--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনমুখী হিমাচল প্ৰদেশত এতিয়া বিজেপি, কংগ্ৰেছকে ধৰি আন বহু কেইটা দলে ভোটাৰক আকৃষ্ট কৰিবলৈ নানান ধৰণৰ প্ৰতিশ্ৰতি দিছে। কংগ্ৰেছো এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই। আজি ৰাজ্য খনৰ কাংৰাত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে  কয় যে যদি তেওঁৰ দল কংগ্ৰেছ কেন্দ্ৰত ক্ষমতালৈ আহে তেন্তে  নৰেন্দ্ৰ মোদী চৰকাৰৰ অগ্নিপথ সেনা নিযুক্তি আঁচনি বাতিল কৰিব।

প্ৰিয়ংকাই নিৰ্বাচনমুখী হিমাচল প্ৰদেশৰ কাংৰা জিলাত এক নিৰ্বাচনী  ৰেলীত ভাষণ দিছিল। দেশ জুৰি তুমুল বিতৰ্কৰ সূচনা কৰা অগ্নিপথ আঁচনি বাতিলৰ দাবীত বিহাৰকে ধৰি দেশৰ কেইবা খনো ৰাজ্যত হিংসাত্মক প্ৰতিবাদ হৈছিল। বিহাৰত আনকি  ৰে’ল পৰ্যন্ত জ্বলাই দিছিল প্ৰতিবাদকাৰীয়ে। 

এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে প্ৰিয়ংকা গান্ধীয়ে কিছুদিন ধৰি তাপ মাৰি থকা বিষয়টো পুনৰ সজীৱ কৰি আজি কয়   "যেতিয়া কেন্দ্ৰত আমাৰ চৰকাৰ গঠন হ'ব তেতিয়া আমি অগ্নিপথ আঁচনি বাতিল কৰিম। আমি যি প্ৰতিশ্ৰুতি দিওঁ, সেয়া  পূৰণ কৰোঁ। ছত্তীশগড়ত, আমি কৃষকৰ ঋণ ৰেহাইৰ  প্ৰতিশ্ৰুতি দিছিলো আৰু ইয়াক কাৰ্যকৰী কৰা হৈছে," ।মন কৰিকৰিব লগীয়া যে কেইবাটাও বিৰোধী দলে উত্থাপন কৰা আপত্তি স্বত্বেও প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে আঁচনিখন বাতিল কৰা নহ'ব।

উল্লেখ্য যে অগ্নিবীৰ আঁচনি অনুসৰি এজন সৈনিকে চাৰি বছৰৰ বাবেহে সেনাবাহিনীত সেৱা আগবঢ়াব পাৰিব। একোটা দলৰ  মাত্ৰ ২৫ শতাংশ সৈনিকৰ চাকৰিহে চাৰি বছৰৰ পাছত নিয়মীয়া কৰা হ’ব। বাকী ৭৫ শতাংশ বাদ পৰিব।চৰকাৰে ২০২২ চনত নিযুক্তিৰ বাবে উৰ্ধতম বয়সৰ সীমা ২৩ বছৰলৈ বৃদ্ধি কৰে।

কেন্দ্ৰৰ আঁচনিৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যত প্ৰতিবাদ হৈছিল। ভাৰতীয় সেনাত নতুন নিযুক্তিসমূহ সেনা আইন, ১৯৫০-ৰ ধাৰাৰ অধীনত হ’ব । আঁচনি খন  স্থল, নৌ বায়ু সেনা ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক