--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰদূষণে গ্ৰাস কৰা নতুন দিল্লীত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী  ভগৱন্ত মানে প্ৰদূষণৰ বিষয়ত  এখন যুটীয়া সংবাদমেল অনুষ্ঠিত কৰে। কিন্তু লক্ষ্যণীয় ভাবে উক্ত সংবাদমেলত দেশৰ দুটা আগশাৰীৰ সংবাদ গোষ্ঠীৰ সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ল।

প্ৰায় সকলো সংবাদ মাধ্যমৰ সাংবাদিকেই সংবাদমেল খনৰ বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিল কিন্তু দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ আৰু দ্য প্ৰিণ্টৰ ফটোগ্ৰাফাৰসকলক সংবাদমেল খন কভাৰ কৰাত  বাধা প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে, ১ নৱেম্বৰত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদমেলত অৱশ্যে  তেওঁলোকক যাবলৈ অনুমতি দিয়া হৈছিল। 

দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এজন ফটোগ্ৰাফাৰ শেখৰে কয়, "মই সংবাদমেল অনুষ্ঠিত হোৱা স্থানত প্ৰৱেশ কৰিবলৈ বিচাৰিছিলো। সেই সময়তে  আম আদমী পাৰ্টিৰ এজন কৰ্মীয়ে  আহি সুধিলে  যে মই নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা আহিছো নেকি?মই হয় বুলি কোৱাত তেওঁ মোক সংবাদমেলত অংশগ্ৰহণ কৰিব নোৱাৰিম বুলি জনাই দিলে।
কাৰণ টো সোধাত ফটোগ্ৰাফাৰজনক কোৱা হ’ল  যে "এয়া দলৰ সিদ্ধান্ত , আপুনি প্ৰৱেশ কৰিব নোৱাৰিব।" 

শেখৰে লগতে কয় "যেতিয়া মই গেটলৈ গৈছিলো, নিৰাপত্তাকৰ্মীয়ে মোৰ আইডি কাৰ্ড বিচাৰিছিল। তেওঁ কাৰ্ডখন লৈ দলৰ মিডিয়া কাৰ্যালয়ৰ  ভিতৰলৈ গৈছিল, ঘূৰি আহিছিল আৰু কৈছিল যে আপুনি যাব নোৱাৰে।"

আন এগৰাকী সাংবাদিক সুৰজে কয়  যে নিৰাপত্তাকৰ্মীয়ে আম আদমী পাৰ্টিৰ মিডিয়া কোষৰ এজন সদস্যৰ কাষলৈ  আইডি কাৰ্ড খন লৈ যোৱাৰ পিছত তেওঁক বাধা দিয়া হৈছিল। সুৰজে ঘনশ্যাম কৌশিক আৰু আপৰ মিডিয়া দলৰ সদস্যসকলৰ সৈতেও কথা পাতিছিল, কিন্তু ইমানৰ পিছতো তেওঁলোকক ভিতৰলৈ যাবলৈ দিয়া হোৱা নাছিল। 

দ্য প্ৰিণ্টৰ ৰাষ্ট্ৰীয় ফটো সম্পাদক প্ৰবীণ জৈনে এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় , "ৰাজনীতিৰ অৰ্থ কি? আমাৰ কাম হৈছে কেৱল ফটো তোলা। সাংবাদিকক  সংবাদমেলত প্ৰৱেশ কৰিবলৈ নিদিয়াটো বৰ ভুল কথা হৈছে।"

দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ গ্ৰুপ এডিটৰ কনচোলান ভট্টাচাৰ্যই ফটোগ্ৰাফাৰসকলৰ সৈতে কৰা ব্যৱহাৰ  সন্দৰ্ভত টুইট কৰি কৈছে  "আপোনালোকে  চেঞ্চৰশ্বিপৰ পথত গৈছে। আমাৰ ফটোগ্ৰাফাৰসকলক কিয় প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাছিল?  সুৰা কেলেংকাৰী আৰু হাৱালা কেলেংকাৰীৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ বাবেই এনে কৰা হৈছে নেকি? "

উল্লেখ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছে অলপতে আপৰ নেতা আৰু দিল্লীৰ মন্ত্ৰী সত্যন্দ্ৰ  জৈনৰ বিষয়ে এখন প্ৰতিবেদন  প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক