাকীয়ে। পশ্চিমবংগই কেন্দ্ৰীয় পুঁজিৰ ১.১৬ লাখ কোটি টকা আজিও লাভ কৰা নাই বুলি মন্তব্য মমতাৰ। MGNREGAৰ আঁচনিৰ অধীনত ১০০ দিনৰ পুঁজি লাভ নকৰাৰো অভিযোগ তুলিলে মমতা বেনাৰ্জীয়ে। লগতে কেন্দ্ৰৰ বহু আঁচনিৰ ধন পশ্চিমবংগই পোৱা নাই বুলিও অভিযোগ কৰে মমতাই। 

উল্লেখ্য যে কেন্দ্ৰীয় পুঁজিৰ ধনক লৈ দীৰ্ঘদিন ধৰি মতানৈক্য অব্যাহত আছে কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত। এইক্ষেত্ৰত বিভিন্ন সময়ত সমুখ সমৰত লিপ্ত হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। বহু সময়ত ৰাজনৈতিক চুপতিত নামি পৰিছে পশ্চিমবংগৰ চৰকাৰ আৰু কেন্দ্ৰৰ মোদী চৰকাৰ। ২০২২ৰ নৱেম্বৰত পশ্চিমবংগৰ ৰাজ্যপালৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিল TMCৰ ৰাষ্ট্রীয় সম্পাদক অভিষেক বেনাৰ্জীয়ে। একেদৰে শেহতীয়াকৈ দিল্লী চলো কাৰ্যসূচীও গ্ৰহণ কৰিছিল তৃণমূল কংগ্ৰেছে। দিল্লীত মেগা ৰেলী আয়োজনেৰে কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনাইছিল তৃণমূল কংগ্ৰেছে। ৰেলীৰ নেতৃত্বত আছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ইপিনে, MGNREGA আঁচনি ৰূপায়ণত পশ্চিমবংগ চৰকাৰক সমালোচনাৰে প্ৰত্যুত্তৰ দি আহিছে বিজেপিয়ে। বহু ভুৱা হিতাধিকাৰীয়ে আঁচনিৰ সুবিধা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বিজেপিয়ে। 

ইপিনে, TMC–বিজেপিৰ এনে সংঘাতত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি আহিছে পশ্চিমবংগৰ ৰাজ্যপালে। বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰৰ মুখপাত্ৰ হিচাপে কাম কৰাৰ অভিযোগ উঠিছে ৰাজ্যপালৰ বিৰুদ্ধে। এক কথাত বিগত সময়ছোৱাত কেন্দ্ৰীয় পুঁজিৰ নামত পশ্চিমবংগত চলি আহিছিল ৰাজনীতিৰ বোকা ছটিওৱাৰ খেল। প্ৰধানমন্ত্ৰী মোদীৰে মমতা বেনাৰ্জীৰ সাক্ষাতৰ পাছত পশ্চিমবংগৰ ৰাজনীতিয়ে ভৱিষ্যৎ কি ৰূপ লয় সেয়া হৈ পৰিছে লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক