--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ উদ্বেগ বৃদ্ধি কৰি ভাৰত মহাসাগৰত পুনৰ চীনৰ গুপ্তচৰ জাহাজে বিচৰণ কৰাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চীনৰ চোৰাংচোৱা জাহাজ ইউয়ান ৱাং-৬-ৰ প্ৰধান কামেই  হৈছে ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডিআৰডিঅ') মিছাইলৰ পৰীক্ষামূলক উৎক্ষেপণ নিৰীক্ষণ কৰা। এই জাহাজ এতিয়া  ভাৰত মহাসাগৰত বিচৰণ কৰি আছে। 

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে যে ইণ্ডোনেছিয়াৰ বালি উপকূলৰ পৰা ভাৰত মহাসাগৰত প্ৰৱেশ কৰা চীনা গুপ্তচৰ জাহাজ য়ুৱান ৱাং-৬ৰ গতিবিধি তীক্ষ্ণ নিৰীক্ষণত আছে। নতুন দিল্লী নিশ্চিত  হৈছে যে চীনা জাহাজসমূহে বংগোপসাগৰত ভাৰতৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বিষয়ে তথ্য গোটাবলৈ  এনে দৰে ভাৰত মহাসাগৰত প্ৰৱেশ কৰি নিৰীক্ষণ অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এজন বিষয়াই কয়, "আমি ইতিমধ্যে বিষয়টো জানিব লৈছো। যোৱা কেইদিনমানৰ পৰা চীনা জাহাজখনৰ চলাচল নিৰীক্ষণ কৰা হৈছে। ''  

উল্লেখ্য ২০০৭ চনত নিৰ্মাণ কৰা ১১,০০০ টন ৰওজনৰ চীনা নিৰীক্ষণ জাহাজ য়ুৱান ৱাং-৫-এ আগষ্টৰ আৰম্ভণিতে শ্ৰীলংকাৰ হাম্বানটোটা বন্দৰত লংগৰ পেলাইছিল । জুলাইৰ আৰম্ভণিতে বেইজিঙে শ্ৰীলংকাক জাহাজখন কেইদিনমানৰ বাবে বন্দৰত ৰাখিবলৈ   অনুমতি দিবলৈ অনুৰোধ জনাইছিল। কলম্বোৱে ভাৰতৰ আপত্তি উপেক্ষা কৰি বেইজিঙৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাইছিল। চীনা গুপ্তচৰ জাহাজখনে মুখ্যতঃ ভাৰতীয় উপগ্ৰহৰ গতিবিধি  নিৰীক্ষণ কৰিবলৈ কাম কৰি আহিছে।

আনহাতে, ইউয়ান ৱাং-৬ৰ মুখ্য দায়িত্ব হৈছে ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ')ৰ দ্বাৰা মিছাইলৰ পৰীক্ষামূলক উৎক্ষেপণ নিৰীক্ষণ কৰা। উল্লেখ্য অলপতে  ডিআৰডিঅ'ই ওৰিশাৰ  উপকূলৰ পৰা  দ্বিতীয় পৰ্যায়ৰ বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা (বিএমডি) কাৰ্যসূচীৰ অধীনত ইণ্টাৰচেপ্টাৰ এডি-১ মিছাইলটো সফলতাৰে পৰীক্ষণ কৰে।এই পৰীক্ষণৰ পিছতে চীনে ভাৰত মহাসাগৰত চোৰাংচোৱা জাহাজ খন মোতায়েন কৰে।

ভাৰতে ১০ বা ১১ নৱেম্বৰত ওৰিশাৰ  উপকূলৰ আব্দুল কালাম দ্বীপৰ পৰা ২,২০০ কিলোমিটাৰ দূৰত্বত আক্ৰমণ চলাব পৰা  মিছাইলৰ পৰীক্ষামূলক উৎক্ষেপণ কৰাৰ কথা আছে।  ইউয়ান ৱাং-৬ৰ 'মিছন' হৈছে এনে পৰীক্ষণৰ  গতিবিধি 'নিৰীক্ষণ' কৰা।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement