--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় নৌসেনাৰ বিশেষ বাহিনীৰ এগৰাকী সামুদ্ৰিক কমাণ্ডোৰ শোকাৱহ মৃত্যু। পশ্চিমবংগৰ পানাগড়ত বুধবাৰে প্ৰশিক্ষণৰত অৱস্থাত শোকাৱহভাৱে মৃত্যু হয় ভাৰতীয় নৌসেনাৰ বিশেষ বাহিনীৰ সামুদ্ৰিক কমাণ্ডোগৰাকীৰ। নিহত কমাণ্ডোগৰাকীক চন্দকা গোবিন্দ বুলি চিনাক্ত কৰা হৈছে।

বিভাগীয় সূত্ৰ অনুসৰি এখন বিমানৰ পৰা পেৰা জাম্পৰ অনুশীলন চলাই থাকোতেই চন্দকা গোবিন্দে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাবটিবলগীয়া হয়। এক টুইটযোগে ভাৰতীয় নৌসেনাই গোবিন্দৰ মৃত্যুৰ কথা সদৰী কৰে। বিভাগীয় বিষয়াৰ ভাষ্য মতে, গোবিন্দ ভাৰতীয় নৌসেনাৰ মেৰিন কমাণ্ডো ফ’ৰ্চ (মাৰ্কোছ) নামৰ এক বিশেষ বাহিনীৰ অংশ আছিল।

নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰ আৰু নৌসেনাৰ সকলো কৰ্মীয়ে গোবিন্দৰ মৃত্যুত শোক প্ৰকাশ কৰে। নৌসেনাই টুইট কৰি কয় যে, পানাগড়ত প্ৰশিক্ষণৰ অনুশীলন কৰি থকাৰ সময়ত প্ৰাণ হেৰুৱা বিষয়া চন্দকা গোবিন্দক শ্ৰদ্ধাঞ্জলি জনাইছো আৰু শোকসন্তপ্ত পৰিয়ালটোক আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।”

কমাণ্ডোজনৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। এই কথা সদৰী কৰিছে নৌসেনাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল