--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আমেৰিকাৰ পাৰ্ডো বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত কোৰিয়ান ৰুমমেটে  বৰ্বৰতাৰে  হত্যা কৰিলে ভাৰতীয় ছাত্ৰক ৷ এই দুৰ্ভগীয়া ভাৰতীয় ছাত্ৰজনৰ নাম বৰুণ চ্চেডা৷চ্চেডা উক্ত বিশ্ববিদ্যালয়ৰ ডাটা বিজ্ঞান অধ্যয়ন বিভাগৰ ছাত্ৰ আছিল
 কৰ্তৃপক্ষৰ তথ্য অনুসৰি,  মেককাচন হলৰ প্ৰথম মহলাৰ এটা কোঠাত সংঘটিত হৈছে এই ঘটনা। বিশ্ববিদ্যালয়খনত ডাটা বিজ্ঞান অধ্যয়ন কৰি আছিল চ্চেডা।
এই ভাৰতীয় ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষাৰ  প্ৰাৰম্ভিক তথ্য  অনুসৰি চোকা অস্ত্ৰৰ একাধিক আঘাতত বৰুণ চ্চেডাৰ মৃত্যু হয়।
চ্চেডায়ে হত্যাকাৰীজনৰ সৈতে একেটা ৰুমতে বাস কৰিছিল৷  ৰুমমেটজনৰ নাম আছিল জি মিন ওৰফে “জিমি” শা যি এজন জুনিয়ৰ চাইবাৰ ছিকিউৰিটি মেজৰ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে চ্চেডাৰ হত্যাকাৰীজন৷ 
চ্চেডাৰ শৈশৱৰ বন্ধু অৰুণাভ সিনহাই এঋনবিচি নিউজক জনোৱা মতে, মঙলবাৰে নিশা চ্চেডাই বন্ধুসকলৰ সৈতে অনলাইনত গেমিং আৰু কথা পাতি থকাৰ সময়তে হঠাতে কলত চিঞৰ-বাখৰ শুনিবলৈ পাইছিল। সিনহাৰ বাবে সেই হূলস্থূল কিছু অস্বাভাৱিক আছিল যদিও বিশেষ প্ৰশ্ন উদয় হোৱা নাছিল তেওঁৰ মনত৷ আনহাতে বুধবাৰে পুৱা বন্ধুৰ মৃত্যুৰ খবৰ পাইছিল অৰুণাভ সিনহাই৷ 
আশ্চৰ্যকৰ কথা যে , হত্যাকাৰীজনৰ বয়স মাত্ৰ ২২ বছৰ। বৰ্তমান অধিক তদন্তৰ বাবে হত্যাকাৰীজনক থানালৈ প্ৰেৰণ কৰা হৈছে৷ আনহাতে , চ্চেডাৰ হত্যাৰ  পূৰ্বে এনেদৰে কোনো অপ্ৰীতিকৰ ঘটনা বিশ্ববিদ্যালয় চৌহদত সংঘটিত হোৱা নাছিল বুলি জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷ 
এই ঘটনাক কৰুণতম ঘটনা বুলি আখ্যা দিছে বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্ট মিচ ডেনিয়েলছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু