--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একমাত্ৰ শিশু আৰু মহিলাৰ বাবে পাৰ্ক নিৰ্মাণ কৰিব দিল্লীৰ আপ চৰকাৰে। দেশৰ ৰাজধানী নতুন দিল্লীত নিৰ্মাণ কৰিব লগা এই পাৰ্কখনৰ নাম ‘পিংক পাৰ্ক’ নামেৰে জনা যাব। এইধৰণৰ ২৫০ খন নতুন পাৰ্ক নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে।

উল্লেখ্য যে উদ্যান সমূহত প্ৰৱেশ কৰিব নোৱাৰিব পুৰুষে। উদ্যানসমূহত ১০ বছৰৰ তলৰ শিশু আৰু মহিলাসকলহে প্ৰৱেশ কৰিব পাৰিব। মহিলাৰ সুৰক্ষাৰ কথা মনত ৰাখি দিল্লী পৌৰসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজধানীৰ বিভিন্ন প্ৰান্তত উদ্যান নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে কেইবাখনো উদ্যান সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে।

উল্লেখ্য যে দিল্লী পৌৰসভাত ৱাৰ্ডৰ সংখ্যা ২৫০টা। প্ৰতিটো ৱাৰ্ডত এখনকৈ উদ্যান থাকিব। উদ্যানসমূহত ব্যায়ামৰ সঁজুলি, শৌচাগাৰ, চিচিটিভিকে ধৰি একাধিক সুবিধা থাকিব। পাৰ্কৰ দেৱালবোৰ গোলাপী ৰঙৰ হ’ব। মহিলাসকলে যাতে এই উদ্যানখন নিৰাপদে ব্যৱহাৰ কৰিব পাৰে তাৰ উদ্দেশ্যে এই উদ্যানখন নিৰ্মাণ কৰা হৈছে।

দিল্লীত অৱশ্যে উদ্যানৰ সংখ্যা কম নহয়। কিন্তু সেইবোৰ কেৱল মহিলাৰ বাবে নহয়। তাত বিভিন্ন সা-সুবিধা থকাৰ পাছতো মহিলা সকল সেই সমূহ উদ্যানত নিৰাপদ নহয়। গতিকে মহিলাসকলৰ নিৰাপত্তাৰ কথা মনত ৰাখি এই ধৰণৰ উদ্যানৰ পৰিকল্পনা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস