--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাংসদ হোৱাৰ পাছতে এইবাৰ ৰাজহুৱাভাৱে অপদস্থ হ’ল কংগনা ৰানাৱট৷ বৃহস্পতিবাৰে চণ্ডীগড় বিমানবন্দৰত চি আই এছ এফৰ এজন জোৱানে চৰ মাৰিলে মণ্ডীৰ পৰা সদ্য নিৰ্বাচিত লোকসভাৰ সাংসদ হোৱা কংগনা ৰানাউটক।

সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি কনিষ্টবলগৰাকীক নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। সূত্ৰৰ উদ্ধৃতি দি এএনআইয়ে প্ৰকাশ কৰা অনুসৰি কনিষ্টবল পদৰ চিআইএছএফ (কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী)ৰ মহিলা বিষয়াগৰাকীয়ে চণ্ডীগড় বিমানবন্দৰত তৰ্কাতৰ্কিৰ সময়ত কংগনাক চৰ মাৰিছিল বুলি অভিযোগ উঠিছে।

খবৰ অনুসৰি, নিৰাপত্তাৰক্ষী পৰীক্ষাৰ সময়ত কংগনাই নিজৰ ফোনটো ট্ৰেত থ’বলৈ অস্বীকাৰ কৰি নিৰাপত্তাৰক্ষীক ঠেলা হেঁচা কৰিছিল৷ বিয়লি ৩ বজাত ভিষ্টাৰৰ বিমানেৰে দিল্লী অভিমুখে ৰাওনা হ’ল কংগনা ৰানাৱটে।

দিল্লীত উপস্থিত হোৱাৰ পিছত কংগনাই চিআইএছএফৰ সঞ্চালক প্ৰধান নীনা সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰি তেওঁলোকক এই বিষয়ে বুজাই দিয়ে বুলি ইণ্ডিয়া টুডেৰ বাতৰিয়ে প্ৰকাশ কৰিছে। অধিক তদন্তৰ বাবে চিআইএছএফৰ জ্যেষ্ঠ বিষয়াক লৈ এখন তদন্ত সমিতি গঠন কৰা হৈছে।

বিজেপি নেত্ৰীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁ ভালেই আছে আৰু ঘটনাৰ পৰিঘটনাৰ বিশদ বিৱৰণ দিছে৷ ‘মোৰ বহুত ফোন আহি আছে, সংবাদ মাধ্যমৰ লগতে মোৰ শুভাকাংক্ষীসকলৰ পৰাও। প্ৰথম কথা, মই নিৰাপদ, মই একেবাৰে ভালেই আছো।’-কংগনাই কয়।

কংগনাই কয় যে চণ্ডীগড় বিমানবন্দৰত সংঘটিত এই কাণ্ডটো নিৰাপত্তা পৰীক্ষাৰ সময়ত হৈছিল, আৰু দাবী কৰে যে চিআইএছএফৰ কৰ্মীসকলে “কৃষকৰ প্ৰতিবাদক সমৰ্থন” কৰাৰ বাবেই তেওঁক চৰ মাৰিছিল।

“সুৰক্ষা পৰীক্ষাৰ পিছত ওলাই অহাৰ লগে লগে দ্বিতীয় কেবিনত থকা ভদ্ৰমহিলাগৰাকী, চিআইএছএফৰ এজন নিৰাপত্তাৰক্ষীয়ে কাষৰ পৰা আহি মোৰ মুখত আঘাত কৰি মোক গালি-গালাজ কৰিবলৈ ধৰিলে। কিয় তেনে কৰিলে বুলি সোধাত তেওঁ কৃষকৰ প্ৰতিবাদক সমৰ্থন কৰে বুলি ক’লে।’-নিৰ্বাচিত সাংসদগৰাকীয়ে কয়।

'মই নিৰাপদ যদিও পঞ্জাৱত বৃদ্ধি পোৱা সন্ত্ৰাসবাদ আৰু উগ্ৰবাদক লৈ মই চিন্তিত...'-লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement