--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত আৰম্ভ হৈছে  ১১সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল। অহা ২৪ ডিচেম্বৰলৈ বৰ্ণিল সংস্কৃতি, বৈচিত্ৰময় খাদ্য আৰু সৃজনীশীলতা একত্ৰীকৰণৰ জীৱন্ত মঞ্চলৈ ৰূপান্তৰিত হ'ব নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাকৰি। শুকুৰবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিৰ নেতৃত্বত উদ্বোধনী অনুষ্ঠানত বিভিন্ন বিভাগীয় প্ৰতিনিধিসকল উপস্থিতি থাকে। লেখিয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বৰ্ধিত প্ৰভাৱক স্বীকৃতি দি মন্তব্য কৰে, "নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীৰ সৰ্ববৃহৎ আৰু ধুনীয়া অনুষ্ঠান। এই অনুষ্ঠান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট নীতিৰ সৈতে সংগতিপূৰ্ণ। যাৰ ফলত উদ্যোগ, পৰ্যটন, সংস্কৃতি আৰু বাণিজ্যত যথেষ্ট ইতিবাচক পৰিৱৰ্তন দেখা গৈছে। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পোৱা যোগাযোগৰ অগ্ৰগতিয়ে অঞ্চলটোৰ সৈতে ব্যৱধান দূৰ কৰিলে। এই ফেষ্টিভেলে সজাগতা সৃষ্টি, অঞ্চলটোৰ সম্ভাৱনা বৃদ্ধি আৰু সংযোগ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।"

লেখিয়ে লগতে কয় যে "উত্তৰ-পূৰ্বাঞ্চল বৰ্তমান যথেষ্ট সুৰক্ষিত আৰু আন্তঃগাঁথনি পৰ্যটনৰ বাবে সাজু। মই সকলোকে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ আৰু তেওঁলোকৰ জীৱনকালত কমেও এবাৰ ইয়াৰ সংস্কৃতি, ঐতিহ্য আৰু বন্যজীৱনৰ অভিজ্ঞতা ল'বলৈ অনুৰোধ জনাইছো" 

উত্তৰ-পূৰ্বাঞ্চল আৰু সমগ্ৰ ভাৰতৰ ট্যুৰ অপাৰেটৰ আৰু ষ্টেকহল্ডাৰসকলৰ অংশগ্ৰহণেৰে প্ৰথম দিনটোত এখন গুৰুত্বপূৰ্ণ বি২বি পৰ্যটন বৈঠক অনুষ্ঠিত হয়। অসম, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাৰ পৰ্যটন প্ৰতিনিধিসকলৰ আলোচনাই বিষয়বস্তুত গভীৰতা প্ৰদান কৰে। আনহাতে ভাৰতৰ স্থানীয় ট্যুৰ অপাৰেটৰ সংস্থাৰ সভাপতি পি পি খান্নাই বিভিন্ন পৰ্যটন খণ্ডৰ বাবে অঞ্চলটোত অব্যৱহৃত সম্ভাৱনাৰ কথা উল্লেখ কৰি উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিভিন্ন পৰ্যটকৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত উৎসৱৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে ভাৰতৰ দুঃসাহসিক ট্যুৰ অপাৰেটৰ সংস্থাৰ প্ৰাক্তন সভাপতি কেপ্টেইন স্বদেশ কুমাৰে উত্তৰ পূৰ্বাঞ্চলৰ কম জনপ্ৰিয় আৰু কিছু ব্যতিক্ৰমী স্থানসমূহৰ বিষয়ত আলোকপাত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। তেওঁ বিপদ সংকুল পৰ্যটনক অধিক প্ৰচাৰ কৰিবলৈ সুৰক্ষা নিৰ্দেশনাৰ সৈতে এক পৃথক দুঃসাহসিক নীতিৰ পৰামৰ্শ দিয়ে। মে ফেয়াৰ হোটেল এণ্ড ৰিজৰ্টৰ উপ মহাপ্ৰৱন্ধক পুণ্যানন্দ ঠাকুৰে উত্তৰ-পূৰ্বাঞ্চলত বিলাসী আৱাসৰ বৰ্ধিত চাহিদাৰ বিষয়ে উল্লেখ কৰি এনে আৱাসৰ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে।

ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যামকানু মহন্তই কয়,"নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীৰ পৰ্যটন উৎসৱলৈ পৰিণত হৈছে। যি উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণিল সংস্কৃতিৰ আভাস দিয়ে। এই বছৰ খ্ৰীষ্টমাছৰ হৰ্ষোল্লাসৰ সৈতে আমি কৃষি, হস্ততাঁত, হস্তশিল্প আৰু খাদ্য সামগ্ৰীৰ চমকপ্ৰদ প্ৰদৰ্শন কৰি যোৱা বছৰৰ ১ লাখ দৰ্শনাৰ্থীৰ সংখ্যা অতিক্ৰম কৰিবলৈ সাজু। এইবাৰ মেঘালয় আৰু মিজোৰামৰ ৱাইন, অসমৰ চাহ আৰু নাগালেণ্ডৰ কফিৰ প্ৰসাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।" মহন্তই পাছলৈ দিল্লী ট্যুৰ অপাৰেটৰসকলৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰে আৰু অঞ্চলটোৰ নতুন উদ্যোগীসকলৰ সৈতে পৰিচয় কৰাই দিবলৈ বি২বি বৈঠকৰ দ্বৈত উদ্দেশ্যৰ কথা উল্লেখ কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ৰক্ষণাবেক্ষণ, উৎকৃষ্ট সংযোগ আৰু শ্ৰেষ্ঠ বাসস্থানৰ সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বৰ্তমানৰ চৰকাৰৰ উৎকৃষ্ট নেতৃত্বৰ প্ৰশংসা কৰে।

শিকিৰবাৰে সাংস্কৃতিক  অনুষ্ঠানত  অসমৰ জনপ্ৰিয়  গায়ক পাপনৰ অনুষ্ঠানৰ লগতে ডেলং পাডুং, অল দ্য গ্ৰেটছ, শ্বেডি মেলো, আৰু অনুষ্কা মাস্কিৰ দৰে বেণ্ড আৰু ডি জে টনীয়ে অনুষ্ঠান পৰিবেশন কৰে৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন