--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গেমিং এপ পাবজী খেলি খেলি ভাৰতীয় যুৱকৰ প্ৰেমত পৰাৰ পিছতে ভাৰতলৈ চাৰি সন্তানসহ পলাীই অহা পাকিস্তানী মহিলা সীমা হাইদৰীক নয়ডাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত শনিবাৰে তেওঁক কাৰাগাৰৰ পৰা জামিনত মুক্তি দিয়া হয়।ভাৰতীয় প্ৰেমিকৰ সৈতৈ থাকিবলৈ সীমাই  অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। জামিনত মুক্তি লাভ কৰাৰ পিছতে এক  সাক্ষাৎকাৰত সীমাই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ভাৰতত থাকিবলৈ অনুমতি দিবলৈ আবেদন জনাইছে।

সীমাই যোগী আদিত্যনাথক অনুৰোধ জনাই  কয় "অনুগ্ৰহ কৰি মোক শচীনৰ সৈতে ভাৰতত থাকিবলৈ দিয়ক। যদি আপোনালোকে মোক পাকিস্তানলৈ ঘূৰাই পঠিয়ায়, তাত মোক শিলগুটি দলিয়াই  হত্যা কৰিব। মই পাকিস্তানলৈ উভতি যোৱাতকৈ ইয়াতে মৰিব বিচাৰো," ।
'মোৰ পত্নী, সন্তানক ঘূৰাই আনিব': পাক কইনাৰ স্বামীয়ে ভাৰতক আহ্বান জনাইছে

ইপিনে পাকিস্তানত থকা সীমাৰ স্বামীয়ে এটা  ভিডিঅ'ৰ জৰিয়তে তেওঁৰ পত্নী আৰু সন্তানক ভাৰতৰ পৰা ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনাইছে। তেওঁ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পত্নী আৰু চাৰি সন্তানক পাকিস্তানলৈ ওভতাই পঠিওৱাত সহায় কৰিবলৈ আহ্বান  জনাইছে।সামীৰ স্বামী তথা পাকিস্তানৰ বাসিন্দা গোলাম হায়দৰ বৰ্তমান কৰ্মসূত্ৰে  চৌদি আৰৱত বাস কৰে। তাৰ পৰা, তেওঁ তেওঁৰ পত্নীৰ ঘটনাটো  জানিছিল । চৌদি আৰৱৰ পৰাই  গোলামে মোদীক আহ্বান জনাই ভিডিঅ’ প্ৰচাৰ কৰিছে।  ভিডিঅ' বাৰ্তাটোত  তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। 

পাকিস্তানী লোকজনে ভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতি কৃতজ্ঞতাও জ্ঞাপন কৰিছে। তেওঁ কৈছে যে তেওঁ ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে তেওঁৰ পত্নী আৰু সন্তানৰ সন্ধান পাইছে। 

পাবজী গেম খেলি খেলি এজন ভাৰতীয় যুৱকৰ সৈতে প্ৰেমত পৰিছিল  পাকিস্তানী মহিলা সীমা।  সেই প্ৰেমৰ বাবেই পাকিস্তানৰ মহিলাগৰকীয়ে  সীমান্তৰ বেৰ পাৰ হৈ ভাৰতলৈ  আহিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেওঁ অৱশ্যে অকলশৰীয়া নহয়। তেওঁ তেওঁৰ লগত নিজৰ চাৰিটা সন্তানো ভাৰতলৈ লৈ আহিছে।  

মহিলাগৰাকীয়ে  পাকিস্তানৰ পৰা পোনে পোনে  গ্ৰেটাৰ নয়ডালৈ আহিছিল। কিন্তু সেই প্ৰেমৰ সমাপ্তি বেছ সুখকৰ  হৈ নুঠিল।ভাৰতত অবৈধভাবে প্ৰৱেশ কৰাৰ অভিযোগত পাকিস্তানৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেটাৰ নয়ডাৰ উপায়ুক্ত চাদ মিয়াই কয়  যে পাকিস্তানী মহিলাগৰাকীয়ে পাবজী খেলি খেলি  নয়ডাৰ শচীন নামৰ যুৱক জনৰ প্ৰেমত পৰিছিল। 

তেওঁলোকৰ মাজত বহুদিন ধৰি বাৰ্তালাপ হৈছিল। লাহে লাহে বন্ধুত্ব গভীৰ হৈ পৰিছিল আৰু মহিলাগৰাকীয়ে প্ৰেমিক শচীনক লগ পাবলৈ  ঘৰৰ পৰা পলাই যোৱাৰ সিদ্ধান্ত লৈছিল। ভাৰতলৈ আহি পাক মহিলাগৰাকীয়ে শচীনৰ সৈতে এখন নতুন সংসাৰ আৰম্ভ কৰাৰ সপোন দেখিছিল। শচীনে গ্ৰেটাৰ নয়ডাত এটা ঘৰ ভাড়াত লৈছিল আৰু মহিলাগৰাকীৰ  সৈতে থাকিবলৈ আৰম্ভ কৰিছিল। কিন্তু মহিলাগৰাকীৰ ওচৰত ভাৰতত  থাকিবলৈ উপযুক্ত  নথিপত্ৰ নাছিল। সেয়ে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

মহিলাগৰাকীৰ লগতে  আৰু তেওঁৰ সংগী শচীনকো সোধা-পোছা কৰা হৈছে। আৰক্ষীয়ে মহিলাগৰাকীয়ে  পাকিস্তানৰ পৰা গ্ৰেটাৰ নয়ডালৈ অহা সঠিক উদ্দেশ্যটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে। আৰক্ষীয়ে জানিব পাৰিছে যে মহিলাগৰাকীয়ে যোৱা মাহত নেপালৰ মাজেৰে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁ বাছযোগে গ্ৰেটাৰ নয়ডাত উপস্থিত হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস