--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাত প্ৰদূষিত পানীত গা ধুই মৃত্যু হয় এজন কিশোৰৰ। সেই পানীৰ পৰাই তেওঁৰ মগজুত বীজাণু সংক্ৰমিত হৈছিল। সংক্ৰমণৰ বাবে কিশোৰজনৰ মৃত্যু হয়। চিকিৎসকে কয় যে পানীৰ পৰা মগজুৰ এই সংক্ৰমণ অত্যন্ত বিৰল।

শুকুৰবাৰে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে, এই সংক্ৰমণৰ নাম হৈছে প্ৰাইমেৰী এমোবিঅ’টিক মেনিংগ’এনচেফেলাইটিছ। ই এবিধ এমিবিক ৰোগ। ফলত এটি ১৫ বছৰীয়া ল’ৰাৰ মৃত্যু হয়। আলাপ্পুঝা জিলাৰ পানাৱল্লী অঞ্চলৰ বাসিন্দা তেওঁ। এই ৰোগত মৃত্যুৰ হাৰ ১০০ শতাংশ। এই পৰ্যন্ত এই ৰোগত আক্ৰান্ত কোনো লোকক ৰক্ষা পোৱা নাই।

জিলা প্ৰশাসনে সাধাৰণ ৰাইজক পানীৰ সন্দৰ্ভত সকীয়াই দিছে। কোনোৱে যাতে ক’তো দূষিত পানীত গা ধুব নোৱাৰে তাৰ বাবে এক অভিযান আৰম্ভ কৰা হৈছে।

চিকিৎসকৰ মতে এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল জ্বৰ, বমি, মূৰৰ বিষ আৰু কঁপনি। আৱদ্ধ পানীত জন্ম হোৱা এমিবাৰ দ্বাৰা সংক্ৰমণ বিয়পে। এই এমিবাবোৰ মুক্ত জীৱন আৰু পৰজীৱী। ই নাকৰ ফুটাৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰি মগজুত আক্ৰমণ কৰে।

২০১৬ চনত কেৰালাত এই ৰোগৰ প্ৰথমটো আলাপ্পুঝাত ধৰা পৰিছিল। ইয়াৰ পিছত ২০১৯ আৰু ২০২০ চনত মালাপ্পুৰম জিলাত দুজন লোক আক্ৰান্ত হৈছিল। ২০২০ আৰু ২০২২ চনত কোজিকোড আৰু থ্ৰিছুৰত আৰু দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস