--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াৰ বিৰুদ্ধে চলা আন্দোলনক এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনৰ ৰূপ দিয়াৰ প্ৰচেষ্টাৰে নতুন দিল্লীলৈ যোৱা ১১টা ৰাজনৈতিক দলে নতুন দিল্লীতে বহি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা কোনো অৱস্থাতে মানি নিলোৱাৰ হুংকাৰ দিয়ে৷ 

‘নিৰ্বাচন আয়োগ আৰু বিজেপি চৰকাৰ ভাই ভাই’ – এই অভিযোগেৰে আজি নতুন দিল্লীত সংবাদ মেলৰ আয়োজন কৰি ১১ টা বিৰোধী ৰাজনৈতিক দলৰ মঞ্চই অসমত হৈ থকা সমষ্টি পুনৰগঠন প্ৰক্ৰিয়া স্থগিত ৰখাৰ তেওঁলোকৰ পূৰ্বৰ দাবী পুনৰ ৰাজহুৱাকৈ উত্থাপন কৰাই নহয়, দেশৰ নিৰ্বাচন আয়োগকো নিৰপেক্ষভাৱে কাম কৰিবলৈ আহ্বান জনায়৷ 

‘বিৰোধী ঐক্য মঞ্চ, অসম’ নামেৰে গঠিত বিৰোধী দলসমূহৰ উমৈহতীয়া মঞ্চটোৰ মতে, দেশ তথা ৰাজ্যত একনায়কত্ববাদী শাসন ব্যৱস্থাৰ সূচনা কৰা বিজেপি দলৰ স্বাৰ্থৰ অনুকুলে কাম কৰিছে দেশৰ নিৰ্বাচনী আয়োগে৷ স্বতন্ত্ৰ সাংবিধানিক সংস্থা নিৰ্বাচন আয়োগে যদি শাসক দলৰ বাহিৰে আন কাৰো কথা নুশুনে আৰু কেৱল শাসক দলৰ স্বাৰ্থৰ অনুকুলে কাম কৰে, তেনেহ’লে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু বিপদজনক কাম আন একো হ’ব নোৱাৰে৷

উল্লেখযোগ্য যে যোৱা ২০ জুনৰ দিনা ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ অৰ্থে প্ৰকাশ কৰা খচৰাখনৰ বোৰোধিতাৰে ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ ঢৌ উঠিছে৷ বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহক বাদ দি বাকী প্ৰায় আটাইবোৰ দল-সংগঠনে সমষ্টি পুনৰগঠন প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ দাবী উত্থাপন কৰি আহিছে৷ উজনি অসমৰ পৰা বৰাক উপত্যকালৈ ৰাজ্যৰ চৌদিশে বিভিন্ন দল-সংগঠনে ৰাজপথৰ আন্দোলন অব্যাহত ৰাখিছে৷ তাৰ মাজতে ৰাজ্যৰ ১১টাকৈ বিৰোধী ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চই ভাৰতৰ নিৰ্বাচন আয়োগ আৰু দেশৰ আগশাৰীৰ বিৰোধী দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিবলৈ দুদিন পূৰ্বে নতুন দিল্লীলৈ যাত্ৰা কৰিছিল৷ সেই মৰ্মে তেওঁলোকে দলটোৱে কালি ভাৰতৰ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দিবলৈ গৈছিল যদিও নিৰ্বাচন আয়োগে দলটোক সাক্ষাৎ নিদিলে৷ তাৰ প্ৰতিবাদত ১১ টা ৰাজনৈতিক দলৰ নেতৃবৰ্গই কালি নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কাৰ্য্যসূচী পালন কৰে৷ তাৰ সমান্তৰালকৈ বিৰোধী ৰাজনৈতিক দলৰ মঞ্চই নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, চি পি আই দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডি ৰাজা আৰু চি পি আই এ এম দলৰ কেন্দ্ৰীয় নেতাদ্বয় নীলোৎপল বসু আৰু বি এ বেবীসহ কেইবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰৰাজনৈতিক নেতাক সাক্ষাৎ কৰি সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া সন্দৰ্ভত হৈ থকা অনিয়মসমূহৰ বিষয়ে অৱগত কৰে এই বিষয়ত উক্ত দলসমূহৰ সমৰ্থন বিচাৰে৷ 

তিনিদিনীয়া ভ্ৰমণসূচীৰ অন্তিম দিনা আজি দিল্লী প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰে বিৰোধী ঐক্যমঞ্চই৷ সংবাদমেলত বিৰোধী ঐক্যৰ হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চৰো সভাপতি  ভূপেন কুমাৰ বৰা, অসম জাতীয় পৰিষদৰ সভাপতি তথা ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ , ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিৰোধী উপদলপতি ৰকিবুল হুছেইন, সাংসদ অজিত কুমাৰ ভূঞা, সাংসদ গৌৰৱ গগৈ, চি পি আই (এম) দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ , চি পি আই দলৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সদস্য মুনীন মহন্ত, তৃণমূল কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বক্তব্য ৰাখে৷ 

সংবাদ মেলত নেতাসকলে সমষ্টি পুনৰ গঠনৰ খচৰাখন কোনো কাৰণতে মানি লোৱা নহ’ব বুলি পুনৰ স্পষ্ট কৰি দিয়ে ৷ আজি সম্বোধন কৰা এক সংবাদমেলত বিৰোধী দলসমূহৰ নেতৃত্বই এই নথা সদৰী কৰে ৷ বিৰোধী নেতৃত্বই অসমৰ সমষ্টি পুননিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগ বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিচালিত হোৱা বুলিও অভিযোগ কৰে ৷ যাৰবাবে নিৰ্বাচন আয়োগে বিৰোধী নেতৃবৰ্গক সাক্ষাৎ কৰিবলৈ বিচৰা নাই । সাংবিধানিক সংস্থা এটাক বিজেপিয়ে ব্যৱহাৰ কৰিবলৈ গৈ দেশৰ গণতান্ত্ৰিক পৰিকাঠামোত আঘাত কৰিছে ৷ সংবাদমেলত বিৰোধী নেতৃত্বই সমষ্টি পুননিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰি কয় যে যিহেতু ২০২৬ চনত সমগ্ৰ দেশতে সমষ্টি সমূহৰ সীমাৰ পুননিৰ্ধাৰণ হ'বই তেনে ক্ষেত্ৰত মাত্ৰ তিনিবছৰো কম থকা সময়ত অসমত এই দৌৰাদৌৰি কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ লগতে ২০১১ চনৰ লোকপিয়লৰ তথ্য মজুত থকাৰ পিছতো কি কাৰণত ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুননিৰ্ধাৰণ কৰিবলৈ গৈছে সেয়া সন্দেহৰ বিষয় ৷ 

সংবাদমেলত এই খচৰাখন খিলঞ্জীয়া বিৰোধী বুলিও অভিযোগ কৰে ৷ এই খচৰাৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহক ৰাজনৈতিকভাৱে হত্যা কৰিবলৈ বিচৰা হৈছে বুলিও বিৰোধী নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে ৷ অসমৰ জনসাধাৰণ এই খচৰাৰ বিৰোধী বুলি বিৰোধী দলসমূহৰ নেতৃত্বই সংবাদমেলত অৱগত কৰে ৷ 

ঐক্যমঞ্চৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰো সভাপতি ভূপেন বৰাই কয় যে নিৰ্বাচন আয়োগেএইটো মনত ৰখা উচিত যে বিৰোধী ৰাজনৈতিক দলসমূহেও দেশৰ জনগণক প্ৰতিনিধিত্ব কৰে আৰু জনগণৰ মনৰ কথা শুনাটো নিৰ্বাচন আয়োগৰ দায়িত্ব৷ নিৰ্বাচন আয়োগে কেৱল চৰকাৰ পক্ষৰ কথা শুনি কাম কৰিলে দেশত গণতন্ত্ৰ বৰ্তাই ৰখাটো টান হ’ব আৰু তাৰ দায়ভাৰ নিৰ্বাচন আয়োগে এৰাই চলিব নোৱাৰে৷

ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে সমষ্টি পুনৰ গঠনৰ বিৰোধিতা কৰাৰ কাৰণ সমূহ ব্যাখ্যা কৰি কয় যে ২০০৮ চনত মূলতঃ তিনিটা কাৰণত অসমত সমষ্টি পুনৰগঠন স্থগিত ৰখা হৈছিল৷ সেয়া হ’ল, ক) আইন-শৃঙ্খলা পৰিস্থিতি বেয়া কাৰণে জনশুনানি অনুষ্ঠিত কৰিব পৰা নাযাব; খ) প্ৰকাশিত খচৰাত জনগোষ্ঠীসমূহৰ উপযুক্ত প্ৰতিনিধিত্ব হোৱা নাই; আৰু গ) ভোটাৰ তালিকাত বিদেশীৰ নাম সোমাই আছে; এন আৰ চি নোহোৱাকৈ বিদেশী চিনাক্ত নহ’ব, গতিকে এন আৰ চি হোৱাৰ পিছতহে ডিলিমিটেচন হওক৷ উক্ত পৰিস্থিতি আজিও অব্যাহত আছে৷ এনে অৱস্থাত সমষ্টি পুনৰগঠন হ’লে অসমৰ ভোটাৰ তালিকা তথা সমষ্টিসমূহত লাখে লাখে বিদেশী সোমাই থকাটো নিশ্চিত৷ 
আনহাতে, ২০০৮ চনত অসমৰ লগতে স্থগিত হোৱা জম্মু-কাশ্মীৰৰৰ সমষ্টি পুনৰ গঠন ইতিমধ্যে সম্পন্ন হৈছে ২০১১ চনৰ লোকপিয়লক ভিত্তি হিচাপে লৈ৷ কিন্তু অসমৰ ক্ষেত্ৰত২০০১ চনকে ভিত্তি হিচাপে ল’ব বিচৰা হৈছে কাৰ স্বাৰ্থত৷ বিজেপি দলে নিজৰ ভোট বেংক সুৰক্ষিত কৰিবৰ বাবেহে এনেদৰে স্বেচ্ছাচাৰীভাৱে সমষ্টি পুনৰগঠন কৰোৱাব বিচাৰিছে বুলি গগৈয়ে মত প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে বিৰোধী দলসমূহৰ উমৈহতীয়া মঞ্চই দেশৰ অন্য আগশাৰীৰ দলসমূহৰ নেতাসকলকো এই বিষয়েঅৱগত কৰি সমৰ্থন বিচৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব আৰু এনেদৰে ইয়াক এটা ৰাষ্ট্ৰীয় আন্দোলনলৈ পৰ্যবসিত কৰাৰ প্ৰয়াস চলাব৷ লগতে নিৰ্বাচন আয়োগৰ উক্ত পদক্ষেপৰ বিৰুদ্ধে সমান্তৰালভাৱে আইনী যুঁজো অব্যাহত থাকিব বুলি গগৈয়ে মত প্ৰকাশ কৰে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
লামডিঙত ন'বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি উত্তাল প্ৰতিবাদ
প্ৰেমিকাক কোলাত বহুৱাই ৰাজপথত প্ৰেমিকৰ বাইক ষ্টাণ্ট! ৫৩,৫০০ টকাৰ জৰিমনা আৰক্ষীৰ
ভাৰতত নিষিদ্ধ পাকিস্তানী ক্ৰিকেটাৰ কিন্তু ভাৰতৰ বাহিৰত আম্বানী, আদানী, শ্বাহৰুখ খানৰ হৈ খেলি আছে এইসকল ক্ৰিকেটাৰে
পশ্চিম কাৰ্বিআংলঙত চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত