--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান অইলে নিজৰ ৱেবছাইটযোগে ঘোষণা কৰিছে যে দেশত হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত ৮৩ টকাকৈ মূল্য হ্ৰাস কৰিছে অইল কোম্পানীটোৱে। ১ জুনৰ পৰা প্ৰযোজ্য হ’ব এই নতুন মূল্য। 

এইদৰে ৮৩ টকা মূল্য হ্ৰাস কৰাৰ ফলত ১৯ কেজিৰ প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা মূল্য দিল্লীত ১৭৭৩ টকাত বিক্ৰী হ’ব। উল্লেখ্য যে মূল্য হ্ৰাস হোৱাৰ আগলৈকে এই চিলিণ্ডাৰৰ খুচুৰা মূল্য আছিল ১৮৫৬.৫০ টকা। 

একেদৰে ১ জুনৰ পৰা কলকাতাত ১৯৬০.৫০ টকাৰ বিপৰীতে ১৮৭৫.৫০ টকা, মুম্বাইত ১৮০৮.৫০ টকাৰ বিপৰীতে ১৭২৫ টকা, আৰু চেন্নাইত ২০২১.৫০ টকাৰ বিপৰীতে ১৯৩৭ টকাত এই বাণিজ্যিক চিলিণ্ডাৰ বিক্ৰী কৰা হ’ব।

উল্লেখ্য যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালেও এতিয়ালৈকে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। ঘৰুৱা এল পি জিৰ চিলিণ্ডাৰৰ মূল্য শেষবাৰৰ বাবে ১ মাৰ্চত সলনি হৈছিল। ১ মাৰ্চত প্ৰতিটো ঘৰুৱা এলপিজি চিলিণ্ডাৰত ৫০ টকাকৈ মূল্য বৃদ্ধি কৰা হৈছিল।

একেদৰে একেৰাহে ১৪ মাহৰ ধৰি পেট্ৰ’ল-ডিজেলৰ মূল্যৰো কোনো পৰিৱৰ্তন হোৱা নাই। ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯৬.৭২ টকা আৰু ডিজেলৰ দাম ৮৯.৬২ টকা।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান