--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মল্লযোদ্ধাক  যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা বিজেপি সাংসদ তথা কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে আন্দোলনকাৰী মল্লযোদ্ধাসকলে উচ্চতম ন্যায়ালয়ত দাখিল কৰি  আবেদন৷ এনে সময়তে  দিল্লী আৰক্ষীয়ে বুধবাৰে উচ্চতম ন্যায়ালয়ক কয় যে ডব্লিউএফআই ৰ মুৰব্বীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ আগতে অধিক তদন্তৰ প্ৰয়োজন। 

দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহক লৈ গঠিত বিচাৰপীঠক কয় যে যদি শীৰ্ষ আদালতে অনুভৱ কৰে যে এখন এজাহাৰ দাখিল কৰিব লাগে  তেন্তে সেয়া কৰা হ'ব পাৰে। মেহতাই  কয়, "আমি প্ৰাথমিক ভাৱে অনুভৱ কৰোঁ যে এজাহাৰ পঞ্জীয়নৰ আগতে প্ৰাথমিক তদন্ত কৰাৰ প্ৰয়োজন আছে।" মেহতাই কয়  যে আদালতে বিচৰা স্বত্বেও এজাহাৰপঞ্জীয়ন কৰা হোৱা নাই জাতীয় ধাৰণা  আমি  সৃষ্টি নকৰোঁ। শীৰ্ষ আদালতে মঙলবাৰে দিল্লী আৰক্ষী আৰু আনসকলক যৌন নিৰ্যাতনৰ অভিযোগত ডব্লিউএফআই ৰ সভাপতিৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন বিচাৰি জাননী জাৰি কৰি কৈছিল যে বিষয়টো "গুৰুতৰ" আৰু এয়া  বিবেচনা কৰাটো  প্ৰয়োজন সাতগৰাকী মহিলা মল্লযোদ্ধাই উচ্চতম ন্যায়ালয়ত  আবেদনৰ জনাইছিল। মল্লযোদ্ধাসকলে ডব্লিউএফআইৰ বিৰুদ্ধে তেওঁলোকৰ অভিযোগ ৰাজহুৱা কৰাৰ পিছত  কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে দাবীসমূহৰ তদন্তৰ বাবে  এম চি মেৰী কমৰ নেতৃত্বত এখন পৰ্যৱেক্ষণ সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছিল। 

শেহতীয়াকৈ কেইবাজনো ৰাষ্ট্ৰীয় বঁটা বিজয়ী মল্লযোদ্ধাই  নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰি আছে৷ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত দেশৰ হৈ পদক অৰ্জন কৰা শীৰ্ষ মল্লযোদ্ধাসকলে কয় যে সিঙে মহিলা খেলুৱৈসকলক যৌন নিৰ্যাতন কৰা বুলি তেওঁলোকে কৰা  অভিযোগৰ কোনো গুৰুত্ব দিয়া হোৱা নাই৷ এই বিষয়ত  সঠিক তদন্ত হ’ব লাগিব৷  মল্লযোদ্ধা বজৰং পুনিয়াই দাবী কৰিছে যে ভুক্তভোগীসকলক উৎকোচ দিয়াৰ চেষ্টা কৰা হৈছে৷ 

প্ৰখ্যাত মল্লযোদ্ধাগৰাকীয়ে  দৃঢ়তাৰে কয়  যে যদি ডব্লিউএফআই প্ৰধানৰ ব্ৰজ ভূষণ সিঙৰ বিৰুদ্ধে তেওঁলোকৰ অভিযোগ ভুল প্ৰমাণিত হয় তেন্তে মল্লযোদ্ধাসকলে শাস্তিৰ সন্মুখীন হ'বলৈ সাজু আছে। তেওঁ কয় '' যেতিয়া আমি ন্যায় পাম তেতিয়াহে  আমি ইয়াৰ পৰা যাম। যদি আমাৰ দোষ আছে আমি শাস্তিৰ সন্মুখীন হ'বলৈ সাজু আছো। আমি আশা কৰোঁ যে উচ্চতম ন্যায়ালয়ে আমাক  ন্যায় প্ৰদান কৰিব আৰু আমি আইনী  নিৰ্দেশনা অনুসৰি আগবাঢ়িব পাৰিম"৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে