--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষভাৱে জনপ্ৰিয়৷ তেওঁৰ এই জনপ্ৰিয়তাৰ এতিয়া সুযোগ লৈছে উত্তৰাখণ্ডৰ চৰকাৰে৷ কৰবেট টাইগাৰ ৰিৰ্জাভত মোদী চাৰ্কিট গঢ়াৰ পৰিকল্পনা কৰিছে উত্তৰাখণ্ডৰ চৰকাৰে৷ ২০১৯ চনত “মেন ভাৰ্ছেচ ৱাইল্ড” ৰ এটি খণ্ডৰ দৃশ্য গ্ৰহণৰ বাবে উত্তৰাখণ্ডৰ এই অভয়াৰণ্যখন ভ্ৰমণ কৰিছিল নৰেন্দ্ৰ মোডী আৰু বিয়েৰ গ্ৰিলছে৷ মেন ভাৰ্ছেচ ৱাইল্ডৰ বাবে বহুকেইটা দুঃসাহসী কামো কৰিছিল নৰেন্দ্ৰ মোডীয়ে। আনকি দৃশ্যগ্ৰহণৰ সময়ত টাইগাৰ ৰিজাৰ্ভৰ মাজেদি পাৰ হৈ যোৱা   ভুৰত উঠি ক’চি নদী পাৰ হৈছিল দুয়ো৷ 

 নৰেন্দ্ৰ মোডী আৰু বিয়েৰ গ্ৰীলছে ভ্ৰমণ কৰা ঠাইসমূহ এতিয়া “মোদী চাৰ্কিট” ৰূপে গঢ়ি তুলিব উত্তৰাখণ্ডৰ চৰকাৰে৷ পৰ্যটকৰ বাবে টাইগাৰ ৰিজাৰ্ভখন অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে৷ 
 
ইউৰোপৰ ক্ৰোয়েচিয়ালৈ বহু পৰ্যটক গেম অফ থ্ৰ’নৰ দৃশ্যগ্ৰহণ কৰা ঠাই চাবলৈ যায়৷ ইয়াৰ পৰাই উত্তৰাখণ্ডৰ পৰ্যটন বিভাগৰ মন্ত্ৰী সতপল মহাৰাজে মোদী চাৰ্কিট গঢ়ি তুলিবলৈ উৎসাহ লাভ কৰিলে বুলি সংবাদ মাধ্যমত চৰ্চা হৈছে৷ অৱশ্যে ইয়াৰ পূৰ্বতেও মা ভাগৱতী , শিৱ, বিষ্ণু, নৱ-গ্ৰহ, হনুমান আদি চাৰ্কিট গঢ়ি তুলিছে পৰ্যটন মন্ত্ৰী গৰাকীয়ে৷
 
পৰ্যটকক আকৰ্ষণ কৰিবলৈ উত্তৰাখণ্ডৰ চৰকাৰে লোৱা এই পদক্ষেপে এতিয়া যথেষ্ট আমোদৰো সৃষ্টি কৰিছে৷ ভাৰতত এনে পদক্ষেপৰ উদাহৰণ বিৰল৷ আনৰ দেশৰ দৰে ভাৰতৰো পৰ্যটন উদ্যোগটোক টনকিয়াল কৰিবলৈ এনে পদক্ষেপৰ যথেষ্ট প্ৰয়োজনীয়তা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু