--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ দাবী, মৃত্যু হৈছে আল-জাৱাহিৰী। দেওবাৰে কাবুলৰ ঘাটিত বাৰান্দাত থিয় হৈ থকা অৱস্থাত ড্ৰ’ন আক্ৰমণত নিহত হৈছিল আল-জাৱাহিৰিৰ। আমেৰিকাই জনোৱা অনুসৰি ওছামা বিন লাদেনৰ হত্যাৰ পাছত আল-কায়দাৰ বাবে আটাইতকৈ ডাঙৰ আঘাত আল-জাৱাহিৰিৰ মৃত্যু। কিন্তু আমেৰিকাৰ এই দাবী নস্যাৎ কৰিছে তালিবানে।

তালিবানৰ মতে আমেৰিকাৰ হাতত কোনো প্ৰমাণ নাই। কিন্তু ইয়াৰ বিপৰীতে আমেৰিকাৰ দাবী, যুক্তৰাষ্ট্ৰৰ দ্ৰোন আক্ৰমণৰ পাছত নীৰৱ ভূমিকা গ্ৰহণ কৰিছে তালিবানসকলে। আফগানিস্তানৰ ৰাজধানী কাবুলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়াৰষ্টিকত আল-কায়দাৰ মুৰব্বী আল-জাৱাহিৰিৰ হত্যাৰ বাতৰিত তালিবান হতবাক হৈ পৰিছে। কিন্তু তালিবানে নিজেই নাজানে যে অল-জাৱাহিৰি কাবুলত আছিল। সেয়েহে অল-জাৱাহিৰিৰ হত্যাই আফগানিস্তানত তালিবানৰ বিশ্বাসযোগ্যতাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে। 

যাৰ ফলত তেওঁলোকৰ চৰকাৰৰ স্বীকৃতি আৰু পলম হ’ব পাৰে। সেয়েহে তালিবানে এতিয়া ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ এটা নতুন উপায় উলিয়াইছে। ৰাষ্ট্ৰসংঘত তালিবানৰ প্ৰতিনিধি সুহাইল শ্বাহিনৰ মন্তব্য যে ‘চৰকাৰ আৰু নেতৃত্বই কি দাবী কৰা হৈছে সেই বিষয়ে অৱগত নহয়। লগতে মৃত্যুৰ কোনো প্ৰমাণ নাই।” আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাবীত কিমান সত্যতা আছে জানিবলৈ তদন্ত চলি আছে, ‘তদন্তৰ ফলাফল অতিশীঘ্ৰে ৰাজহুৱা কৰা হ'ব। লগতে তালিবানে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোন আক্ৰমণৰ প্ৰতি কেনেদৰে প্ৰতিক্ৰিয়া দিব লাগে তাৰ বাবেও আলোচনা কৰা বুলি শ্বাহিনে জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ