--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জানকী বাই বিঝাৰ নামৰ এগৰাকী মহিলাই কুকুৰা এটা কিনিলে। নিজৰ সন্তানৰ দৰে কুকুৰাটোক ডাঙৰ-দীঘল কৰিলে। কিন্তু কুকুৰাটো ডাঙৰ হৈ অহাৰ পাছতে জানকীয়ে আশংকা কৰে যে ওচৰ-চুবুৰীয়াই হয়তো চুৰি কৰি তাইৰ কুকুৰাটো মাৰি খাই পেলাব। সেয়ে নিৰাপত্তা বিচাৰি আৰক্ষীৰ সহায় ল’ব বিচাৰিছে তেওঁ৷

ছত্তীশগড়ৰ ৰায়পুৰৰ ৰতনপুৰ থানা এলাকাৰ বাসিন্দা জানকী বাই৷ জানকীয়ে অভিযোগ কৰে যে যোৱা কেইমাহমানৰ পৰা কাষৰ ঘৰৰ বুগলে আৰু দুৰ্গাই তাইৰ কুকুৰাটোক লুভীয়া দৃষ্টিৰে চাই আছে। এই দুই চুবুৰীয়াই সদায় কুকুৰাৰ ওপৰত চকু ৰাখিছিল বুলিও তেওঁ দাবী কৰে। জানকীয়েও অভিযোগ কৰে যে বুগলেই এদিন কুকুৰাটোক লৈ পলাবলৈ চেষ্টা কৰিছিল।

তাইৰ পোহনীয়া জন্তুটোৰ জীৱনক হৈ পৰাত জানকী চিন্তিত হৈ পৰিছে। কুকুৰাটো ঘৰতে নিজৰ লগতে ৰাখিবলৈ ধৰিলে। কিন্তু কোনো সমাধান নোলাল। জানকী এদিন কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই গৈছিল। দুপৰীয়া ঘৰলৈ উভতি অহাৰ পিছত তেওঁ দেখিলে যে কুকুৰাটো নাই। খৰখেদাকৈ বুগাল আৰু দুৰ্গাৰ ঘৰলৈ দৌৰি গ’ল।

বুগালৰ ঘৰত কুকুৰাটো বান্ধি থোৱা দেখিছিল বুলি জানকীয়ে দাবী কৰে। কুকুৰাটো কাটি খাবলৈ চেষ্টা কৰা হৈছিল বুলিও তেওঁ অভিযোগ কৰে। বাগলেৰ লগত কাজিয়া কৰি অৱশেষত তেওঁ নিজৰ পোহনীয়া জন্তুটোক ঘৰলৈ লৈ আহিল। জানকীয়ে আৰু দাবী কৰে যে কুকুৰাৰ ডিঙিত গভীৰ ঘাঁ আছে। ইয়াৰ পিছতে কুকুৰাৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিল জানকীয়ে।

ছত্তীশগড়ৰ ৰায়পুৰৰ ৰতনপুৰ থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ মতে, কুকুৰাক লৈ দুয়োপক্ষৰ মাজত হোৱা বিবাদ নিষ্পত্তিৰ বাবে চেষ্টা অব্যাহত আছে। ইয়াৰ পিছত যদি বিষয়টো সমাধান নহয় তেন্তে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ