--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :দিল্লী উন্নয়ন সমিতিয়ে আগতীয়াকৈ কোনো জাননী  নিদিয়াকৈ কেৱল আৰবান চেলটাৰ ইমপ্ৰুভমেন্ট বৰ্ডৰ সৈতে আলোচনা কৰিয়েই দিল্লীৰ কিছু বস্তি অঞ্চলত উচ্ছেদ কৰিবলৈ লোৱা সিদ্ধান্তত হস্তক্ষেপ কৰিছে দিল্লী উচ্চতম ন্যায়ালয়ে৷ দিল্লী উচ্চ ন্যায়ালয়ে ৰায়দান কৰে যে, আগতীয়াকৈ জাননীপত্ৰ নিদিয়াকৈ প্ৰশাসনে বুলড’জাৰ লগাই উচ্ছেদ কৰিব নোৱাৰিব। 

ন্যায়াধীশক সুব্ৰমণিয়াম প্ৰসাদে কয় যে,  নতুন সংস্থাপিত হ’বলৈ পৰ্যাপ্ত সময় দিয়াৰ পিছতহে উচ্ছেদ কৰা উচিত।  লগতে উচ্ছেদৰ পূৰ্বে বস্তিটোৰ বাসিন্দা সকলক কিছু সময় দিবলৈয়ো নিৰ্দেশ দিয়ে৷

দিল্লী উচ্চ ন্যায়ালয়ে কয় যে দিল্লী উন্নয়ন সমিতিয়ে উচ্ছেদিত লোক সকলক সংস্থাপন কৰাৰ বাবে বিকল্প ব্যৱস্থা ল’ব লাগে আৰু তেওঁলোকক তিনিমাহৰ সময় দিব লাগে৷ শ্বাহৰপুৰ শ্লাম ইউনিয়নে দাখিল কৰা এখন আবেদনৰ ভিত্তিত দিল্লী উচ্চতম ন্যায়ালয়ে এই ৰায়দান দিয়ে৷ উক্ত আবেদনত অভিযোগ কৰা হৈছিল যে , যোৱা ২৫ জুন তাৰিখে  দিল্লী উন্নয়ন সমিতিয়ে আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ প্ৰায় ৩০০ টা বাসগৃহ উচ্ছেদ কৰিছিল৷ 

অধিবক্তা কুৱালপ্ৰিত সিঙৰ জৰিয়তে এই আবেদনখন দাখিল কৰা হৈছিল৷ এই আবেদনত উল্লেখ কৰা হৈছে যে দিল্লী উন্নয়ন সমিতিয়ে উচ্ছেদ চলোৱা জে জে বস্তি ১৯৮০ চনৰে পৰা আছে। ইয়াৰ নিৱাসী সকলৰ বেছিভাগেই বিহাৰ, উত্তৰ প্ৰদেশ আৰু বেঙ্গলৰ পৰা প্ৰব্ৰজন কৰা। তেওঁলোকৰ অধিক সংখ্যকেই শ্ৰমিক, জাৱৰ জোথৰ বোটলা লোক। কিছু সংখ্যকে অ’টো , ৰিক্সা চলাইয়ো জীৱিকা নিৰ্বাহ কৰে। 

দিল্লী উচ্চ ন্যায়ালয়ে আশা কৰিছে যে দিল্লী উন্নয়ন সমিতিয়ে ন্যায়ালয়ৰ উপদেশ সমূহ পালন কৰিব। অৱশ্যে উচ্ছেদ বন্ধ কৰাৰ বাবে আদেশ দিবলৈ ন্যায়ালয় অমান্তি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু