--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :দিল্লী উন্নয়ন সমিতিয়ে আগতীয়াকৈ কোনো জাননী  নিদিয়াকৈ কেৱল আৰবান চেলটাৰ ইমপ্ৰুভমেন্ট বৰ্ডৰ সৈতে আলোচনা কৰিয়েই দিল্লীৰ কিছু বস্তি অঞ্চলত উচ্ছেদ কৰিবলৈ লোৱা সিদ্ধান্তত হস্তক্ষেপ কৰিছে দিল্লী উচ্চতম ন্যায়ালয়ে৷ দিল্লী উচ্চ ন্যায়ালয়ে ৰায়দান কৰে যে, আগতীয়াকৈ জাননীপত্ৰ নিদিয়াকৈ প্ৰশাসনে বুলড’জাৰ লগাই উচ্ছেদ কৰিব নোৱাৰিব। 

ন্যায়াধীশক সুব্ৰমণিয়াম প্ৰসাদে কয় যে,  নতুন সংস্থাপিত হ’বলৈ পৰ্যাপ্ত সময় দিয়াৰ পিছতহে উচ্ছেদ কৰা উচিত।  লগতে উচ্ছেদৰ পূৰ্বে বস্তিটোৰ বাসিন্দা সকলক কিছু সময় দিবলৈয়ো নিৰ্দেশ দিয়ে৷

দিল্লী উচ্চ ন্যায়ালয়ে কয় যে দিল্লী উন্নয়ন সমিতিয়ে উচ্ছেদিত লোক সকলক সংস্থাপন কৰাৰ বাবে বিকল্প ব্যৱস্থা ল’ব লাগে আৰু তেওঁলোকক তিনিমাহৰ সময় দিব লাগে৷ শ্বাহৰপুৰ শ্লাম ইউনিয়নে দাখিল কৰা এখন আবেদনৰ ভিত্তিত দিল্লী উচ্চতম ন্যায়ালয়ে এই ৰায়দান দিয়ে৷ উক্ত আবেদনত অভিযোগ কৰা হৈছিল যে , যোৱা ২৫ জুন তাৰিখে  দিল্লী উন্নয়ন সমিতিয়ে আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ প্ৰায় ৩০০ টা বাসগৃহ উচ্ছেদ কৰিছিল৷ 

অধিবক্তা কুৱালপ্ৰিত সিঙৰ জৰিয়তে এই আবেদনখন দাখিল কৰা হৈছিল৷ এই আবেদনত উল্লেখ কৰা হৈছে যে দিল্লী উন্নয়ন সমিতিয়ে উচ্ছেদ চলোৱা জে জে বস্তি ১৯৮০ চনৰে পৰা আছে। ইয়াৰ নিৱাসী সকলৰ বেছিভাগেই বিহাৰ, উত্তৰ প্ৰদেশ আৰু বেঙ্গলৰ পৰা প্ৰব্ৰজন কৰা। তেওঁলোকৰ অধিক সংখ্যকেই শ্ৰমিক, জাৱৰ জোথৰ বোটলা লোক। কিছু সংখ্যকে অ’টো , ৰিক্সা চলাইয়ো জীৱিকা নিৰ্বাহ কৰে। 

দিল্লী উচ্চ ন্যায়ালয়ে আশা কৰিছে যে দিল্লী উন্নয়ন সমিতিয়ে ন্যায়ালয়ৰ উপদেশ সমূহ পালন কৰিব। অৱশ্যে উচ্ছেদ বন্ধ কৰাৰ বাবে আদেশ দিবলৈ ন্যায়ালয় অমান্তি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ