--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সলনি কৰা হ'ল দিল্লীৰ ঔৰংগজেৱ পথৰ নাম। এতিয়াৰে পৰা এই পথটোৰ নাম হ'ব ড০ এ পি জে আব্দুল কালাম পথ। এতিয়া এই পথটো ডাঃ এ পি জে আব্দুল কালাম লেন নামেৰে পৰিচিত হ’ব। বুধবাৰে এই সন্দৰ্ভত প্ৰশাসনিক চিল মোহৰ লগোৱা হৈছে।

নতুন দিল্লী পৌৰ পৰিষদে এই বিষয়ত সদস্যসকলৰ সৈতে হোৱা বৈঠকত পথটোৰ নাম সলনি কৰিবলৈ অনুমোদন জনাইছে। ২০১৫ চনৰ আৰম্ভণিতে এন ডি এম চিয়ে ঔৰংজেব ৰোডৰ নাম সলনি কৰি ড° এ পি জে আব্দুল কালাম ৰোড কৰিবলৈ দাবী তুলিছিল।

এন ডি এম চি এলেকাৰ অন্তৰ্গত ‘ঔৰংজেব লেন’ৰ নাম ড০ এ পি জে আব্দুল কালামলৈ সলনি কৰাৰ কথা পৰিষদৰ সন্মুখত এটা প্ৰস্তাৱ উত্থাপন কৰা হয়। এই প্ৰস্তাৱত এতিয়া অনুমোদন পোৱা গৈছে। এই বিষয়ত এন ডি এম চিৰ উপ সভাপতি সতীশ উপাধ্যায়ে কয় যে ৰাইজৰ আৱেগক সন্মান জনাই দেশৰ মহান পুৰুষ-মহিলাসকলক স্বীকৃতি দিয়াৰ প্ৰয়োজন আছে। বিগত সময়তো তেওঁলোকৰ সন্মানত পথ/উপপথ/প্ৰতিষ্ঠানৰ নাম সলনি কৰা হৈছে।


কোন আছিল ঔৰংজেৱ?

ঔৰংজেব এজন মোগল শাসক আছিল। তেওঁ আছিল শ্বাহজাহান আৰু মমতাজ মহল বেগমৰ পুত্ৰ। ঔৰংজেৱে দীৰ্ঘদিন ধৰি ভাৰতত শাসন কৰিছিল। ঔৰংজেৱৰ প্ৰতিচ্ছবি আছিল এজন ধৰ্মান্ধ আৰু নিষ্ঠুৰ শাসকৰ। ভাৰতৰ সিংহাসনত বহিবলৈ তেওঁ নিষ্ঠুৰতাৰ সকলো সীমা ভংগ কৰিছিল। ক্ষমতাৰ বাবে তেওঁ পিতৃক জেলত ভৰাইছিল। প্ৰকৃত ভাতৃক হত্যা কৰিছিল।

কোৱা হয় যে ঔৰংজেৱে পিতৃ শ্বাহজাহানক তেওঁৰ জীৱনৰ শেষ চাৰে সাত বছৰ আগ্ৰা গড়ত বন্দী কৰি ৰাখিছিল। ঔৰংজেৱে হিন্দু ৰাজনীতিত বহু অত্যাচাৰ কৰিছিল। ঔৰংজেৱক বহু প্ৰধান হিন্দু মন্দিৰ ধ্বংস হোৱাৰ কাৰণ বুলি গণ্য কৰা হয়। বহু সংগঠনে দীৰ্ঘদিন ধৰি ঔৰংজেৱৰ নামেৰে নামাকৰণ কৰা এই পথটোৰ নাম সলনি কৰিবলৈ দাবী জনাই আহিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন