--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাত প্ৰদূষিত পানীত গা ধুই মৃত্যু হয় এজন কিশোৰৰ। সেই পানীৰ পৰাই তেওঁৰ মগজুত বীজাণু সংক্ৰমিত হৈছিল। সংক্ৰমণৰ বাবে কিশোৰজনৰ মৃত্যু হয়। চিকিৎসকে কয় যে পানীৰ পৰা মগজুৰ এই সংক্ৰমণ অত্যন্ত বিৰল।

শুকুৰবাৰে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে, এই সংক্ৰমণৰ নাম হৈছে প্ৰাইমেৰী এমোবিঅ’টিক মেনিংগ’এনচেফেলাইটিছ। ই এবিধ এমিবিক ৰোগ। ফলত এটি ১৫ বছৰীয়া ল’ৰাৰ মৃত্যু হয়। আলাপ্পুঝা জিলাৰ পানাৱল্লী অঞ্চলৰ বাসিন্দা তেওঁ। এই ৰোগত মৃত্যুৰ হাৰ ১০০ শতাংশ। এই পৰ্যন্ত এই ৰোগত আক্ৰান্ত কোনো লোকক ৰক্ষা পোৱা নাই।

জিলা প্ৰশাসনে সাধাৰণ ৰাইজক পানীৰ সন্দৰ্ভত সকীয়াই দিছে। কোনোৱে যাতে ক’তো দূষিত পানীত গা ধুব নোৱাৰে তাৰ বাবে এক অভিযান আৰম্ভ কৰা হৈছে।

চিকিৎসকৰ মতে এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল জ্বৰ, বমি, মূৰৰ বিষ আৰু কঁপনি। আৱদ্ধ পানীত জন্ম হোৱা এমিবাৰ দ্বাৰা সংক্ৰমণ বিয়পে। এই এমিবাবোৰ মুক্ত জীৱন আৰু পৰজীৱী। ই নাকৰ ফুটাৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰি মগজুত আক্ৰমণ কৰে।

২০১৬ চনত কেৰালাত এই ৰোগৰ প্ৰথমটো আলাপ্পুঝাত ধৰা পৰিছিল। ইয়াৰ পিছত ২০১৯ আৰু ২০২০ চনত মালাপ্পুৰম জিলাত দুজন লোক আক্ৰান্ত হৈছিল। ২০২০ আৰু ২০২২ চনত কোজিকোড আৰু থ্ৰিছুৰত আৰু দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান