--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘ঈশ্বৰে মোৰ ব্ৰাৰ জোখ লৈ আছে।’ এগৰাকী অভিনেত্ৰীৰ এই মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইয়াকে লৈ এতিয়া ব্যাপক বিতৰ্কয়ো পোখা মেলিছে। এই অদ্ভূত মন্তব্য কৰিছিল দূৰদৰ্শনৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে৷ পিছে এই মন্তব্যৰ বাবেই এতিয়া সমস্যাত পৰিছে অভিনেত্ৰীগৰাকী। 'ঈশ্বৰে মোৰ ব্ৰাৰ জোখ লৈ আছে... বুলি কৰা মন্তব্যৰ বাবেই শ্বেতাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। ভূপালৰ শ্যামলা পাহাৰ আৰক্ষী থানাত শ্বেতা তিৱাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৫(ক) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। শ্বেতাৰ বিৰুদ্ধে এনে ধৰণৰ মন্তব্য দি ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত ৰুজু হৈছে এই গোচৰ। দৰাচলতে, শ্বেতা তিৱাৰীয়ে ফেশ্বন সম্পৰ্কীয় ৱেবছিৰিজ ঘোষণা কৰিবলৈ তাৰকা কলাকুশলী আৰু প্ৰযোজনা দলৰ সৈতে ভূপালত উপস্থিত হৈছিল। তেনে সময়তে, শ্বেতা তিৱাৰীয়ে মঞ্চত এক আলোচনা অনুষ্ঠানত ধেমালি কৰি এটা বিতৰ্কিত মন্তব্য কৰিছিল। এক বিতৰ্কিত বিবৃতিত শ্বেতা তিৱাৰীয়ে কয়- 'মোৰ ব্ৰাৰ জোখ ঈশ্বৰে লৈ আছে।' শ্বেতাৰ কৰা এই মন্তব্যৰ পাছত, বিতৰ্ক আৰম্ভ হৈছে। শ্বেতাৰ ভিডিঅ' দ্ৰুতগতিত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী ড০ নৰোত্তম মিশ্ৰই শ্বেতাৰ বক্তব্যক গৰিহণা দিছিল আৰু কৈছিল যে তেওঁ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু