--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আমেৰিকাৰ পাৰ্ডো বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত কোৰিয়ান ৰুমমেটে  বৰ্বৰতাৰে  হত্যা কৰিলে ভাৰতীয় ছাত্ৰক ৷ এই দুৰ্ভগীয়া ভাৰতীয় ছাত্ৰজনৰ নাম বৰুণ চ্চেডা৷চ্চেডা উক্ত বিশ্ববিদ্যালয়ৰ ডাটা বিজ্ঞান অধ্যয়ন বিভাগৰ ছাত্ৰ আছিল
 কৰ্তৃপক্ষৰ তথ্য অনুসৰি,  মেককাচন হলৰ প্ৰথম মহলাৰ এটা কোঠাত সংঘটিত হৈছে এই ঘটনা। বিশ্ববিদ্যালয়খনত ডাটা বিজ্ঞান অধ্যয়ন কৰি আছিল চ্চেডা।
এই ভাৰতীয় ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষাৰ  প্ৰাৰম্ভিক তথ্য  অনুসৰি চোকা অস্ত্ৰৰ একাধিক আঘাতত বৰুণ চ্চেডাৰ মৃত্যু হয়।
চ্চেডায়ে হত্যাকাৰীজনৰ সৈতে একেটা ৰুমতে বাস কৰিছিল৷  ৰুমমেটজনৰ নাম আছিল জি মিন ওৰফে “জিমি” শা যি এজন জুনিয়ৰ চাইবাৰ ছিকিউৰিটি মেজৰ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে চ্চেডাৰ হত্যাকাৰীজন৷ 
চ্চেডাৰ শৈশৱৰ বন্ধু অৰুণাভ সিনহাই এঋনবিচি নিউজক জনোৱা মতে, মঙলবাৰে নিশা চ্চেডাই বন্ধুসকলৰ সৈতে অনলাইনত গেমিং আৰু কথা পাতি থকাৰ সময়তে হঠাতে কলত চিঞৰ-বাখৰ শুনিবলৈ পাইছিল। সিনহাৰ বাবে সেই হূলস্থূল কিছু অস্বাভাৱিক আছিল যদিও বিশেষ প্ৰশ্ন উদয় হোৱা নাছিল তেওঁৰ মনত৷ আনহাতে বুধবাৰে পুৱা বন্ধুৰ মৃত্যুৰ খবৰ পাইছিল অৰুণাভ সিনহাই৷ 
আশ্চৰ্যকৰ কথা যে , হত্যাকাৰীজনৰ বয়স মাত্ৰ ২২ বছৰ। বৰ্তমান অধিক তদন্তৰ বাবে হত্যাকাৰীজনক থানালৈ প্ৰেৰণ কৰা হৈছে৷ আনহাতে , চ্চেডাৰ হত্যাৰ  পূৰ্বে এনেদৰে কোনো অপ্ৰীতিকৰ ঘটনা বিশ্ববিদ্যালয় চৌহদত সংঘটিত হোৱা নাছিল বুলি জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷ 
এই ঘটনাক কৰুণতম ঘটনা বুলি আখ্যা দিছে বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্ট মিচ ডেনিয়েলছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ