--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সলনি কৰা হ'ল দিল্লীৰ ঔৰংগজেৱ পথৰ নাম। এতিয়াৰে পৰা এই পথটোৰ নাম হ'ব ড০ এ পি জে আব্দুল কালাম পথ। এতিয়া এই পথটো ডাঃ এ পি জে আব্দুল কালাম লেন নামেৰে পৰিচিত হ’ব। বুধবাৰে এই সন্দৰ্ভত প্ৰশাসনিক চিল মোহৰ লগোৱা হৈছে।

নতুন দিল্লী পৌৰ পৰিষদে এই বিষয়ত সদস্যসকলৰ সৈতে হোৱা বৈঠকত পথটোৰ নাম সলনি কৰিবলৈ অনুমোদন জনাইছে। ২০১৫ চনৰ আৰম্ভণিতে এন ডি এম চিয়ে ঔৰংজেব ৰোডৰ নাম সলনি কৰি ড° এ পি জে আব্দুল কালাম ৰোড কৰিবলৈ দাবী তুলিছিল।

এন ডি এম চি এলেকাৰ অন্তৰ্গত ‘ঔৰংজেব লেন’ৰ নাম ড০ এ পি জে আব্দুল কালামলৈ সলনি কৰাৰ কথা পৰিষদৰ সন্মুখত এটা প্ৰস্তাৱ উত্থাপন কৰা হয়। এই প্ৰস্তাৱত এতিয়া অনুমোদন পোৱা গৈছে। এই বিষয়ত এন ডি এম চিৰ উপ সভাপতি সতীশ উপাধ্যায়ে কয় যে ৰাইজৰ আৱেগক সন্মান জনাই দেশৰ মহান পুৰুষ-মহিলাসকলক স্বীকৃতি দিয়াৰ প্ৰয়োজন আছে। বিগত সময়তো তেওঁলোকৰ সন্মানত পথ/উপপথ/প্ৰতিষ্ঠানৰ নাম সলনি কৰা হৈছে।


কোন আছিল ঔৰংজেৱ?

ঔৰংজেব এজন মোগল শাসক আছিল। তেওঁ আছিল শ্বাহজাহান আৰু মমতাজ মহল বেগমৰ পুত্ৰ। ঔৰংজেৱে দীৰ্ঘদিন ধৰি ভাৰতত শাসন কৰিছিল। ঔৰংজেৱৰ প্ৰতিচ্ছবি আছিল এজন ধৰ্মান্ধ আৰু নিষ্ঠুৰ শাসকৰ। ভাৰতৰ সিংহাসনত বহিবলৈ তেওঁ নিষ্ঠুৰতাৰ সকলো সীমা ভংগ কৰিছিল। ক্ষমতাৰ বাবে তেওঁ পিতৃক জেলত ভৰাইছিল। প্ৰকৃত ভাতৃক হত্যা কৰিছিল।

কোৱা হয় যে ঔৰংজেৱে পিতৃ শ্বাহজাহানক তেওঁৰ জীৱনৰ শেষ চাৰে সাত বছৰ আগ্ৰা গড়ত বন্দী কৰি ৰাখিছিল। ঔৰংজেৱে হিন্দু ৰাজনীতিত বহু অত্যাচাৰ কৰিছিল। ঔৰংজেৱক বহু প্ৰধান হিন্দু মন্দিৰ ধ্বংস হোৱাৰ কাৰণ বুলি গণ্য কৰা হয়। বহু সংগঠনে দীৰ্ঘদিন ধৰি ঔৰংজেৱৰ নামেৰে নামাকৰণ কৰা এই পথটোৰ নাম সলনি কৰিবলৈ দাবী জনাই আহিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস