--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষভাৱে জনপ্ৰিয়৷ তেওঁৰ এই জনপ্ৰিয়তাৰ এতিয়া সুযোগ লৈছে উত্তৰাখণ্ডৰ চৰকাৰে৷ কৰবেট টাইগাৰ ৰিৰ্জাভত মোদী চাৰ্কিট গঢ়াৰ পৰিকল্পনা কৰিছে উত্তৰাখণ্ডৰ চৰকাৰে৷ ২০১৯ চনত “মেন ভাৰ্ছেচ ৱাইল্ড” ৰ এটি খণ্ডৰ দৃশ্য গ্ৰহণৰ বাবে উত্তৰাখণ্ডৰ এই অভয়াৰণ্যখন ভ্ৰমণ কৰিছিল নৰেন্দ্ৰ মোডী আৰু বিয়েৰ গ্ৰিলছে৷ মেন ভাৰ্ছেচ ৱাইল্ডৰ বাবে বহুকেইটা দুঃসাহসী কামো কৰিছিল নৰেন্দ্ৰ মোডীয়ে। আনকি দৃশ্যগ্ৰহণৰ সময়ত টাইগাৰ ৰিজাৰ্ভৰ মাজেদি পাৰ হৈ যোৱা   ভুৰত উঠি ক’চি নদী পাৰ হৈছিল দুয়ো৷ 

 নৰেন্দ্ৰ মোডী আৰু বিয়েৰ গ্ৰীলছে ভ্ৰমণ কৰা ঠাইসমূহ এতিয়া “মোদী চাৰ্কিট” ৰূপে গঢ়ি তুলিব উত্তৰাখণ্ডৰ চৰকাৰে৷ পৰ্যটকৰ বাবে টাইগাৰ ৰিজাৰ্ভখন অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে৷ 
 
ইউৰোপৰ ক্ৰোয়েচিয়ালৈ বহু পৰ্যটক গেম অফ থ্ৰ’নৰ দৃশ্যগ্ৰহণ কৰা ঠাই চাবলৈ যায়৷ ইয়াৰ পৰাই উত্তৰাখণ্ডৰ পৰ্যটন বিভাগৰ মন্ত্ৰী সতপল মহাৰাজে মোদী চাৰ্কিট গঢ়ি তুলিবলৈ উৎসাহ লাভ কৰিলে বুলি সংবাদ মাধ্যমত চৰ্চা হৈছে৷ অৱশ্যে ইয়াৰ পূৰ্বতেও মা ভাগৱতী , শিৱ, বিষ্ণু, নৱ-গ্ৰহ, হনুমান আদি চাৰ্কিট গঢ়ি তুলিছে পৰ্যটন মন্ত্ৰী গৰাকীয়ে৷
 
পৰ্যটকক আকৰ্ষণ কৰিবলৈ উত্তৰাখণ্ডৰ চৰকাৰে লোৱা এই পদক্ষেপে এতিয়া যথেষ্ট আমোদৰো সৃষ্টি কৰিছে৷ ভাৰতত এনে পদক্ষেপৰ উদাহৰণ বিৰল৷ আনৰ দেশৰ দৰে ভাৰতৰো পৰ্যটন উদ্যোগটোক টনকিয়াল কৰিবলৈ এনে পদক্ষেপৰ যথেষ্ট প্ৰয়োজনীয়তা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ