--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাংসদ হোৱাৰ পাছতে এইবাৰ ৰাজহুৱাভাৱে অপদস্থ হ’ল কংগনা ৰানাৱট৷ বৃহস্পতিবাৰে চণ্ডীগড় বিমানবন্দৰত চি আই এছ এফৰ এজন জোৱানে চৰ মাৰিলে মণ্ডীৰ পৰা সদ্য নিৰ্বাচিত লোকসভাৰ সাংসদ হোৱা কংগনা ৰানাউটক।

সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি কনিষ্টবলগৰাকীক নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। সূত্ৰৰ উদ্ধৃতি দি এএনআইয়ে প্ৰকাশ কৰা অনুসৰি কনিষ্টবল পদৰ চিআইএছএফ (কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী)ৰ মহিলা বিষয়াগৰাকীয়ে চণ্ডীগড় বিমানবন্দৰত তৰ্কাতৰ্কিৰ সময়ত কংগনাক চৰ মাৰিছিল বুলি অভিযোগ উঠিছে।

খবৰ অনুসৰি, নিৰাপত্তাৰক্ষী পৰীক্ষাৰ সময়ত কংগনাই নিজৰ ফোনটো ট্ৰেত থ’বলৈ অস্বীকাৰ কৰি নিৰাপত্তাৰক্ষীক ঠেলা হেঁচা কৰিছিল৷ বিয়লি ৩ বজাত ভিষ্টাৰৰ বিমানেৰে দিল্লী অভিমুখে ৰাওনা হ’ল কংগনা ৰানাৱটে।

দিল্লীত উপস্থিত হোৱাৰ পিছত কংগনাই চিআইএছএফৰ সঞ্চালক প্ৰধান নীনা সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰি তেওঁলোকক এই বিষয়ে বুজাই দিয়ে বুলি ইণ্ডিয়া টুডেৰ বাতৰিয়ে প্ৰকাশ কৰিছে। অধিক তদন্তৰ বাবে চিআইএছএফৰ জ্যেষ্ঠ বিষয়াক লৈ এখন তদন্ত সমিতি গঠন কৰা হৈছে।

বিজেপি নেত্ৰীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁ ভালেই আছে আৰু ঘটনাৰ পৰিঘটনাৰ বিশদ বিৱৰণ দিছে৷ ‘মোৰ বহুত ফোন আহি আছে, সংবাদ মাধ্যমৰ লগতে মোৰ শুভাকাংক্ষীসকলৰ পৰাও। প্ৰথম কথা, মই নিৰাপদ, মই একেবাৰে ভালেই আছো।’-কংগনাই কয়।

কংগনাই কয় যে চণ্ডীগড় বিমানবন্দৰত সংঘটিত এই কাণ্ডটো নিৰাপত্তা পৰীক্ষাৰ সময়ত হৈছিল, আৰু দাবী কৰে যে চিআইএছএফৰ কৰ্মীসকলে “কৃষকৰ প্ৰতিবাদক সমৰ্থন” কৰাৰ বাবেই তেওঁক চৰ মাৰিছিল।

“সুৰক্ষা পৰীক্ষাৰ পিছত ওলাই অহাৰ লগে লগে দ্বিতীয় কেবিনত থকা ভদ্ৰমহিলাগৰাকী, চিআইএছএফৰ এজন নিৰাপত্তাৰক্ষীয়ে কাষৰ পৰা আহি মোৰ মুখত আঘাত কৰি মোক গালি-গালাজ কৰিবলৈ ধৰিলে। কিয় তেনে কৰিলে বুলি সোধাত তেওঁ কৃষকৰ প্ৰতিবাদক সমৰ্থন কৰে বুলি ক’লে।’-নিৰ্বাচিত সাংসদগৰাকীয়ে কয়।

'মই নিৰাপদ যদিও পঞ্জাৱত বৃদ্ধি পোৱা সন্ত্ৰাসবাদ আৰু উগ্ৰবাদক লৈ মই চিন্তিত...'-লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু