--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দিল্লীতে এতিয়া ‘দিল্লীৰ উৰ্ফী’ক লৈ চৰ্চা। কিছুদিন পূৰ্বে কম পোছাক পৰিহিত মেট্ৰ’ত যাত্ৰা কৰাৰ সময়ত যুৱতীগৰাকীৰ ভিডিঅ’ ভাইৰেল হৈছিল। ভাইৰেল ছোৱালীজনীক লৈও চিন্তিত হৈ পৰিছে মেট্ৰ’ কৰ্তৃপক্ষ। শেহতীয়াকৈ মেট্ৰ’ কৰ্তৃপক্ষই যাত্ৰীসকলক সাজ-পোছাক মানি চলিবলৈ আহ্বান জনাইছে।

এই সকলোবোৰ বিতৰ্কৰ মাজতে এইবাৰ দিল্লী মেট্ৰ’ৰ প্লেটফৰ্মত আন এগৰাকী যুৱতীয়ে নাচি থকা দেখা গ’ল। যুৱতীগৰাকীয়ে কেনেকৈ মেট্ৰ’ৰ ভিতৰত আৰু ভিডিঅ’ বনোৱা নিষিদ্ধ প্লেটফৰ্মত নিজৰ নৃত্যৰ ভিডিঅ’ বনাইছিল সেই বিষয়ে চৰ্চা চলি আছে।

ভিডিঅ’টোত দেখা গৈছে যে ৰঙা শাৰী পিন্ধি ছোৱালীজনীয়ে মেট্ৰ’ ষ্টেচনৰ প্লেটফৰ্মত একান্তমনে ভোজপুৰী গীতত নাচি আছে। পিন্ধিছে ৰঙা ক্ৰপ টপ, ৰঙা শাৰী, হাতত খাৰু, ডিঙিত সোণালী চ’কাৰ। সতীৰ্থ যাত্ৰীসকলেও আচৰিত হৈ তেওঁৰ ফালে চাই আছে।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এজন ব্যক্তিয়ে লিখিছে, "মেট্ৰ'ত ভিডিঅ' কৰিলে চি এছ এফৰ কৰ্মীসকলে বেয়াকৈ প্ৰহাৰ কৰে৷ গতিকে সাৱধান হওক!’ আন এজন ব্যক্তিয়ে লিখিছে, ‘মহিলাৰ আত্মবিশ্বাস দেখি মই আচৰিত হৈছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস