--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান অইলে নিজৰ ৱেবছাইটযোগে ঘোষণা কৰিছে যে দেশত হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত ৮৩ টকাকৈ মূল্য হ্ৰাস কৰিছে অইল কোম্পানীটোৱে। ১ জুনৰ পৰা প্ৰযোজ্য হ’ব এই নতুন মূল্য। 

এইদৰে ৮৩ টকা মূল্য হ্ৰাস কৰাৰ ফলত ১৯ কেজিৰ প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা মূল্য দিল্লীত ১৭৭৩ টকাত বিক্ৰী হ’ব। উল্লেখ্য যে মূল্য হ্ৰাস হোৱাৰ আগলৈকে এই চিলিণ্ডাৰৰ খুচুৰা মূল্য আছিল ১৮৫৬.৫০ টকা। 

একেদৰে ১ জুনৰ পৰা কলকাতাত ১৯৬০.৫০ টকাৰ বিপৰীতে ১৮৭৫.৫০ টকা, মুম্বাইত ১৮০৮.৫০ টকাৰ বিপৰীতে ১৭২৫ টকা, আৰু চেন্নাইত ২০২১.৫০ টকাৰ বিপৰীতে ১৯৩৭ টকাত এই বাণিজ্যিক চিলিণ্ডাৰ বিক্ৰী কৰা হ’ব।

উল্লেখ্য যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালেও এতিয়ালৈকে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। ঘৰুৱা এল পি জিৰ চিলিণ্ডাৰৰ মূল্য শেষবাৰৰ বাবে ১ মাৰ্চত সলনি হৈছিল। ১ মাৰ্চত প্ৰতিটো ঘৰুৱা এলপিজি চিলিণ্ডাৰত ৫০ টকাকৈ মূল্য বৃদ্ধি কৰা হৈছিল।

একেদৰে একেৰাহে ১৪ মাহৰ ধৰি পেট্ৰ’ল-ডিজেলৰ মূল্যৰো কোনো পৰিৱৰ্তন হোৱা নাই। ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯৬.৭২ টকা আৰু ডিজেলৰ দাম ৮৯.৬২ টকা।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস