--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় নৌসেনাৰ বিশেষ বাহিনীৰ এগৰাকী সামুদ্ৰিক কমাণ্ডোৰ শোকাৱহ মৃত্যু। পশ্চিমবংগৰ পানাগড়ত বুধবাৰে প্ৰশিক্ষণৰত অৱস্থাত শোকাৱহভাৱে মৃত্যু হয় ভাৰতীয় নৌসেনাৰ বিশেষ বাহিনীৰ সামুদ্ৰিক কমাণ্ডোগৰাকীৰ। নিহত কমাণ্ডোগৰাকীক চন্দকা গোবিন্দ বুলি চিনাক্ত কৰা হৈছে।

বিভাগীয় সূত্ৰ অনুসৰি এখন বিমানৰ পৰা পেৰা জাম্পৰ অনুশীলন চলাই থাকোতেই চন্দকা গোবিন্দে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাবটিবলগীয়া হয়। এক টুইটযোগে ভাৰতীয় নৌসেনাই গোবিন্দৰ মৃত্যুৰ কথা সদৰী কৰে। বিভাগীয় বিষয়াৰ ভাষ্য মতে, গোবিন্দ ভাৰতীয় নৌসেনাৰ মেৰিন কমাণ্ডো ফ’ৰ্চ (মাৰ্কোছ) নামৰ এক বিশেষ বাহিনীৰ অংশ আছিল।

নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰ আৰু নৌসেনাৰ সকলো কৰ্মীয়ে গোবিন্দৰ মৃত্যুত শোক প্ৰকাশ কৰে। নৌসেনাই টুইট কৰি কয় যে, পানাগড়ত প্ৰশিক্ষণৰ অনুশীলন কৰি থকাৰ সময়ত প্ৰাণ হেৰুৱা বিষয়া চন্দকা গোবিন্দক শ্ৰদ্ধাঞ্জলি জনাইছো আৰু শোকসন্তপ্ত পৰিয়ালটোক আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।”

কমাণ্ডোজনৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। এই কথা সদৰী কৰিছে নৌসেনাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস