--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ উদ্বেগ বৃদ্ধি কৰি ভাৰত মহাসাগৰত পুনৰ চীনৰ গুপ্তচৰ জাহাজে বিচৰণ কৰাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চীনৰ চোৰাংচোৱা জাহাজ ইউয়ান ৱাং-৬-ৰ প্ৰধান কামেই  হৈছে ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডিআৰডিঅ') মিছাইলৰ পৰীক্ষামূলক উৎক্ষেপণ নিৰীক্ষণ কৰা। এই জাহাজ এতিয়া  ভাৰত মহাসাগৰত বিচৰণ কৰি আছে। 

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে যে ইণ্ডোনেছিয়াৰ বালি উপকূলৰ পৰা ভাৰত মহাসাগৰত প্ৰৱেশ কৰা চীনা গুপ্তচৰ জাহাজ য়ুৱান ৱাং-৬ৰ গতিবিধি তীক্ষ্ণ নিৰীক্ষণত আছে। নতুন দিল্লী নিশ্চিত  হৈছে যে চীনা জাহাজসমূহে বংগোপসাগৰত ভাৰতৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বিষয়ে তথ্য গোটাবলৈ  এনে দৰে ভাৰত মহাসাগৰত প্ৰৱেশ কৰি নিৰীক্ষণ অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এজন বিষয়াই কয়, "আমি ইতিমধ্যে বিষয়টো জানিব লৈছো। যোৱা কেইদিনমানৰ পৰা চীনা জাহাজখনৰ চলাচল নিৰীক্ষণ কৰা হৈছে। ''  

উল্লেখ্য ২০০৭ চনত নিৰ্মাণ কৰা ১১,০০০ টন ৰওজনৰ চীনা নিৰীক্ষণ জাহাজ য়ুৱান ৱাং-৫-এ আগষ্টৰ আৰম্ভণিতে শ্ৰীলংকাৰ হাম্বানটোটা বন্দৰত লংগৰ পেলাইছিল । জুলাইৰ আৰম্ভণিতে বেইজিঙে শ্ৰীলংকাক জাহাজখন কেইদিনমানৰ বাবে বন্দৰত ৰাখিবলৈ   অনুমতি দিবলৈ অনুৰোধ জনাইছিল। কলম্বোৱে ভাৰতৰ আপত্তি উপেক্ষা কৰি বেইজিঙৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাইছিল। চীনা গুপ্তচৰ জাহাজখনে মুখ্যতঃ ভাৰতীয় উপগ্ৰহৰ গতিবিধি  নিৰীক্ষণ কৰিবলৈ কাম কৰি আহিছে।

আনহাতে, ইউয়ান ৱাং-৬ৰ মুখ্য দায়িত্ব হৈছে ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ')ৰ দ্বাৰা মিছাইলৰ পৰীক্ষামূলক উৎক্ষেপণ নিৰীক্ষণ কৰা। উল্লেখ্য অলপতে  ডিআৰডিঅ'ই ওৰিশাৰ  উপকূলৰ পৰা  দ্বিতীয় পৰ্যায়ৰ বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা (বিএমডি) কাৰ্যসূচীৰ অধীনত ইণ্টাৰচেপ্টাৰ এডি-১ মিছাইলটো সফলতাৰে পৰীক্ষণ কৰে।এই পৰীক্ষণৰ পিছতে চীনে ভাৰত মহাসাগৰত চোৰাংচোৱা জাহাজ খন মোতায়েন কৰে।

ভাৰতে ১০ বা ১১ নৱেম্বৰত ওৰিশাৰ  উপকূলৰ আব্দুল কালাম দ্বীপৰ পৰা ২,২০০ কিলোমিটাৰ দূৰত্বত আক্ৰমণ চলাব পৰা  মিছাইলৰ পৰীক্ষামূলক উৎক্ষেপণ কৰাৰ কথা আছে।  ইউয়ান ৱাং-৬ৰ 'মিছন' হৈছে এনে পৰীক্ষণৰ  গতিবিধি 'নিৰীক্ষণ' কৰা।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু