--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একমাত্ৰ শিশু আৰু মহিলাৰ বাবে পাৰ্ক নিৰ্মাণ কৰিব দিল্লীৰ আপ চৰকাৰে। দেশৰ ৰাজধানী নতুন দিল্লীত নিৰ্মাণ কৰিব লগা এই পাৰ্কখনৰ নাম ‘পিংক পাৰ্ক’ নামেৰে জনা যাব। এইধৰণৰ ২৫০ খন নতুন পাৰ্ক নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে।

উল্লেখ্য যে উদ্যান সমূহত প্ৰৱেশ কৰিব নোৱাৰিব পুৰুষে। উদ্যানসমূহত ১০ বছৰৰ তলৰ শিশু আৰু মহিলাসকলহে প্ৰৱেশ কৰিব পাৰিব। মহিলাৰ সুৰক্ষাৰ কথা মনত ৰাখি দিল্লী পৌৰসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজধানীৰ বিভিন্ন প্ৰান্তত উদ্যান নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে কেইবাখনো উদ্যান সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে।

উল্লেখ্য যে দিল্লী পৌৰসভাত ৱাৰ্ডৰ সংখ্যা ২৫০টা। প্ৰতিটো ৱাৰ্ডত এখনকৈ উদ্যান থাকিব। উদ্যানসমূহত ব্যায়ামৰ সঁজুলি, শৌচাগাৰ, চিচিটিভিকে ধৰি একাধিক সুবিধা থাকিব। পাৰ্কৰ দেৱালবোৰ গোলাপী ৰঙৰ হ’ব। মহিলাসকলে যাতে এই উদ্যানখন নিৰাপদে ব্যৱহাৰ কৰিব পাৰে তাৰ উদ্দেশ্যে এই উদ্যানখন নিৰ্মাণ কৰা হৈছে।

দিল্লীত অৱশ্যে উদ্যানৰ সংখ্যা কম নহয়। কিন্তু সেইবোৰ কেৱল মহিলাৰ বাবে নহয়। তাত বিভিন্ন সা-সুবিধা থকাৰ পাছতো মহিলা সকল সেই সমূহ উদ্যানত নিৰাপদ নহয়। গতিকে মহিলাসকলৰ নিৰাপত্তাৰ কথা মনত ৰাখি এই ধৰণৰ উদ্যানৰ পৰিকল্পনা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে