--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত আৰম্ভ হৈছে  ১১সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল। অহা ২৪ ডিচেম্বৰলৈ বৰ্ণিল সংস্কৃতি, বৈচিত্ৰময় খাদ্য আৰু সৃজনীশীলতা একত্ৰীকৰণৰ জীৱন্ত মঞ্চলৈ ৰূপান্তৰিত হ'ব নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাকৰি। শুকুৰবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিৰ নেতৃত্বত উদ্বোধনী অনুষ্ঠানত বিভিন্ন বিভাগীয় প্ৰতিনিধিসকল উপস্থিতি থাকে। লেখিয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বৰ্ধিত প্ৰভাৱক স্বীকৃতি দি মন্তব্য কৰে, "নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীৰ সৰ্ববৃহৎ আৰু ধুনীয়া অনুষ্ঠান। এই অনুষ্ঠান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট নীতিৰ সৈতে সংগতিপূৰ্ণ। যাৰ ফলত উদ্যোগ, পৰ্যটন, সংস্কৃতি আৰু বাণিজ্যত যথেষ্ট ইতিবাচক পৰিৱৰ্তন দেখা গৈছে। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পোৱা যোগাযোগৰ অগ্ৰগতিয়ে অঞ্চলটোৰ সৈতে ব্যৱধান দূৰ কৰিলে। এই ফেষ্টিভেলে সজাগতা সৃষ্টি, অঞ্চলটোৰ সম্ভাৱনা বৃদ্ধি আৰু সংযোগ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।"

লেখিয়ে লগতে কয় যে "উত্তৰ-পূৰ্বাঞ্চল বৰ্তমান যথেষ্ট সুৰক্ষিত আৰু আন্তঃগাঁথনি পৰ্যটনৰ বাবে সাজু। মই সকলোকে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ আৰু তেওঁলোকৰ জীৱনকালত কমেও এবাৰ ইয়াৰ সংস্কৃতি, ঐতিহ্য আৰু বন্যজীৱনৰ অভিজ্ঞতা ল'বলৈ অনুৰোধ জনাইছো" 

উত্তৰ-পূৰ্বাঞ্চল আৰু সমগ্ৰ ভাৰতৰ ট্যুৰ অপাৰেটৰ আৰু ষ্টেকহল্ডাৰসকলৰ অংশগ্ৰহণেৰে প্ৰথম দিনটোত এখন গুৰুত্বপূৰ্ণ বি২বি পৰ্যটন বৈঠক অনুষ্ঠিত হয়। অসম, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাৰ পৰ্যটন প্ৰতিনিধিসকলৰ আলোচনাই বিষয়বস্তুত গভীৰতা প্ৰদান কৰে। আনহাতে ভাৰতৰ স্থানীয় ট্যুৰ অপাৰেটৰ সংস্থাৰ সভাপতি পি পি খান্নাই বিভিন্ন পৰ্যটন খণ্ডৰ বাবে অঞ্চলটোত অব্যৱহৃত সম্ভাৱনাৰ কথা উল্লেখ কৰি উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিভিন্ন পৰ্যটকৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত উৎসৱৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে ভাৰতৰ দুঃসাহসিক ট্যুৰ অপাৰেটৰ সংস্থাৰ প্ৰাক্তন সভাপতি কেপ্টেইন স্বদেশ কুমাৰে উত্তৰ পূৰ্বাঞ্চলৰ কম জনপ্ৰিয় আৰু কিছু ব্যতিক্ৰমী স্থানসমূহৰ বিষয়ত আলোকপাত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। তেওঁ বিপদ সংকুল পৰ্যটনক অধিক প্ৰচাৰ কৰিবলৈ সুৰক্ষা নিৰ্দেশনাৰ সৈতে এক পৃথক দুঃসাহসিক নীতিৰ পৰামৰ্শ দিয়ে। মে ফেয়াৰ হোটেল এণ্ড ৰিজৰ্টৰ উপ মহাপ্ৰৱন্ধক পুণ্যানন্দ ঠাকুৰে উত্তৰ-পূৰ্বাঞ্চলত বিলাসী আৱাসৰ বৰ্ধিত চাহিদাৰ বিষয়ে উল্লেখ কৰি এনে আৱাসৰ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে।

ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যামকানু মহন্তই কয়,"নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীৰ পৰ্যটন উৎসৱলৈ পৰিণত হৈছে। যি উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণিল সংস্কৃতিৰ আভাস দিয়ে। এই বছৰ খ্ৰীষ্টমাছৰ হৰ্ষোল্লাসৰ সৈতে আমি কৃষি, হস্ততাঁত, হস্তশিল্প আৰু খাদ্য সামগ্ৰীৰ চমকপ্ৰদ প্ৰদৰ্শন কৰি যোৱা বছৰৰ ১ লাখ দৰ্শনাৰ্থীৰ সংখ্যা অতিক্ৰম কৰিবলৈ সাজু। এইবাৰ মেঘালয় আৰু মিজোৰামৰ ৱাইন, অসমৰ চাহ আৰু নাগালেণ্ডৰ কফিৰ প্ৰসাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।" মহন্তই পাছলৈ দিল্লী ট্যুৰ অপাৰেটৰসকলৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰে আৰু অঞ্চলটোৰ নতুন উদ্যোগীসকলৰ সৈতে পৰিচয় কৰাই দিবলৈ বি২বি বৈঠকৰ দ্বৈত উদ্দেশ্যৰ কথা উল্লেখ কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ৰক্ষণাবেক্ষণ, উৎকৃষ্ট সংযোগ আৰু শ্ৰেষ্ঠ বাসস্থানৰ সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বৰ্তমানৰ চৰকাৰৰ উৎকৃষ্ট নেতৃত্বৰ প্ৰশংসা কৰে।

শিকিৰবাৰে সাংস্কৃতিক  অনুষ্ঠানত  অসমৰ জনপ্ৰিয়  গায়ক পাপনৰ অনুষ্ঠানৰ লগতে ডেলং পাডুং, অল দ্য গ্ৰেটছ, শ্বেডি মেলো, আৰু অনুষ্কা মাস্কিৰ দৰে বেণ্ড আৰু ডি জে টনীয়ে অনুষ্ঠান পৰিবেশন কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement