--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘ঈশ্বৰে মোৰ ব্ৰাৰ জোখ লৈ আছে।’ এগৰাকী অভিনেত্ৰীৰ এই মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইয়াকে লৈ এতিয়া ব্যাপক বিতৰ্কয়ো পোখা মেলিছে। এই অদ্ভূত মন্তব্য কৰিছিল দূৰদৰ্শনৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে৷ পিছে এই মন্তব্যৰ বাবেই এতিয়া সমস্যাত পৰিছে অভিনেত্ৰীগৰাকী। 'ঈশ্বৰে মোৰ ব্ৰাৰ জোখ লৈ আছে... বুলি কৰা মন্তব্যৰ বাবেই শ্বেতাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। ভূপালৰ শ্যামলা পাহাৰ আৰক্ষী থানাত শ্বেতা তিৱাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৫(ক) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। শ্বেতাৰ বিৰুদ্ধে এনে ধৰণৰ মন্তব্য দি ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত ৰুজু হৈছে এই গোচৰ। দৰাচলতে, শ্বেতা তিৱাৰীয়ে ফেশ্বন সম্পৰ্কীয় ৱেবছিৰিজ ঘোষণা কৰিবলৈ তাৰকা কলাকুশলী আৰু প্ৰযোজনা দলৰ সৈতে ভূপালত উপস্থিত হৈছিল। তেনে সময়তে, শ্বেতা তিৱাৰীয়ে মঞ্চত এক আলোচনা অনুষ্ঠানত ধেমালি কৰি এটা বিতৰ্কিত মন্তব্য কৰিছিল। এক বিতৰ্কিত বিবৃতিত শ্বেতা তিৱাৰীয়ে কয়- 'মোৰ ব্ৰাৰ জোখ ঈশ্বৰে লৈ আছে।' শ্বেতাৰ কৰা এই মন্তব্যৰ পাছত, বিতৰ্ক আৰম্ভ হৈছে। শ্বেতাৰ ভিডিঅ' দ্ৰুতগতিত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী ড০ নৰোত্তম মিশ্ৰই শ্বেতাৰ বক্তব্যক গৰিহণা দিছিল আৰু কৈছিল যে তেওঁ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ