--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ দাবী, মৃত্যু হৈছে আল-জাৱাহিৰী। দেওবাৰে কাবুলৰ ঘাটিত বাৰান্দাত থিয় হৈ থকা অৱস্থাত ড্ৰ’ন আক্ৰমণত নিহত হৈছিল আল-জাৱাহিৰিৰ। আমেৰিকাই জনোৱা অনুসৰি ওছামা বিন লাদেনৰ হত্যাৰ পাছত আল-কায়দাৰ বাবে আটাইতকৈ ডাঙৰ আঘাত আল-জাৱাহিৰিৰ মৃত্যু। কিন্তু আমেৰিকাৰ এই দাবী নস্যাৎ কৰিছে তালিবানে।

তালিবানৰ মতে আমেৰিকাৰ হাতত কোনো প্ৰমাণ নাই। কিন্তু ইয়াৰ বিপৰীতে আমেৰিকাৰ দাবী, যুক্তৰাষ্ট্ৰৰ দ্ৰোন আক্ৰমণৰ পাছত নীৰৱ ভূমিকা গ্ৰহণ কৰিছে তালিবানসকলে। আফগানিস্তানৰ ৰাজধানী কাবুলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়াৰষ্টিকত আল-কায়দাৰ মুৰব্বী আল-জাৱাহিৰিৰ হত্যাৰ বাতৰিত তালিবান হতবাক হৈ পৰিছে। কিন্তু তালিবানে নিজেই নাজানে যে অল-জাৱাহিৰি কাবুলত আছিল। সেয়েহে অল-জাৱাহিৰিৰ হত্যাই আফগানিস্তানত তালিবানৰ বিশ্বাসযোগ্যতাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে। 

যাৰ ফলত তেওঁলোকৰ চৰকাৰৰ স্বীকৃতি আৰু পলম হ’ব পাৰে। সেয়েহে তালিবানে এতিয়া ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ এটা নতুন উপায় উলিয়াইছে। ৰাষ্ট্ৰসংঘত তালিবানৰ প্ৰতিনিধি সুহাইল শ্বাহিনৰ মন্তব্য যে ‘চৰকাৰ আৰু নেতৃত্বই কি দাবী কৰা হৈছে সেই বিষয়ে অৱগত নহয়। লগতে মৃত্যুৰ কোনো প্ৰমাণ নাই।” আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাবীত কিমান সত্যতা আছে জানিবলৈ তদন্ত চলি আছে, ‘তদন্তৰ ফলাফল অতিশীঘ্ৰে ৰাজহুৱা কৰা হ'ব। লগতে তালিবানে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোন আক্ৰমণৰ প্ৰতি কেনেদৰে প্ৰতিক্ৰিয়া দিব লাগে তাৰ বাবেও আলোচনা কৰা বুলি শ্বাহিনে জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু